ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

এমএছএমইৰ ধন প্ৰদানত বিলম্ব দিশবোৰক লৈ এখন পৃথক আঁচনিত কাম কৰিছে চৰকাৰেঃ নীতিন গাডকাৰী

Posted On: 24 APR 2020 6:59PM by PIB Guwahati

কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কয় যে চৰকাৰে এমএছএমইৰ প্ৰদত্ত ধন বিলম্ব হোৱা সমস্যাৰ সমাধানৰ বাবে এক পৃথক আঁচনি হাতত লৈছে, যাৰ দ্বাৰা তাক্ষণিকভাৱে সকলো বাকী থকা ধন প্ৰদানৰ বাবে এক উচৰ্গিত পুঁজি গঠন কৰিব পাৰে৷

এই সন্দৰ্ভত মন্ত্ৰী গাড়কাৰীয়ে কয় যে তাক্ষণিকভাৱে ধন প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে সকলো চৰকাৰী বিভাগক এনেধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷

তেওঁ এমএছএমইত ভিড-১৯ৰ প্ৰভাৱ সন্দৰ্ভত এছচিয়েটেড চেম্বাৰ্ছ অফ কমাৰ্চ অফ ইণ্ডিয়া (এছছেম) প্ৰতিনিধিবৰ্গৰ সৈতে হোৱা ভিডিঅকনফাৰেন্সিংযোগে হোৱাৰ বাৰ্তালাপৰ সময়ত সদৰি কৰিছিল৷

গাডকাৰীয়ে উদ্যোগখণ্ডৰ প্ৰতি আহ্বান জনাই কয় যে চৰকাৰে কেতবোৰ উদ্যোগৰ কাম-কাজ আৰম্ভ কৰিবলৈ লেও তেওঁলোকে ভিড-১৯ৰ প্ৰতিৰোধী ব্যৱস্থা সুনিশ্চিত কৰিব লাগিব৷ তেওঁ সজোৰে কয় যে সংস্থাসমূহে নিজৰ শ্ৰমিক আৰু বিষয়া-কৰ্মচাৰীৰ খাদ্য সামগ্ৰী, আশ্ৰয় প্ৰদান কৰাৰ লগতে সামাজিক দুৰত্ব পালন কৰাটো সুনিশ্চিত কৰিব লাগিব৷

বিদেশী সামগ্ৰী আমদানিতকৈ ঘৰুৱা সামগ্ৰীৰ পাদন বৃদ্ধি গুৰু্ত্ব দিয়াৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে৷ উদ্যোগসমূহক প্ৰযুক্তিৰ ব্যৱহাৰৰ আহ্বান জনাই তেওঁ লগতে কয় যে গৱেষণা, অভিনৱ উদ্ভাৱন আৰু গুণাগুনৰ উন্নয়নে ঔদ্যোগিক বিকাশত এক মুখ্য ভূমিকা পালন কৰিব পাৰে৷

মন্ত্ৰীগৰাকীয়ে জাপানে চীনৰ পৰা তেওঁলোকৰ উদ্যোগবোৰ ঘুৰাই অনাৰ লগতে ভাৰতত বিনিয়োগৰ ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰি এই সূযোগ ভাৰতক বলৈ আহ্বান জনায়৷

এছছেমৰ প্ৰতিনিধিসকলৰ প্ৰশ্নোত্তৰত তেওঁ কয় যে চৰকাৰে এমএছএমই খণ্ডক সম্ভৱপৰ সকলোপ্ৰকাৰৰ সহায় আগবঢ়াব৷ তেওঁ সকলোকে ভিড-১৯ৰ সংকটৰ পৰা মুক্ত বলৈ একেলগে কাম কৰাৰ আহ্বান জনায়৷

 

*****

RCJ/SKP/IA/DB



(Release ID: 1618074) Visitor Counter : 141