হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

বাৰাণসী স্মাৰ্ট চিটিয়ে দ্ৰোণৰ সহায়ত বিপজ্জনক ঠাইত চেনিটাইজেশ্যন কৰি ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থা কৰিছে

Posted On: 27 APR 2020 7:07PM by PIB Guwahati

বাৰাণসী স্মাৰ্ট চিটিয়ে চেন্নাইস্থিত গাৰোডা এৰোস্পে’চ প্ৰাইভেট লিমিটেডক বাৰাণসী স্মাৰ্ট চিটি অভিযানৰ অধীনত নিৰ্বাচিত কিছুমান বিপজ্জনক ঠাইত দ্ৰোণৰ সহায়ত বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰিছে। লকডাউনৰ সময়ত পৰিৱহণৰ ক্ষেত্ৰত হোৱা অসুবিধালৈ লক্ষ্য ৰাখি এই দ্ৰোণসমূহ এয়াৰ ইণ্ডিয়াৰ কাৰ্গো বিমানৰ যোগেদি বিশেষভাৱে চেন্নাইৰপৰা বাৰাণসীলৈ অসামৰিক বিমান মন্ত্ৰীলয়ৰ বিশেষ অনুমতি সাপেক্ষে অনা হৈছে। সাতজনীয়া এটা দলে দুখন দ্ৰোণৰ সহায়ত এই কাম পৰীক্ষামূলকভাৱে যোৱা ১৭ এপ্ৰিল ২০২০ তাৰিখে সম্পাদন কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001TN9G.gif

জিলা প্ৰশাসক আৰু মূখ্য স্বাস্থ্য বিষয়াই চিনাক্ত কৰি দিয়া হটস্পট আৰু কন্টেইনমেন্ট অঞ্চলত অগ্ৰাধিকাৰ ভিত্তিত দ্ৰোণৰ সহায়ত বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পিছত আচুতীয়া অঞ্চল, আশ্ৰয়গৃহ তথা হাতেৰে ছটিওৱাৰ অসুবিধা থকা ঠাইত বাৰাণসী নগৰ নিগমৰ বিষাসকলৰ সিদ্ধান্তমৰ্ম্মে বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰা হ’ব।  

দ্ৰোণৰ দলটোৱে বিজাণুনাশক ছটিয়াবলগা ঠাইত আগতীয়া পৰ্যবেক্ষণৰ যোগেদি অঞ্চলটোৰ পৰিসৰ, ঘৰ আৰু পাৰিপাৰ্শ্বিক পৰিৱেশৰ ভিত্তিত দ্ৰোণৰ উৰণ পথ নিৰ্দ্ধাৰণ কৰিব। তাৰপিছত দ্ৰোণত ১% ছ’ডিয়াম হাইপ’ক্ল’ৰাইড মিহলি ৰসায়নিক দ্ৰৱ্যৰে পূৰ কৰি উৰণৰ বাবে সাজু কৰিব। তাৰপিছত অভিজ্ঞ দ্ৰোণৰ চালকে ৰিম’টেৰে উৰণৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ চাৰিডাল পাইপেৰে বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰিব। ১৫-২০ মিনট সময় উৰণৰ পিছত দ্ৰোণ নমাই আনি পুনৰ ৰসায়নিক দ্ৰৱ্যৰে পূৰ কৰি বেটেৰী সলনি কৰিব আৰু পিছৰ লক্ষ্যস্থানত বিজাণুনাশক ছটিয়াবলৈ সাজু হ’ব।

দ্ৰোণৰ উৰণ পথ তথা ই সামৰি লোৱা অংশক এক হাতেৰে চলোৱা ৰিম’টৰ লগত সংযুক্ত জি আই এচ মেপযুক্ত ডিভাইচেৰে নিয়ন্ত্ৰণ আৰু ৰেকৰ্ড কৰা হয়।

দ্ৰোণৰ কাৰ্যকলাপ এখন বাহনৰপৰা জি পি এচ আৰু জি এচ এম ভিত্তিক কেমেৰাৰে নিৰীক্ষণ কৰা হৈছে আৰু এই সমগ্ৰ ব্যৱস্থাটো বৰ্তমান ক’ভিড-১৯ ৰ যুদ্ধক্ষেত্ৰত পৰিণত হোৱা কাশী সংহত নিৰ্দেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰপৰা কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ কৰা হৈছে। প্ৰত্যেকটো নিৰ্দিষ্ট অঞ্চলত বিজাণুনাশক ছটিওৱাৰ আগত আৰু পিছত চেনিটেৰী ইনস্পেক্টৰ আৰু দলৰ সদস্যসকলে সংযোগী বিষয়াক খবৰ দিছে।

সংশ্লিষ্ট সংস্থাই দিয়ামতে সমগ্ৰ প্ৰক্ৰিয়াটোৰ এদিনৰ মুঠ ব্যয় সামৰি লোৱা মুঠ পৰিসৰৰ ওপৰত ভিত্তি কৰি প্ৰায় ৮০০০ ৰ পৰা ১২০০০ টকা হয়।

দ্ৰোণ হৈছে হেলিকাপ্তাৰৰ দৰে এবিধ বাহন যিখন প্ৰশিক্ষণপ্ৰাপ্ত চালকে বিশেষভাৱে তৈয়াৰী ৰিম’টৰ সহায়ত পৰিচালনা কৰিব পাৰে। কৃষিক্ষেত্ৰত কীটনাশক ছটিওৱাৰ বাবে বিশেষভাৱে সাজি উলিওৱা দ্ৰোণক বৰ্তমান বিজাণুনাশক ছটিওৱাৰ কামত ব্যৱহাৰ কৰা হৈছে। 

****

RJ/NG/PRK



(Release ID: 1618840) Visitor Counter : 218