হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সময়ছোৱাত নিজৰ কৰ্মচাৰীক সুৰক্ষা দিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ উত্তৰ ডিএমচিৰ

কৰ্মচাৰীসকলক পিপিই কিট যোগান ধৰিবৰ বাবে প্ৰতিটো সংক্ৰমিত অঞ্চলৰ বাহিৰতেই ডকিং ষ্টেশ্যন গঠন

Posted On: 22 APR 2020 11:46AM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ এই পৰীক্ষাৰ সময়ছোৱাত উত্তৰ দিল্লী পৌৰ নিগমে ইয়াৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ সমগ্ৰ চহৰখনৰ আটাইবোৰ সংক্ৰমিত এলেকাতে যাতে পৰ্যাপ্ত পৰিমাণৰ সেৱা আগবঢ়াব পাৰি, সেয়া নিশ্চিত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰ নিগমে।

উত্তৰ দিল্লী পৌৰ নিগমে প্ৰতিটো সংক্ৰমিত এলেকাৰ বাহিৰতে একোটাকে ডকিং ষ্টেশ্যন স্থাপন কৰিছে। পৌৰ নিগমৰ প্ৰতিগৰাকী কৰ্মচাৰীয়েই, সেয়া লাগিলে ছেনিটাইজেশ্যন, অভিযান্ত্ৰিক, জনস্বাস্থ্য বা অইন বিভাগৰেই হওঁক, প্ৰতিগৰাকী কৰ্মচাৰীয়েই তেওঁলোকৰ দিনটোৰ কাম এই ডকিং ষ্টেশ্যনৰ পৰাই আৰম্ভ কৰিব লাগিব। প্ৰতিগৰাকীয়েই ইয়াত ৰিপ’ৰ্ট কৰিব লাগে আৰু তাতেই তেওঁলোকক সুবিধানুসৰি পিপিই কিট প্ৰদান কৰা হয়।

 

Description: Image

 

প্ৰতিটো সংক্ৰমিত এলেকাত প্ৰৱেশ কৰোতে যাতে সম্পূৰ্ণ সুৰক্ষাসহ প্ৰৱেশ কৰিব পাৰি সেয়া নিশ্চিত কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে পৌৰ নিগম কৰ্তৃপক্ষই। কৰ্মচাৰীসকলে কাম শেষ কৰি পুনৰ এই ডকিং ষ্টেশ্যনলৈ উভতি আহিব লাগে আৰু ইয়াতেই তেওঁলোকৰ সুৰক্ষা সামগ্ৰীবোৰ নিষ্কাশন কৰিব লাগে আৰু তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ পূৰ্বে তেওঁলোকক সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হয়, যাতে তেওঁলোকে দেহত কোনোধৰণৰ সংক্ৰমণ কঢ়িয়াই লৈ নাযায়।

 

Description: Image

 

নিগমৰ কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্তব্য সমাপন কৰাৰ পিছত পৃথক স্থানত খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হয়, কিয়নো সংক্ৰমিত এলেকাত খাদ্য গ্ৰহণ কৰিবলৈ দিয়া নহয়। কৰ্তব্যৰ সময়ত সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব মানি চলা হয়। একেধৰণে ডকিং ক্ষেত্ৰতো সামাজিক ব্যৱধান মানি চলা হয়। পিপিই কিট কেনেদৰে পৰিধান কৰিব লাগে আৰু সেইবোৰ কেনেদৰে সুৰক্ষিতভাৱে নিষ্কাশন কৰিব লাগে সেই সন্দৰ্ভত সকলো কৰ্মচাৰীকে বিশেষভাৱে প্ৰশিক্ষণো প্ৰদান কৰা হৈছে।

 

******

RJ/DKS/RD



(Release ID: 1617686) Visitor Counter : 122