বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতে এছিয়ান ডেভেলাপমেণ্ট বেংকৰ সৈতে ১.৫ বিলিয়ন ডলাৰৰ ঋণত চুক্তি কৰে

Posted On: 28 APR 2020 4:50PM by PIB Guwahati

ভাৰত চৰকাৰ আৰু এছিয়ান ডেভেলাপমেণ্ট বেংকে(এবিডি)আজি ১.৫বিলিয়ন ডলাৰৰ ঋণত চুক্তি কৰে৷ ইয়ে ভাৰতৰ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধী যুঁজত সহায় আগবঢ়াব৷ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লগতে সমাজৰ দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত শ্ৰেণীৰ বাবে সামাজিক সুৰক্ষা আদিৰ দৰে তাৎক্ষণিক প্ৰাধান্যযুক্ত বিষয়ৰ ওপৰত এই ঋণে গুৰুত্ব আৰোপ কৰিব৷

এছিয়ান ডেভেলাপমেণ্ট বেংকৰ ক’ভিড-১৯ কেয়াৰ্ছ প্ৰ’গ্ৰেমৰ বাবে ঋণৰ চুক্তিত স্বাক্ষৰকাৰীসকল হ’ল বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব(ফাণ্ড বেংক আৰু এডিবি)শ্ৰী সমীৰ কুমাৰ খাড়ে আৰু ভাৰতস্থিত এডিবিৰ দেশীয় সঞ্চালক কেনিচী য়োকোয়ামা৷

ইয়াৰ পূৰ্বে, এডিবিৰ ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছে মহামাৰীৰ বাবে সৃষ্টি হোৱা স্বাস্থ্য আৰু সামাজিক-অৰ্থনৈতিক প্ৰভাৱৰ মোকাবিলা কৰিবলৈ চৰকাৰক বাজেট সাহায্য প্ৰদান কৰিবলৈ এই ঋণত অনুমোদন জনায়৷

ক’ৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ বাবে এডিবিৰ সময়োপযোগী সহযোগিতাক আমি ধন্যবাদ জনাইছো৷ এডিবিৰ বিত্তীয় আৰু কাৰিকৰী সহায়ে চৰকাৰৰ জৰুৰী সাহায্য আঁচনিৰ সঠিক ৰূপায়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷”—শ্ৰী খাড়েই কয়৷

ইয়াৰ পূৰ্বে, বিত্ত আৰু ক’ৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু এডিবিৰ গৱৰ্ণৰৰ সৈতে যোৱা ৯ এপ্ৰিল,২০২০ত হোৱা টেলিফোনিক বাৰ্তালাপত এডিবিৰ সভাপতি শ্ৰীমান মাছাটছাগু আছাকাৱাই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে ভাৰতৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণত সহায় কৰাৰ আশ্বাস দিছিল৷

এডিবিয়ে দেশৰ অৰ্থনীতি পুনৰ উজ্জীৱিত কৰিবলৈ যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাকলৈও চৰকাৰৰ সৈতে আলোচনা কৰে৷ ইয়ে ক্ষতিগ্ৰস্ত উদ্যোগ আৰু ব্যৱসায় বিশেষকৈ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে সাহায্যক সাঙুৰি লয়৷ ৰাজহুৱা সেৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাটোও আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তু৷

উল্লেখ্য যে, ভাৰতে ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱ প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য খণ্ডত ২বিলিয়ন ডলাৰৰ ব্যয় আঁচনি আৰু দৰিদ্ৰৰ বাবে ২৩ বিলিয়ন ডলাৰৰ পেকেজৰ দৰে কেইবাটাও নিৰ্ণায়ক পদক্ষেপ হাতত লৈছে৷ চৰকাৰে ক’ভিড-১৯ৰ যুঁজত সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্য কৰ্মীসকলৰ বাবে জীৱন বীমাৰো ব্যৱস্থাকৰিছে৷

এখন সমৃদ্ধিশালী, ব্যাপক, প্ৰাণৱন্ত আৰু বহনক্ষণ এছিয়া মহাদেশ গঢ়িবলৈ এছিয়ান ডেভেলাপমেণ্ট বেংক সংকল্পবদ্ধ৷ এই অঞ্চলসমূহৰ পৰা দৰিদ্ৰ নিৰ্মূল কৰাটো ইয়াৰ অন্যতম লক্ষ্য৷ ১৯৬৬ চনত এছিয়ান ডেভেলাপমেণ্ট বেংক স্থাপন হৈছিল৷

****

RM/KMN/MS



(Release ID: 1619130) Visitor Counter : 234