অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী সৰবৰাহেৰে ক’ভিড-১৯ বিৰোধী যুঁজত শক্তি প্ৰদানৰ লক্ষ্যৰে লাইফলাইন উড়ানৰ অধীনত ৪১১খন বিমান চলাচল কৰা হৈছে

Posted On: 29 APR 2020 8:30PM by PIB Guwahati

লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪১১খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৩৭খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৭৭৬.৭৩টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ৪,০৪,২২৪ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ২৮ এপ্ৰিলত ২৮.০৫ টন কাৰ্গ’ সৰবৰাহ কৰা হয়৷ ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ৰ অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷

 

পৱস হংস লিমিটেডে জম্মু আৰু কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জৰ লগতে উত্তৰ-পূ্ৰ্বাঞ্চলত হেলিকপ্তাৰ সেৱা আগবঢ়াইছে৷ ২৮ এপ্ৰিল, ২০২০লৈকে পৱন হংস হেলিকপ্তাৰে ৭,২৫৭ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি ২.০ টন সামগ্ৰী পৰিবহণ কৰিছে৷ এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই উত্তৰ-পূ্ৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু দ্বীপপুঞ্জসমূহক বিশেষ প্ৰাধান্য দিছে৷

ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, আৰু ইণ্ডিগ’ই বাণিজ্যিক ভিত্তিত কাৰ্গ’ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ২৮ এপ্ৰিললৈ স্পাইচজেটে ৬৫১খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ১১,৩৪,২০৪ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৪,৭৪১ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ২৩৩ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে ২৫ মাৰ্চৰ পৰা ২৮ এপ্ৰিললৈ দেশৰ ভিতৰতে ২২৪ বিমান চলাচল কৰি ২,৪৪,৬৪৩ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ৩,৭৪২ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ৩ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈ ১৮বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ৫৯খন কাৰ্গ বিমান চলাচল কৰি ৯৬,৭৪২ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ২৪৬টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৯ৰ পৰা ২৮ এপ্ৰিললৈ ১৪খন কাৰ্গ বিমান চলাচল কৰি ২০,৪৬৬ কিলোমিটাৰ অতিক্ৰমেৰে ১১৩টন সামগ্ৰী সৰবৰাহ কৰিছে৷

পূব এছিয়ালৈ ঔষধ-পাতি, চিকিসা সামগ্ৰী আৰু ক’ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গ’ এয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ২৮ এপ্ৰিললৈকে এয়াৰ ইণ্ডিয়াই ৬৬৮টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

তদুপৰি, ব্লু ডাৰ্টে ১৪ৰ পৰা ২৮ এপ্ৰিললৈকে গুৱাংঝুৰ পৰা ১০৯টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ২৮ এপ্ৰিললৈকে ছাংহাইৰ পৰা ১৪০টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

****

RJ/NG/DB



(Release ID: 1619454) Visitor Counter : 169