পৰ্যটন মন্ত্ৰালয়

“নিজৰ দেশক চাওক” ছিৰিজত উত্তৰ-পূব ভাৰত-ব্যতিক্ৰমী গাঁৱৰ অভিজ্ঞতা’ৰ সন্দৰ্ভত অষ্টম ৱেবিনাৰৰ আয়োজন পর্যটন মন্ত্রালয়ৰ

বিভিন্ন দেশৰ লোকৰ অংশগ্ৰহণেৰে আকৰ্ষণ বৃদ্ধি কৰিছে ৱেবিনাৰে

Posted On: 25 APR 2020 2:27PM by PIB Guwahati

কেন্দ্রীয় পর্যটন মন্ত্রালয়েনিজৰ দেশক চাওক শীৰ্ষক ছিৰিজৰ অষ্টম পর্যায়ত উত্তৰ-পূব ভাৰত, বিশেষকৈ অসম আৰু মেঘালয়ৰ অখ্যাত কেইখনমান গাঁৱৰ আভাস দিয়ে৷৪ এপ্ৰিল এই অষ্টম পৰ্যায়ৰ ৱেবিনাৰ পর্ব আয়োজন কৰিছিল।

উত্তৰ-পূব ভাৰতৰ প্রাকৃতিক সৌন্দয্য, জলাশয়, স্বর্গীয় নৈঃশব্দ, জনজাতীয় লোকসকলৰ বৈচিত্রময় জীৱন পদ্ধতিয়ে ইয়াত অংশগ্ৰহণকাৰী সকলোকে আকৃষ্ট কৰে। এই অঞ্চলৰ বিভিন্ন জনজাতীয় লোকসকলে প্রাচীনকালৰে পৰা যি জীৱনশৈলী বজাই ৰাখি আহিছে, সেই বিষয়ে বৰ্তমানেও বহু লোক অজ্ঞাত। ইয়াৰ স্থানীয় উসৱ, হস্ত আৰু কাৰুশিল্প ভ্রমণপ্ৰিয় লোকসকলৰ বাবে অতি আকর্ষণৰ কেন্দ্ৰবিন্দু।

কোৱেলী ট্যুৰ এণ্ড ট্রেভেলছৰ মুখ্য কাৰ্যবাহী বিষয়া, অৰিজি পুৰকায়স্থ আৰু লেণ্ডস্কেপ ছাফাৰৰ মুখ্য পৰিচালন বিষয়া ড০ শ্ৰেয়া বৰবৰাই এই ৱেবিনাৰটো সঞ্চালনা কৰে।

ৱেবিনাৰত দেখুওৱা অসম আৰু মেঘালয়ৰ গাঁওসমূহ

শুৱালকুছিঃ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত অৱস্থিত গুৱাহাটী মহানগৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত কামৰূপ জিলাৰ এটা ব্লক হৈছে শুৱালকুছি। গাঁওখনৰ ৭৪শতাংশ লোকেই তাঁতশিল্পৰ সৈতে সৈতে জৰিত এইখন বিশ্বৰ ভিতৰতে অন্যতম। মুগা আৰু এড়ী সুঁতাৰ কাপোৰৰ বাবে জগত বিখ্যাত

ৰনথলীঃ নগাঁও জিলাৰ এই সৰু গাঁওখন হস্তনিৰ্মিত আ-অলংকাৰৰ বাবে বিখ্যাত।

হাজোঃ পঞ্চতীৰ্থ নামেৰে জনাজাত হাজো গুৱাহাটীৰ পৰা ২৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত। হিন্দু, বৌদ্ধ, আৰু মুছলিম সকলৰ উপসনা স্থলী থকা এই হাজোতে আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱা মক্কা মছজিদ। হয়গ্ৰীৱ মাধৱত বিৰল প্ৰজাতিৰ কাছ পোৱা যায়। এই কাছসমূহক কোনেও আক্ৰমণ নকৰে, কাৰণ সকলোৱে বিষ্ণুৰ অৱতাৰ বুলি জ্ঞান কৰে।

দদৰাঃ দদৰা বিৰল প্ৰজাতিৰ হাড়গিলা চৰাইৰ বাবে বিখ্যাত। বিশ্বত বৰ্তমান কেৱল ১,৫০০ মান হাড়গিলা থকাৰ তথ্য পোৱা গৈছে আৰু ইয়াৰে প্ৰায় ৫০০মান হাড়গিলা আছে এইখন গাঁৱত। গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনে এই হাড়গিলাসমূহৰ ৰক্ষাৰ বাবে হাড়গিলা আৰ্মি গঠন কৰিছে।

সৰ্থেবাৰীঃ বাঁহ শিল্পৰ পাছতে অসমৰ দ্বিতীয় সৰ্ববৃহ হস্তশিল্প হৈছে কাঁহ-পিতলৰ উদ্যোগৰ বাবে বিখ্যাত সৰ্থেবাৰী।

নামনি অসমৰ নলবাৰীঃ অসমৰ এই অঞ্চলটো জাপিৰ বাবে বিখ্যাত। কৃষকক ৰদ বৰষুণৰ পৰা ৰক্ষা কৰাৰ পৰা অসমৰ সাংস্কৃতিক চিহ্ন ৰং-বিৰঙৰ জাপি প্ৰস্তুত কৰালৈকে বহুলোকে ইয়াৰ সৈতে জড়িত হৈ উপাৰ্জনৰ পথ বাছি লৈছে।

বাঁহবাৰীঃ গুৱাহাটীৰ পৰা ১৪০ কিলোমিটাৰ নিলগত ভুটানৰ পাদদেশত বাহবাৰী অৱস্থিত। এইখন বিলুপ্তপ্ৰায় বিভিন্ন পশু-পক্ষীৰ ৰম্যভূমি তথা ইউনেস্ক’ৰ প্ৰাকৃতি ঐতিহ্য স্থলী ঘোষিত মানস ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত।

চাহ বাগিচাৰ বাংলাঃ বিভিন্ন জনগোষ্ঠীয়, জনজাতীয় লোক নিয়োজিত হৈ থকা চাহ উদ্যোগ হৈছে অসমৰ সৰ্ববৃহ উদ্যোগ৷ বহু বাগানে ব্ৰিটিছৰ দিনৰ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকৰ বাবে দুৱাৰ খোলা ৰাখে৷

মাজুলীঃ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত পৃথিৱীৰ সৰ্ববৃহ নদীদ্বীপ মাজুলী অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ৷ ১৫শতিকাত মহাপুৰুষ শংকৰদেৱ আৰু তেওঁ শিষ্য মাধৱদেৱে এই ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল৷

নামফাকে গাঁওঃ অসমৰ বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি গাঁওখনেই হৈছে টাই-নামফাকে৷ এই বৌদ্ধধৰ্মী লোকসকল থাইলেণ্ডৰ পৰা অহা আৰু তেওঁলোকৰ থাই ভাষাৰ সৈতে তাই সম্প্ৰদায়ৰ লোকাচান আৰু পৰম্পৰাৰ যথেষ্ট সাদৃশ্য আছে৷ ১৮শতিকাত এই সম্প্ৰদায়ে অসমত প্ৰৱেশ কৰা বুলি বিশ্বাস কৰা হৈছে৷

মেঘৰ দেশ মেঘালয়ৰ মাওফালং, কোংঠোং, জাখৰেম, নংৰিয়াত, শ্নোনপডেং আৰু জোঁৱাই গাঁৱৰ বিষয়েও এই ৱেবিনাৰত আভাস দিয়াৰ যত্ম কৰা হয়৷

পৰ্যটন মন্ত্ৰালয়ে ভাৰতৰ দৃশ্যপট, চহৰ আৰু অন্যান্য স্থানবোৰৰ বিষয়ে অবিশ্বাস্য ভাৰতৰ ইউটিউব চেনেল আৰু মন্ত্ৰালয়ৰ ৱেবছাইট(www.incredibleindia.org আৰু www.tourism.gov.in)তএইবোৰ উপলব্ধ৷


এই ৱেবিনাৰত ৩,৬৫৪গৰাকী ব্যক্তিয়ে অংশগ্রহণ কৰে। এওঁলোকৰ ভিতৰত আফগানিস্তান, কানাডা, ফ্রান্স, জার্মানী, পাকিস্তান, ছিংগাপুৰ, স্পেইন, থাইলেণ্ড, ব্রিটেইন আৰু মার্কিন যুক্তৰাষ্ট্রৰ পৰাও বহুতে যোগদান কৰে।

*******

NB/AKJ/OA/DB



(Release ID: 1618362) Visitor Counter : 461