শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড-১৯ৰ চিনাক্তকৰণক বাবে দেশৰ প্ৰথমটো ভ্ৰাম্যমান পৰীক্ষাগাৰ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে; প্ৰতিদিনে সম্পন্ন কৰিব পাৰিব ১,০০০ নমুনাৰ পৰীক্ষণ

Posted On: 23 APR 2020 6:46PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ভিডিঅকনফাৰেন্সিংযোগে ভিড-১৯ৰ নমুনা সংগ্ৰহ কৰিব পৰাবাইল বিএছএল- ভিআৰডিএল লেবনামৰ এটা ভ্ৰাম্যমান পৰীক্ষাগাৰ মুকলি কৰে৷ এই উপলক্ষে ভিডিঅকনফাৰেন্সিঙত শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সন্তোষ কুমাৰ গেংৱাৰ, গৃহ ৰাজ্য মন্ত্ৰী জি. কিষাণ ৰেড্ডি, তেলেংগানা চৰকাৰৰ পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন, উদ্যোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কে. টি. ৰামা, তেলেংগানা চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী চামাকুৰা, মালা ৰেড্ডিয়ে অংশগ্ৰহণ কৰে৷

ভাৰতীয় চিকিসা গৱেষণা পৰিষদ(আইচিএমআৰ) আৰু তেলেংগানা চৰকাৰৰ অনুমোদন ক্ৰমে হায়দৰাবাদৰ সনথ নগৰস্থিত ইএছআইচি মেডিকেল কলেজ আৰু হাস্পতালৰ সহযোগত ভাৰত চৰকাৰৰ ডিআৰডিঅ এই গৱেষণাগাৰটোৰ বিকাশ সাধন কৰিছে৷

এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সাধাৰণতে ৬মাহ সময়ৰ প্ৰয়োজন হোৱা এনে বায়’-ছেফটি লেভেল আৰু লেভেল গৱেষণাগাৰ কেৱল ১৫ দিনতে সম্পূৰ্ণ কৰাৰ বাবে ডিআইডিঅআৰু ইএছআইচিৰ প্ৰশংসা কৰে৷

শ্ৰম মন্ত্ৰী সন্তোষ গেংৱাৰেও দুয়োটা প্ৰতিষ্ঠানৰ কামৰ প্ৰশংসা কৰাৰ লগতে কয় যে ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত এই গৱেষণাগাৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ অনুষ্ঠানত গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে ডিআৰডিঅ বিজ্ঞানী আৰু ইএছআইচিৰ মেডিকেল কলেজ আৰু হাস্পতালৰ চিকিসকসকলক প্ৰশংসা কৰে৷

বাইল বিএছএল- ভিআৰডিএল লেব হৈছে দেশৰ প্ৰথমটো ভিড-১৯ৰ পৰীক্ষণ কৰিব পৰা ভ্ৰাম্যমান গৱেষণাগাৰ৷ এই গৱেষণাগাৰটো ডিআৰডিঅ বিকাশ সাধন কৰাৰ পাছত হায়দৰাবাদৰ সনথ নগৰস্থিত ইএছআইচি মেডিকেল কলেজ আৰু হাস্পতালক বিশেষ সুবিধা সংযোজন কৰিবলৈ দিয়া হয়৷ মুঠ ৭৫০খন বিচনাযুক্ত হায়দৰাবাদৰ সনথ নগৰস্থিত ইএছআইচি মেডিকেল কলেজ আৰু হাস্পতালখনে নমুনা সংগ্ৰহ, এইৰছল বক্স, ছেনিটাজাৰ ডিছপেনছাৰ, মাস্ক, পুনৰ ব্যৱহাৰযোগ্য পিপিই ইত্যাদি প্ৰস্তুত কৰি ভিড-১৯ বিৰোধী যুঁজলৈ বিশেষ অৱদান আগবঢ়াইছে৷

উল্লেখ্য যে এই সংকটৰ সময়ত দেশৰ ১৩খন ইএছআইচি হাস্পতালত ১৮৬১খন আইছলেচন বেড স্থাপন কৰি ভিড-১৯ৰ নামত উচৰ্গা কৰিছে৷ তদুপৰি, এই হাস্পতালসমূহত ১৯৭ ভেণ্টিলেটৰসহ ৫৫৫খন আইচিইউ/এইচডিইউ বেডৰ ব্যৱস্থা কৰা হৈছে৷

*****

RCJ/SKP/IA/DB



(Release ID: 1617826) Visitor Counter : 136