স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বাবে এইমছ ট্ৰ’মা চেণ্টাৰৰ প্ৰস্তুতিৰ বুজ ল’লে ড. হৰ্ষবৰ্ধেনে

“এই জটিল সময়ত আমাৰ স্বাস্থ্যকৰ্মীসকলৰ উদ্যম দেখি অভিভূত হৈ পৰিছো।’ – ড. হৰ্ষবৰ্ধন

“দেখি ভাল লাগিছে যে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলক ২৪ ঘণ্টাই নিৰীক্ষণ কৰিবলৈ এইমছে শেহতীয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে।” – ড. হৰ্ষবৰ্ধন

Posted On: 26 APR 2020 7:24PM by PIB Guwahati

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষবর্ধনে ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে যাৱতীয় প্রস্তুতিৰ খতিয়ান ল’বলৈ আজি নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেজৰ জয় প্রকাশ নাৰায়ণ এপেক্স ট্র’মা চেন্টাৰত উপস্থিত হয় আৰু ইয়াৰ চিকিৎসা সেৱা সম্পর্কে বুজ লয়।

ডঃ হর্ষবর্ধনে কয়, এইমছৰ এই ট্র’মা কেয়াৰ চেন্টাৰটো ক’ভিড-১৯ আক্রান্ত ৰোগীসকলৰ চিকিৎসাৰ উপযোগী কৰি তোলা হৈছে আৰু ইয়াত থকা ২৫০ খন বিচনাৰ আইছ’লেশ্যন ৱাৰ্ডটোও সাজু কৰি তোলা হৈছে। এই ট্র’মা কেয়াৰ চেন্টাৰ পৰিদর্শনৰ সময়ত তেওঁ ইয়াৰ আপদকালীন ৱাৰ্ড, প্রাইভেট ৱাৰ্ড, আইচিইউ প্রভৃতি সেৱা আদিৰ সবিশেষ বুজ লয়। এই চিকিৎসালয়ৰ শৌচাগাৰসমূহত স্বাস্থ্যবিধি মানি চলা হৈছে নে নাই এইবোৰ সন্দৰ্ভতো বিতংভাৱে খতিয়ান লয় মন্ত্ৰী ড. হৰ্ষবৰ্ধনে।

ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছে তাৰ বুজ ল’বৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধনে আজি নতুন দিল্লীস্থ এইমছৰ ট্ৰ’মা চেণ্টাৰটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনকালতে ট্ৰ’মা চেণ্টাৰটো থকা অত্যাধুনিক অট্টালিকাটোৰ বিভিন্ন ৱাৰ্ডলৈও যায়, যিবোৰত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ বাবে আইছ’লেশ্যনৰ সুবিধা উপলব্ধ আছে। এই পৰিদৰ্শনকালতে মন্ত্ৰীগৰাকীয়ে কিছুসংখ্যক ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সৈতে ফোনযোগে ভিডিঅ’ কলেৰে বাৰ্তালাপো কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখ্য যে এই বাৰ্তালাপ কালত ৰোগীৰ দিশত ৰ’বটে এই ভিডিঅ’ কল সম্পন্ন কৰিছিল।

সবিশেষ পৰ্যালোচনাৰ পিছত মন্ত্ৰী ড. হৰ্ষবৰ্ধনে বিভিন্ন গোটৰ কাম কাজবোৰত সন্তুষ্টি প্ৰকাশ কৰে। ভিডিঅ’ কল তথা অন্যান্য প্ৰযুক্তিৰ সহায়ত ক’ভিড-১৯ পজিটিভ তথা সন্দেহজনক ৰোগীসকলৰ স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰতি মুহুৰ্ত্ততে তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবেও এইমছ কৰ্তৃপক্ষৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে।

দেশত ক’ভিড-১৯ মহামাৰীজনিত পৰিস্থিতি সম্পর্কে ডঃ হর্ষবর্ধনে কয় যে দেশত ক’ভিড ৰোগীসকলৰ মৃত্যুৰ হাৰ এতিয়া ৩.১ শতাংশ আৰু সমগ্ৰ বিশ্বতে এই হাৰ ৭ শতাংশ। দেশত এই পর্যন্ত ৫ হাজাৰ ৯১৩ জন আক্রান্ত ব্যক্তি সুস্থ হৈ উঠিছে আৰু সুস্থতাৰ হাৰ হৈছে ২২ শতাংশ। বিশ্বত অন্যান্য দেশৰ তুলনাত ভাৰতত আক্রান্তৰ সংখ্যা দ্বিগুণ হোৱাৰ হাৰ প্ৰথমাৱস্থাত তিনি দিন আছিল যদিও এসপ্তাহৰ পিছত সেয়া ৯ দিন ৩ ঘন্টা হৈ উঠিছে আৰু দুসপ্তাহ পিছত আক্রান্তৰ সংখ্যা দ্বিগুণ হ’বলৈ সময়ৰ প্ৰয়োজন হৈছে ১৪ দিন। এই পর্যন্ত ২৮৩খন জেলাৰ পৰা কোনো নতুনকৈ ক’ভিড আক্রান্তৰ কোনো খবৰ অহা নাই। বিগত ৭ দিনত ৬৪খন জিলাৰ পৰা আক্রান্তৰ কোনো খবৰ অহা নাই। আনকি, বিগত ২১ দিনত ৩৩খন জিলা আৰু বিগত ২৮ দিনত আৰু ১৮খন জিলাৰ পৰা নতুনকৈ আক্রান্তৰ খবৰ অহা নাই।


দেশত চিকিৎসা সামগ্রী আৰু সুযোগ-সুবিধা সন্দৰ্ভত ডঃ হর্ষবর্ধনে কয় যে ৰাজ্যস্তৰত পর্যাপ্ত সংখ্যক পিপিই কিট সৰবৰাহৰ ব্যৱস্থা কৰা হৈছে আৰু প্রায় ১০৬টা প্ৰতিষ্ঠানে এইধৰনৰ কিট উৎপাদন কৰি আছে। ইয়াৰ উপৰিও, এন-৯৫ মাস্ক উৎপাদনৰ ক্ষেত্ৰত ১০ টডা প্ৰতিষ্ঠান জড়িত হৈ আছে। চৰকাৰী প্রয়াস আৰু একাধিক গৱেষণা প্রতিষ্ঠানৰ উদ্যোগত দেশীয় প্রযুক্তিৰে ভেন্টিলেটৰ উৎপাদন আৰম্ভ হৈছে। ইতিমধ্যেই ৯টা সংস্থাক ৫৯ হাজাৰতকৈও অধিক ভেন্টিলেটৰ যোগানৰ অৰ্ডাৰ দিয়া হৈছে।

 

***

MR/RD



(Release ID: 1619125) Visitor Counter : 160