ৰেল মন্ত্ৰালয়

২২ এপ্ৰিল, ২০২০ত ভাৰতীয় ৰে’লৱেই অভিলেখ ৰচনাৰে ১১২ৰেকত প্ৰায় ৩.১৩লাখ টন সামগ্ৰী বোজাই কৰিছে

ভাৰতীয় ৰে’লৱেই কৃষিজাত খাদ্য সামগ্ৰী সঠিক সময়ত উঠাই সমগ্ৰ দেশত সৰবৰাহ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

০১.০৪.২০২০ৰ পৰা ২২.০৪.২০২০লৈকে ভাৰতীয় ৰে’লৱেই বৰ্তমান ৪.৫৮ মিলিয়ন টন সামগ্ৰী সৰবৰাহ কৰা বিপৰীতে এই সমছোৱাত যোৱা বছৰত ১.৮২ মিলিয়ন সামগ্ৰী পৰিবহণ কৰা হৈছিল

Posted On: 23 APR 2020 4:20PM by PIB Guwahati

ক’ভিড-১৯ৰ বাবে দেশজোৰা লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেই মালবাহী ৰে’লৰ জৰিয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰ্যাপ্ততা সুনিশ্চিত কৰাৰ দিশত সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

কোনো অসুবিধা নোহোৱাকৈ সকলো ভাৰতীয়ৰ ঘৰৰ ৰন্ধনশাল যাতে স্বাভাৱিকভাৱে চলি থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি ২২ এপ্ৰিল. ২০২০ত ভাৰতীয় ৰে’লৱেই ১১২ ৰেকত ৩.১৩ লাখ টন খাদ্য সামগ্ৰী বোজাই কৰি ৯ এপ্ৰিলত ৯২ ৰেক(২.৫৭লাখ টন)ৰ লগতে ১৪ আৰু ১৮ এপ্ৰিল, ২০২০ত ক্ৰমে ৮৯ ৰেক(২.৪৯লাখ টন) সামগ্ৰী বোজাই কৰাৰ অভিলেখ ভংগ কৰিছে৷

০১.০৪.২০২০ৰ পৰা ২২.০৪.২০২০লৈকে ভাৰতীয় ৰে’লৱেই বৰ্তমান ৪.৫৮ মিলিয়ন টন সামগ্ৰী সৰবৰাহ কৰা বিপৰীতে এই সমছোৱাত যোৱা বছৰত ১.৮২ মিলিয়ন সামগ্ৰী বোজাই কৰাৰ লগতে পৰিবহণ কৰিছিল৷

লকডাউন সময়চোৱাত যোগান ব্যৱস্থাত কোনো যতি নপৰাকৈ ভাৰতীয় ৰে’লৱেই কৃষিজাত খাদ্য সামগ্ৰী সঠিক সময়ত উঠাই সমগ্ৰ দেশত সৰবৰাহ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ উঠোৱা-নমোৱা আৰু পৰিবহণ কামবোৰ পূৰ্ণগতিত চলি আছে৷ এই ক্ষেত্ৰত কৃষি মন্ত্ৰালয়ে সু-সম্পৰ্ক ৰক্ষা কৰিছে৷

****

SG/MKV/DB



(Release ID: 1617695) Visitor Counter : 171