প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 24 APR 2020 2:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে ২৩ এপ্ৰিল, ২০২০ত এক টেলিফোনিক বাৰ্তালাপ মিলিত হয়৷

দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্দৰ্ভত নিজৰ মত বিনিময় কৰে৷ এই মহামাৰীৰ লগতে ইয়াৰ ফলত অৰ্থনীতি আৰু সামাজিক দিশত পৰা প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দুয়োজনে ইজনে-সিজনক অৱগত কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰক চিকিসা সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলোধৰণৰ সহায় আগঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰত থকা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি দেশখনে আগবঢ়োৱা সহায়ৰ প্ৰশংসা কৰে৷

দুয়োগৰাকী নেতাই বৰ্তমানৰ প্ৰেক্ষাপটত ভাৰত-ছিংগাপুৰ কৌশলগত সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷ কভিড-১৯এ সৃষ্টি কৰা বৰ্তমান আৰু ভৱিষ্যতৰ পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰি যাব বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ সংকটৰ সময়ত ছিংগাপুৰৰ জনসাধাৰণক সু-স্বাস্থ্য আৰু কল্যান বাবে শুভকামনা জনায়৷

 

***

VRRK/AK/DB



(Release ID: 1617829) Visitor Counter : 169