স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ড০ হৰ্ষ বৰ্ধনে লায়নছ ক্লাব ইণ্টাৰনেচনেলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত মিলিত হয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত একতাৰ শক্তি আৰু সামাজিক দূৰত্ব প্ৰধান আহিলাঃ ড০ হৰ্ষ বৰ্ধন

Posted On: 29 APR 2020 5:07PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্ৰশংসনীয় অৱদান আগবঢ়োৱাৰ বাবে মই লায়নছ ক্লাবৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছো৷ তেওঁলোকে পিএম কেয়াৰ্ছ পুঁজিলৈ বৰঙণি যোগোৱাৰ লগতে চিকিৎসালয়লৈ সা-সজুলি, স্বচ্ছ খাদ্য, পিপিই কিট আৰু এন৯৫ মাস্ক ইত্যাদি যোগান ধৰিছে৷”—কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে এইদৰে কয়৷ দেশৰ ভিন্ন প্ৰান্তৰ লায়নছ ক্লাব ইণ্টাৰনেচনেলৰ সদস্যসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তেওঁ আজি মতবিনিময় কৰে৷ পলিঅ’, কেটাৰেক্ট আদিৰ অভিযানত বছৰ বছৰ ধৰি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ লায়নছ ক্লাব ইণ্টাৰনেচনেলৰ সদস্যসকলৰ শলাগ লয় আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত চৰকাৰক ঐক্যবদ্ধভাৱে সহযোগ কৰাৰ আহ্বান জনায়৷ বিশ্বৰ ২০০ৰো অধিক দেশত বিয়পি পৰা ক’ভিড-১৯ক পৰাস্ত কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব৷” —তেওঁ কয়৷ লাখ লাখ লোকক খাদ্য, অভাৱগ্ৰস্তসকলক চিকিৎসা সা-সজুলি আৰু সুৰক্ষা উপাদান আগবঢ়োৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে ক্লাবটোৰ সদস্যসকলক প্ৰশংসা কৰে৷

এই ৰোগৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ শক্তি সন্দৰ্ভত ড০ হৰ্ষ বৰ্ধনে কয়, ‘ভাৰতে পূৰ্বৰে পৰা জনস্বাস্থ্যজনিত জৰুৰী অৱস্থা সফলতাৰে মোকাবিলা কৰি আহিছে৷ দেশত যোৱা তিনি দিনৰ পৰা পজিটিভ ৰোগীৰ সংখ্যা দুগুণ হোৱাৰ হাৰ ১১.৩দিনলৈ বৃদ্ধি পাইছে৷ তদুপৰি, গোলকীয় মৃত্যুৰ হাৰ ৭% হোৱাৰ বিপৰীতে ভাৰতত মৃত্যুৰ হাৰ হৈছে প্ৰায় ৩%৷

 

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে মাত্ৰ ০.৩৩% ৰোগী ভেণ্টিলেটৰ্ছ, ১.৫% ৰোগী অক্সিজেন ছাপ’ৰ্ট, ২.৩৪% ৰোগী আইচিইউত আছে৷ ইয়ে ভাৰতৰ উন্নত স্বাস্থ্যসেৱাক প্ৰতিফলিত কৰে৷ সম্ভাৱ্য ভয়াবহ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ভাৰতত পৰ্যাপ্ত আইছ’লেচন বেড, ভেণ্টিলেটৰ্ছ, পিপিই, মাস্ক আদি সাজু কৰি ৰখা হৈছে৷

তেওঁ জানিবলৈ দিয়ে যে সম্প্ৰতি ৯৭টা ব্যক্তিগত পৰীক্ষাগাৰৰ সৈতে ২৮৮টা চৰকাৰী পৰীক্ষাগাৰত ক’ভিড-১৯ৰ যুঁজত ব্যৱহাৰ হৈ আছে আৰু দৈনিক প্ৰায় ৬০,০০০ টেষ্ট সম্পন্ন হৈছে৷ চৰকাৰে পৰৱৰ্তী কেইদিনমানৰ ভিতৰত টেষ্টিং ক্ষমতা ১লাখলৈ বৃদ্ধিৰ বাবে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে৷

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে যিহেতু টীকাৰ আৱিৰ্ভাৱ হ’বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব, গতিকে লকডাউন আৰু সামাজিক দূৰত্বকে আমি ‘সামাজিক টীকাকৰণ’ হিচাপে গণ্য কৰিব লাগিব৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ সহায়ত ভাৰতে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব তেওঁ আশা প্ৰকাশ কৰে৷

 

*****

MV/MS



(Release ID: 1619450) Visitor Counter : 135