খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

ফিকি আৰু আগশাৰীৰ উদ্যোগৰ সদস্যবৰ্গৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক হৰছিমৰত কৌৰ বাদলৰ

উদ্যোগৰ সদস্যবৃন্দক কৃষকসকলক উপকৃত হোৱাকৈ খাদ্য সামগ্ৰী আৰু অন্যান্য ক্ষয়িষ্ণু সামগ্ৰী সংগ্ৰহৰ বাবে আহ্বান কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰীৰ

Posted On: 29 APR 2020 10:56AM by PIB Guwahati

কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্রী হৰছিমৰত কৌৰ বাদলে ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী(ফিকি)ৰ সদস্যবৃন্দৰ সৈতে বর্তমান আৰু লকডাউনৰ পৰৱর্তী সময়ত খাদ্য সংসাধন উদ্যোগৰ বিষয়ে এক বৈঠকত অধ্যক্ষতা কৰে৷

এই উপলক্ষে ফিকিৰ সাধাৰণ সম্পাদক দিলীপ চেনয়ে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত বৈঠকত লকডাউনৰ আৰম্ভণিৰে পৰা খাদ্য সংসাধন উদ্যোগ মন্ত্রীৰ সাহায্যৰ বাবে প্ৰশংসা কৰে৷

এই উদ্যোগৰ গুৰুত্বৰ সন্দৰ্ভত ব্যাখ্য কৰি মন্ত্ৰী বাদলে কয় যে মন্ত্ৰালয়ৰ এটা টাস্কফৰ্চে বিভিন্ন ৰাজ্যত ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা সমস্যা সমাধানত সংশ্লিষ্ট উদ্যোগ সংস্থাৰ সৈতে যোগাযোগ কৰি আহিছে। মন্ত্রীগৰাকীয়ে কয় যে পাদিত শস্য সংগ্ৰহ কৰাৰ পাছত সেইবোৰ নষ্ট হোৱাটো উদ্বেগৰ কাৰণ। তেওঁ পাদিত শস্য তথা ফল, শাক-পাচলি যাতে কমকৈ নষ্ট হোৱাৰ লগতে কৃষকসকলে যেন উপকৃত হয়, তাৰবাবে উদ্যোগ সংস্থাসমূহক এইবোৰ সংগ্ৰহ কৰাৰ অনুৰোধ জনায়৷ বিভিন্ন সংক্ৰমিত এলেকাত খাদ্য সংসাধন উদ্যোগৰ বাবে ৰাজ্যিক পৰ্যায়ত এজন সমন্বয়ৰক্ষী বিষয়া নিয়োগ তথা ক’ভিড-১৯ সংক্ৰমিত অঞ্চলসমূহ চিহ্নিত কৰি সেই অঞ্চলসমূহত যোগান প্ৰক্রিয়া বজাই ৰখাৰ ওপৰত প্ৰতিনিসকলে গুৰুত্ব আৰোপ কৰিব৷

খাদ্য সংসাধন উদ্যোগৰ যিবোৰ কাৰখানা সংক্ৰমিত এলেকাত আছে সেইবোৰ স্থানত ৬০-৭৫ শতাংশ কর্মীক কামত যোগ দিয়াৰ ব্যৱস্থা কৰিবলৈ সংস্থাসমূহৰ প্ৰতিনিসকলে প্ৰস্তাৱ আগবঢ়ায়৷ মন্ত্রীগৰাকীয়ে কয় যে এই বিষয়ত চিন্তা-চৰ্চা হৈছে, যাতে এই উদ্যোগ সংস্থাসমূহে তেওঁলোকৰ কর্মীসকলৰ সুৰক্ষা নিশ্চিত কৰি প্ৰয়োজনীয় পাদন প্ৰক্রিয়া অব্যাহত ৰাখিব পাৰে৷ খাদ্য সংসাধন উদ্যোগৰ প্ৰতিনিসকলে লকডাউনৰ পাছত যোগান ব্যৱস্থা আৰম্ভ হ’লে দেশৰ ভিতৰত এই উদ্যোগৰ পাদিত সামগ্রীৰ চাহিদা বৃদ্ধি পাব বুলি সদৰি কৰে৷

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সচিব পুষ্পা সুব্রমনিয়ামে এই সংকটৰ সময়ত খাদ্য সামগ্রীৰ যোগান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ফিকি আৰু ইয়াৰ সদস্যবৃন্দক ধন্যবাদ জনায়৷ চৰকাৰৰ ওচৰত এই উদ্যোগ সংস্থাসমূহে যিবোৰ সমস্যাৰ বিষয়ে উল্লেখ কৰিছে তাক লৈ পর্যালোচনা কৰাৰো  আশ্বাস দিয়ে সচিবগৰাকীয়ে৷ মন্ত্ৰী বাদলে তেওঁলোকৰ যিকোনো অভিযোগ থাকিলে অভিযোগ কোষত জনাবলৈও পৰামর্শ আগবঢ়ায়৷ এই বৈঠকত ফিকিৰ অধ্যক্ষ হেমন্ত মালিক, কাৰ্গিল ইণ্ডিয়াৰ অধ্যক্ষ ছিমন জৰ্জ, কোকাকোলাৰ টি. কৃষ্ণকুমাৰ, কেল’গ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মোহিত আনন্দ, মন্দেলেজ ইণ্টাৰনেচনেলৰ সভাপতি দীপক আয়াৰ, চিইঅ’ এমটিআৰ ফুডৰ চিইঅ’ সঞ্জয় শৰ্মা, আমুলৰ পৰিচালন সঞ্চায়ক আৰ এছ সোধী, জাইডাছ ৱেলনেচৰ চিইঅ’ তৰুণ অ’ৰোৰাৰ লগতে খাদ্য সংসাধন উদ্যোগৰ জ্যেষ্ঠ ব্যক্তিসকল অংশগ্ৰহণ কৰে৷

****

RJ/NG/DB


(Release ID: 1619337) Visitor Counter : 228