প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 28 APR 2020 3:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক উইড’ড’ৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই নিজৰ অঞ্চলত তথা বিশ্বত বিস্তৃত ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰে৷ ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিগৰাকীয়ে দেশখনৰ ফাৰ্মাচিউটিকেল সামগ্ৰীৰ যোগানত ভাৰতে প্ৰদান কৰা সাহায্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁক দুয়োখন দেশৰ মাজত চিকিৎসা সামগ্ৰীৰ যোগান নিৰৱচ্ছিন্ন ৰখাৰ বাবে ভাৰতৰ তৰফৰ পৰা যথাসম্ভৱ প্ৰয়াস কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত থকা নিজৰ নাগৰিকসকলৰ সমস্যাৰ বিষয়ে আলোকপাত কৰি এই সমস্যা সমাধানৰ বিষয়ে মতপোষণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক আৰু দেশখনৰ জনসাধাৰণক ৰমজানৰ শুভেচ্ছাও জ্ঞাপন কৰে৷

*****

VRRK/KP/MANN



(Release ID: 1619128) Visitor Counter : 193