পৰ্যটন মন্ত্ৰালয়
‘নিজৰ দেশক চাওক’ বিষয়বস্তুৰ অধীনত ‘ভাৰত এক মহাকাব্য-হাজাৰ হাজাৰ কাহিনীৰ দেশ’ শীর্ষক একাদশ ৱেবিনাৰ আয়োজন পর্যটন মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
29 APR 2020 12:49PM by PIB Guwahati
কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে পৰ্যটন উদ্যোগ আৰু দর্শকক জড়িত কৰি ‘নিজৰ দেশক চাওক’ বিষয়বস্তুৰ অংগ হিচাপে ২৮ এপ্ৰিল, ২০২০ত ‘ভাৰত এক মহাকাব্য-হাজাৰ হাজাৰ কাহিনীৰ দেশ' শীর্ষক একাদশ ৱেবিনাৰৰ আয়োজন কৰে৷ এই ৱেবিনাৰ ছিৰিজৰ উদ্দেশ্য হ’ল ভাৰতৰ বিভিন্ন পর্যটন গন্তব্যস্থানসমূহৰ সম্পর্কে সজাগতা সৃষ্টি কৰা আৰু সকলোকে সবিশেষ জনোৱা৷
‘নিজৰ দেশক চাওক’ শীৰ্ষক ৱেবিনাৰ ছিৰিজৰ জৰিয়তে ভাৰতৰ বিভিন্ন গন্তব্যস্থান, ঐতিহ্য আৰু সংস্কৃতি সম্পর্কে বিভিন্ন নজনা তথ্য কাহিনী দৃশ্য-শ্ৰাব্য মাধ্যমেৰে শ্রোতাসকলৰ সন্মুখত তুলি ধৰাৰ লগতে পর্যটন উদ্যোগৰ বিশেষজ্ঞৰ মতামতো দেখুওৱা হয়।
২৮ এপ্ৰিলৰ এই ৱেবিনাৰ পৰিচালনা কৰি ৰেয়াৰ ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা শোভা মোহনে ভাৰতৰ একাংশ গাঁও, চহৰ তথা ঐতিহ্যমণ্ডিত স্থানৰ কেতবোৰ ৰোমাঞ্চকৰ ঘটনা উল্লেখ কৰে৷
পর্যটন মন্ত্ৰালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰূপিন্দৰ ব্রাৰে এই ভাৰ্চুৱেল সভাত পর্যটন মন্ত্ৰালয়ৰ ডিজিটেল ইণ্ডিয়াৰ বিষয়টো উপস্থাপন কৰে৷ বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন বিভাগে ‘নিজৰ দেশক চাওক’ শীৰ্ষক ৱেবিনাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিগত সহায় আগবঢ়াইছে।
যিসকলে এই ৱেবিনাৰ চাব পৰা নাই তেওঁলোকে এই লিংকত সবিশেষ চাব পাৰিব-https://www.youtube.com/channel/UCbzIbBmMvtvH7d6Zo_ZEHDA/featu৷
অহা ৩০ এপ্রিলৰ পুৱা ১১বজাত পৰৱর্তী ৱেবিনাৰৰ আয়োজন কৰা হৈছে। ইয়াৰ বিষয় হ’ল "দায়িত্বশীল পর্যটনত নতুন যুগৰ মহিলা"৷ এই লিংকত সকলোৱে নাম পঞ্জীয়ন কৰিব পাৰিব৷https://bit.ly/WebinarNewAgeWomen
*******
NB/AKJ/OA/DB
(रिलीज़ आईडी: 1619663)
आगंतुक पटल : 237
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada