জল শক্তি মন্ত্ৰালয়

বাৰিষা বতৰৰ বাবে জলশক্তি আভিযান সাজু

Posted On: 28 APR 2020 7:07PM by PIB Guwahati

বৰ্তমান স্বাস্থ্যক্ষেত্ৰত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰে মোকাবিলা কৰিও জলশক্তি আভিযানে বিভিন্ন পদক্ষেপেৰে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ গতি ত্বৰাণ্বিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। ক’ভিড-১৯ এ সৃষ্টি কৰা জৰুৰী অৱস্থাত গ্ৰাম্যাঞ্চলত যথেষ্ট পৰিমাণত শ্ৰমিক শক্তি উপলব্ধ হোৱাৰ সময়তে আভিযানে অনাগত বাৰিষা বতৰৰ বাবে প্ৰস্তুতি চলাইছে।

প্ৰথম পদক্ষেপ হিচাপে অনাগত বাৰিষা বতৰত দেশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বুলি বিবেচিত বৰষুণৰ পানী সংৰক্ষণ তথা পুনঃব্যৱহাৰৰ ব্যৱস্থাৰ বাবে গ্ৰাম্য উন্নয়ন বিভাগ, জলসম্পদ বিভাগ, নদী উন্নয়ন আৰু গঙ্গা পুনৰ্জ্জীৱিকৰণ বিভাগ, ভূমিসম্পদ বিভাগ আৰু খোৱাপানী আৰু অনাময় বিভাগৰদ্বাৰা এখন যুটীয়া নিৰ্দেশনা প্ৰস্তুত কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অ়ঞ্চললৈ পঠিওৱা হৈছে।

যোৱা বছৰ জলশক্তি আভিযান আৰম্ভ কৰা হৈছিল আৰু এই অভিযানে পানীৰ সমস্যা থকা দেশৰ ২৫৬ খন জিলা সামৰি লৈছিল। পানী সংৰক্ষণৰ একমাত্ৰ লক্ষ্যৰে আগুৱাই নিয়া এই আভিযান এক গণ আন্দোলন য়ি যোৱা বছৰেই দেশজুৰি সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰসমূহ, সামাজিক অনুষ্ঠান, পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহ আৰু অন্যান্য সমিতিকে ধৰি ৬.৫ কোটি লোক এই আভিযানৰ অংশ হৈছে। ৭৫ লাখতকৈও অধিক পৰম্পৰাগত জলধাৰাৰ পুনঃনিৰ্মাণ কৰা হৈছে আৰু প্ৰায় ১ কোটি পানী সংৰক্ষণ আৰু বৰষুণৰ পানী ধৰি ৰখা ব্যৱস্থাৰ নিৰ্মাণ কৰা হৈছে।

এনে বিপুল সঁহাৰিৰদ্বাৰা অনুপ্ৰাণিত হৈ এইবাৰ অধিক শক্তিশালী ৰণনীতি প্ৰস্তুত কৰা হৈছে। কিন্তু বৰ্তমান সময়ত স্বাস্থ্যক্ষেত্ৰত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ বাবে কোনো কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীক এই অভিযানত নিয়োগ কৰা নহয়। সেয়ে এই সময়ত উপলব্ধ থকা সকলো সুবিধা যিমান সম্ভৱ সিমান বেছিকৈ ব্যৱহাৰ কৰি বৰষুণৰ পানী সংৰক্ষণ তথা পুনঃব্যৱহাৰৰ ব্যৱস্থা কৰাৰ লগতে সকলোধৰণৰ প্ৰস্তুতি হাতত লৈছে। 

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে লকডাউনৰ সময়তো অগ্ৰাধিকাৰ ভিত্তিত এম জি এনৰেগাৰ কাম/ খোৱাপানী আৰু অনাময়ৰ লগত জড়িত কাম, জলসিঞ্চন আৰু পানী সংৰক্ষণৰ কাম চলাই নিবলৈ অনুমতি দিছে। এম জি এনৰেগাৰ কামৰ লগত সহযোগিতাৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক খণ্ডৰ জলসিঞ্চন আৰু পানী সংৰক্ষণৰ আঁচনিসমূহ ৰূপায়ণৰ কাম আগবঢ়াই নিবলৈও অনুমতি দিছে। এইক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মুখ ঢাকি ৰখা আৰু অন্যান্য সুৰক্ষা নীতিসমূহ মানি চলাটো সুনিশ্চিত কৰিব লাগিব। পৰম্পৰাগত জলধাৰাৰ পুনৰ্জ্জীৱিকৰণ, জলধাৰাৰ পৰা জাবৰ নিষ্কাশন, হ্ৰদ, পুখুৰী আদিৰ পাৰ বন্ধা, পানী সোমোৱা-ওলোৱা পথ নিৰ্মাণ তথা মেৰামতি, কেটছমেন্ট অঞ্চল পৰিষ্কাৰ কৰা আদি অগ্ৰাধিকাৰ ভিত্তিত কৰা হ’ব। একেদৰে স্থানীয় লোকসম্প্ৰদায়ৰ সৈতে লগলাগি সৰু সৰু নদীৰ পুনৰ্জ্জীৱিকৰণ, নদীৰ সুঁতিসমূহৰ ব্যৱস্থাপনা আদি পদক্ষেপো লোৱা হ’ব। ইয়াৰ ফলত গ্ৰাম্যাঞ্চলত থকা পানীৰ উস সমূহৰ বহনক্ষমতা বৃদ্ধি পাব আৰু জলশক্তি মন্ত্ৰালয়ে আৰম্ভ কৰা আৰু বৰ্তমানে চলি থকা জল-জীৱন অভিযানক শক্তিশালী কৰিব। তদুপৰি স্থানীয় লোকসম্প্ৰদায় সমূহে জল-জীৱন অভিযানৰ বাবে প্ৰস্তুত কৰা গ্ৰাম্য কৰ্ম আঁচনি (ভি এ পি)য়ে গাওঁসমূহত কৰিবলগীয়া কামৰ বাবে এক দৃঢ় ভেটি প্ৰদান কৰিব।

*****

PK/sk/PRK



(Release ID: 1619136) Visitor Counter : 200