বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ডিছপ’জেবল মাস্কৰ বাবে জৈৱিক-অজৈৱিক হাউব্ৰিড নেন’কোটিং: মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে এক শক্তিশালী অস্ত্ৰ
Posted On:
26 APR 2020 6:28PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে (ডিএছটি) বাংগালুৰুৰ জ্যোতি প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ডা০ বিশ্বনাথ আৰৰ দ্বাৰা বিকাশ সাধন কৰা ডিছপ’জেবল মাস্কৰ বাবে জৈৱিক-অজৈৱিক হাইব্ৰিড নেন’ কোটিঙৰ ব্যাপক উৎপাদনক ডিএছটিৰ নেন’ মিচনৰ অধীনত সহায় কৰাৰ স্বীকৃতি প্ৰদান কৰিছে৷
ডা০ বিশ্বনাথ আৰৰ লক্ষ্য হৈছে পলিমাৰ মেট্ৰিক্সৰ সৈতে ছিলিকা নেন’ কণাসমূহৰ ওপৰত আধাৰিত ক্ৰিয়াশীল জৈৱিক-অজৈৱিক হাইব্ৰিড নেন’ কোটিঙৰ বিকাশৰ বাবে ছোল-জেল নেন’ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা, য’ত মাস্কৰ সংস্পৰ্শলৈ অহা ক’ভিড-১৯ৰ দৰে ৰোগজনক ভাইৰাছ ধ্বংস হৈ যায়৷
এইদৰে বিকাশ সাধন কৰা নেন’ কোটিঙৰ জৰিয়তে মেডিকেল মাস্কক বীজানুনাশক কৰি তুলিব আৰু এই বীজানুনাশ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ লগতে উদ্যোগৰ কাৰিকৰী ব্যৱস্থা হস্তান্তৰ কৰাৰ এক পৰিকল্পনা প্ৰস্তুত কৰ হ’ব৷
ক’ভিড-১৯ৰ ফলত দেখা দিয়া সংকটাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাজনিত মাস্কৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ সমান্তৰালভাৱে মাস্কৰ দামো বৃদ্ধি পাইছে৷ অৱশ্যে বজাৰত বিভিন্ন প্ৰকাৰৰ মাস্ক উপলব্ধ যদিও সংক্ৰমণৰ পৰা সুৰক্ষা দিয়াৰ উপযুক্ত মাস্ক বাছনি কৰাটো যথেষ্ট কঠিন৷
বজাৰত উপলব্ধ এন৯৫ মাস্কে ভাইৰাছ আৰু বেক্টেৰিয়াকে ধৰি সকলো প্ৰকাৰৰ কণা ৰোধ কৰিবলৈ সক্ষম, কিন্তু এইটো যথেষ্ট দামী আৰু ব্যৱহাৰ কৰাৰ পূৰ্বে পৰীক্ষা কৰাটো প্ৰয়োজন হয়৷ তদুপৰি, পিন্ধা মাস্কবোৰ পৃষ্ঠভাগত বিভিন্ন ধৰণৰ সামগ্ৰী সম্পৰ্ক হোৱাৰ ফলত লেতেৰা হৈ যায়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নতুনকৈ সমস্যা সমাধান কৰা প্ৰয়োজন হয়, যাৰ দ্বাৰা ডিছপ’জেবল মাস্কৰ সৈতে জড়িত চিন্তা দুৰ কৰিব পাৰি৷
গৱেষকসকলৰ দ্বাৰা ছোল-জেল কৌশল প্ৰয়োগ কৰি নেন’ কণাৰ সহায়ত নেন’ কোটিং হাইড্ৰ’ফোবিক নিৰ্মাণ কৰা হ’ব, যাৰ দ্বাৰা মাস্কৰ পৃষ্ঠভাগ পানীৰে চাফা কৰিব পৰা যায়৷ নেন’ কোটিং সুৰক্ষিত আৰু সুলভ মুল্যৰ হোৱাৰ লগতে ক’ভিড-১৯ৰ বিৰুদ্ধে ই অতি কাৰ্যক্ষম৷ ইয়াৰ দ্বাৰা সাধাৰণ জনতাৰ প্ৰয়োজনীয়তা ব্যাপক হাৰত পুৰণ কৰিব পৰা যাব আৰু সমাজৰ বাবে এক সুৰক্ষিত আৰু সুস্থ পৰিৱেশ গঢ় দিয়াত সহায় কৰিব৷
(অধিক জানিবলৈ ড০ বিশ্বনাথ আৰৰ সৈতে vishwahosur[at]gmail[dot]com অথবা +91-8277096493নম্বৰত ফোন কৰিব পাৰিব৷)
****
KGS/(DST)/DB
(Release ID: 1618681)
Visitor Counter : 140