ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

পিআইবিৰ সহযোগত ৫০,০০০টা পুনৰ ব্যৱহাৰযোগ্য মাস্ক যোগান ৰ’টাৰী ক্লাব অফ দিল্লী হেৰিটেজৰ

লকডাউনৰ সময়ত ঘৰৰ পৰা কাম কৰি মহিলা দৰ্জীয়ে প্ৰস্তুত কৰিছিল মাস্ক

পিআইবিৰ মুখ্য সঞ্চালক প্ৰধানে বিতৰণ কৰিলে মাস্ক

Posted On: 25 APR 2020 3:55PM by PIB Guwahati

বৰ্তমান কভিডৰ সংকটাপন্ন সময়ত যিকোনো ধৰণৰ সাহায্য প্ৰদানেৰে দেশবাসীক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰেছ ইনফৰমেচন ব্যুৰ সহযোগত টাৰী ক্লাব অফ দিল্লী হেৰিটেজে প্ৰায় ৫০,০০০টা পুনৰ ব্যৱহাৰযোগ্য মাস্ক বিতৰণ কৰে৷

আন্তঃৰাষ্ট্ৰীয় সেৱা সংস্থা টাৰী ইণ্টাৰনেচনেলৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বতে কল্যান আৰু শান্তিৰ বাবে বিভিন্ন ব্যৱসায় আৰু বৃত্তিৰ সৈতে জড়িত লোকেসকলে একেলগে মানৱীয় সেৱা আগবঢ়োৱা৷ আজি বিতৰণ কৰা মাস্কসমূহ একাংশ মহিলা দৰ্জীয়ে এই লকডাউনৰ সময়ত ঘৰৰ পৰাই কাম কৰি প্ৰস্তুত কৰিছে৷

পিআইপিৰ মুখ্য সঞ্চালক প্ৰধান শ্ৰী কুলদীপ সিং ধাতৱালিয়াই এই বিতৰণ কাৰ্য সম্পন্ন কৰাৰ বিপৰীতে টাৰী ক্লাব অফ দিল্লী হেৰিটেজৰ হৈ তেওঁক সহযোগ কৰে পিআইবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰাজীৱ জৈন আৰু টাৰী ক্লাব অফ দিল্লী হেৰিটেজৰ সভাপতি ৰাকেশ জৈনে৷ নেচনেল মিডিয়া চেণ্টাৰত আজি এই মাস্কখিনি দিল্লী আৰক্ষীৰ সংসদ পথৰ ডিচিপি শ্ৰী এইচ সিংহাল আৰু কেন্দ্ৰীয় ভাণ্ডাৰৰ চিএমডি মুকেশ কুমাৰে৷ মুখ্য সঞ্চালক প্ৰধানে প্ৰথমে সংবাদ মাধ্যমক ব্যক্তিসকলক মাস্ক বিতৰণ কৰে৷

******

RJ/DKS/DB



(Release ID: 1618190) Visitor Counter : 156