শক্তি মন্ত্ৰালয়

‘লকডাউন’ৰ সময়চোৱাতো স্বাস্থ্যবিধি মানি পৌৰ-সীমাৰ বাহিৰত থকা শক্তি প্ৰকল্পসমূহৰ নিৰ্মাণৰ দৰে কাম-কাজ আগবঢ়াই নিবলৈ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰলৈ পৰামৰ্শ কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ

Posted On: 23 APR 2020 2:47PM by PIB Guwahati

’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশজুৰি বলবত্ কৰা ‘লকডাউন’ৰ সময়চোৱাতো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা ১৫-০৪-২০ত প্ৰকাশ কৰা বিধি-নিৰ্দেশনা মানি চলি পৌৰ-সীমাৰ বাহিৰত থকা শক্তি প্ৰকল্পসমূহৰ নিৰ্মাণৰ দৰে কাম-কাজ আগবঢ়াই নিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহলৈ পৰামৰ্শ আগবঢাইছে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ, জিলা দণ্ডাধীশ, আৰক্ষী প্ৰশাসন, পৌৰ নিকায়সূমহলৈ যোৱা ২০-০৪-২০২০ত মন্ত্ৰালয়টোৰ তৰফৰ পৰা প্ৰেৰণ কৰা বাৰ্তাত কোৱা হয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা নং-৪০-৩-২০২০-ডিএম-আই(ক)ৰ অধীনত যোৱা ১৫-০৪-২০২০ত প্ৰেৰণ কৰা বিধি-নিৰ্দেশনাৱলীৰ ১৬(i) দফাৰ আধাৰত গ্ৰামাঞ্চলত থকা অৰ্থাত পৌৰ নিকায় এলেকাৰ বাহিৰত থকা সকলো ঔদ্যোগিক প্ৰকল্পৰ নিৰ্মাণৰ কাম ২০এপ্ৰিল,২০২০ৰ পৰা আগবঢ়াই নিয়াৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। এই নিৰ্দেশনা চহৰীয়া-স্থানীয় নিকায়ৰ সীমাৰ বাহিৰত থকা সকলোবোৰ নিৰ্মীয়মান তাপ-বিদ্যুত, জল-বিদ্যুত প্ৰকল্পৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

ইফালে, মন্ত্ৰালয়টোৱে নিৰ্দেশনা নং-৪০-৩-২০২০-ডিএম-আই(ক)ৰ অধীনত যোৱা ১৫-০৪-২০২০ত প্ৰেৰণ কৰা বিধি-নিৰ্দেশনাৱলীৰ ১২(৪) দফাৰ আধাৰত উল্লিখিত প্ৰকল্পসমূহৰ বাবে প্ৰয়োজন হোৱা নিৰ্মাণ সামগ্ৰী, উপকৰণ, যন্ত্ৰাংশ আদিৰ লগতে ইয়াত ব্যৱহৃত হ’ব পৰা অন্যান্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণৰ অনুমতি প্ৰদানৰ বাবেও অনুৰোধ জনায়।

অৱশ্যে, এই সকলো ধৰণৰ কাম-কাজ সম্পন্ন কৰাৰ মুহূৰ্তত সামাজিক ব্যৱধানবিধি মানি চলাৰ লগতে কেন্দ্ৰীয় গৃহ আৰু স্বাস্থ্য মন্ত্ৰায়ৰ তৰফৰ পৰা আগবঢ়োৱা পৰামৰ্শাৱলী সংশ্লিষ্ট সকলো পক্ষই কঠোৰ ভাবে মানি চলিব লাগিব বুলি বাৰ্তাটোত সঁকীয়াই দিয়া হৈছে।

***

RCJ/M/KB



(Release ID: 1617697) Visitor Counter : 152