অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
লাইফলাইন উড়ান বিমানে ২২ এপ্ৰিল,২০২০ত ৩৫.৭৮ টন অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াইছে
পোষ্ট কৰা হৈছে:
23 APR 2020 7:20PM by PIB Guwahati
এয়াৰ ইণ্ডিয়া, ভাৰতীয় বায়ু সেনা আৰু ভিষ্টাৰাৰদ্বাৰা সঞ্চালিত লাইফলাইন উড়ান বিমানে ২২এপ্ৰিল, ২০২০ত ৩৫.৭৮টন সামগ্ৰী বহন কৰিছে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ৰ বাবে লাইফলাইন উড়ান আঁচনিৰ অধীনত এই পৰ্যন্ত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু ব্যক্তিগত খণ্ডৰ মুঠ ৩৩৯খন বিমান সঞ্চালিত হৈছে৷ ইয়াৰে ২০৪খন বিমান উৰুৱাইছে এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে৷ তেওঁলোকে পৰিবহণ কৰা সামগ্ৰীৰ পৰিমাণ হ’ল ৫৮৭.৫৭টন৷ লাইফলাইন উড়ান বিমানে অতিক্ৰম কৰা আকাশী দূৰত্বৰ পৰিমাণ হ’ল ৩,৩৭,৬৩৯ কিলোমিটাৰ৷ উল্লেখ্য যে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ৰ বাবে দেশৰ দুৰ্গম অঞ্চলসমূহত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ লাইফলাইন উড়ান বিমান সঞ্চালিত কৰিছে৷
উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চল আৰু পাহাৰীয়া অঞ্চলসমূহলৈ সামগ্ৰী যোগান ধৰাৰ ওপৰত এই সেৱাই বিশেষভাৱে মনোনিৱেশ কৰিছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে জম্মু কাশ্মীৰ, লাডাখ, উত্তৰ-পূৰ্বাঞ্চল আৰু দ্বীপ অঞ্চলসমূহৰ বাবে সমন্বয়েৰে কাম কৰিছে৷ পৱন হংস লিমিটেডকে ধৰি হেলিকপ্টাৰ সেৱাৰে জম্মু-কাশ্মীৰ, লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী আৰু ৰোগীৰ যাতায়ত নিশ্চিত কৰা হৈছে৷ পৱন হংসই ২২ এপ্ৰিল পৰ্যন্ত ১.৯০ টন সামগ্ৰী কঢ়িয়াইছে আৰু ৬৫৩৭ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰিছে৷
যোৱা ৪ এপ্ৰিলৰ পৰা আজিৰ দিনটোলৈ এয়াৰ ইণ্ডিয়াই পূব এছিয়াৰ পৰা কঢ়িওৱা মুঠ চিকিৎসা সামগ্ৰীৰ পৰিমাণ হ’ল ৩৪৮টন৷ উল্লেখ্য যে, ফাৰ্মাচিউটিকেল, চিকিৎসা সা-সজুলি আৰু ক’ভিড-১৯ সাহায্য সজুলিৰ পৰিবহণৰ বাবে ভাৰত আৰু পূব এছিয়াৰ মাজত এক কাৰ্গো এয়াৰ ব্ৰিজ তৈয়াৰ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়াই প্ৰয়োজন অনুসৰি জৰুৰী চিকিৎসা সামগ্ৰী যোগানৰ বাবে আন দেশলৈ কাৰ্গো বিমান সঞ্চালিত কৰিব৷
****
RJ/NG/MS
(ৰিলিজ আই ডি : 1618224)
অতিথি কক্ষ : 235