অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ভাৰতৰ ক’ভিড-১৯ বিৰোধী যুঁজলৈ সমৰ্থনেৰে লাইফলাইন উড়ানৰ অধীনত ৪১৫খন বিমান চলাচল কৰা হৈছে

Posted On: 30 APR 2020 6:54PM by PIB Guwahati

লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪১৫খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৪১খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৭৭৯.৮৬টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ৪,০৭,১৩৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ৰ অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷

 

২৯ এপ্ৰিল, ২০২০লৈকে পৱন হংস হেলিকপ্তাৰে ৭,২৫৭ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি ২.০ টন সামগ্ৰী পৰিবহণ কৰিছে৷ এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই উত্তৰ-পূ্ৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু দ্বীপপুঞ্জসমূহক বিশেষ প্ৰাধান্য দিছে৷

 

ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, ইণ্ডিগ’ আৰু ভিষ্টাৰাই বাণিজ্যিক ভিত্তিত কাৰ্গ’ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ স্পাইচজেটে ৬৮৩খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ১১,৮৪,১০৭ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৪,৯৪০ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ২৪৫ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে দেশৰ ভিতৰতে ২৩৩ বিমান চলাচল কৰি ২,৫৩,৬৩১ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ৩,৯৩২ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ১৮বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ৬৪খন কাৰ্গ’ বিমান চলাচল কৰি ১,০১,৯৮৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ২৬৯টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৭খন কাৰ্গ’ বিমান চলাচল কৰি ২৪,১৪১ কিলোমিটাৰ অতিক্ৰমেৰে ১২৩টন সামগ্ৰী সৰবৰাহ কৰিছে৷

পূব এছিয়ালৈ ঔষধ-পাতি, চিকিসা সামগ্ৰী আৰু ক’ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গ’ এয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ২৯ এপ্ৰিললৈকে এয়াৰ ইণ্ডিয়াই ৭২৯টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

তদুপৰি, ব্লু ডাৰ্টে ১৪ৰ পৰা ২৯ এপ্ৰিললৈকে গুৱাংঝুৰ পৰা ১১৪টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ২৯ এপ্ৰিললৈকে ছাংহাইৰ পৰা ১৫৩টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

****

RJ/NG/DB



(Release ID: 1619837) Visitor Counter : 197