বিত্ত মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজঃ এই পৰ্যন্ত অগ্ৰগতিৰ খতিয়ান

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ৩৩ কোটিতকৈও অধিক লোকে লাভ কৰিছে ৩১,২৩৫ কোটি টকাৰ বিত্তীয় সাহায্য

২০.০৫ কোটি জন ধন একাউণ্টৰ মহিলা হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে ১০,০২৫ কোটি টকা

২.৮২ কোটি বয়সস্থ ব্যক্তি , বিধৱা আৰু দিব্যাংগসকলৰ বাবে ১৪০৫ কোটি টকা মুকলি কৰা হৈছে

পিএম কিষাণৰ প্ৰথম কিস্তিঃ ৮ কোটি কৃষকক প্ৰদান কৰা হৈছে ১৬,১৪৬ কোটি টকা

ইপিএফ অৱদান হিচাপে ৬৮,৭৭৫টা প্ৰতিষ্ঠানলৈ প্ৰদান কৰা হৈছে ১৬২ কোটি টকা, উপকৃত হৈছে ১০.৬ লাখ কৰ্মচাৰী

২.১৭ কোটি নিৰ্মাণ কৰ্মীয়ে লাভ কৰিছে ৩৪৯৭ কোটি টকাৰ বিত্তীয় সাহায্য

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা

৩৯.২৭ কোটি হিতাধিকাৰীক বিনামূলীয়া খাদ্য-সামগ্ৰী প্ৰদান কৰা হৈছে

বিভিন্ন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ বিতৰণ কৰা হৈছে ১,০৯,২২৭ মেট্ৰিকটন দাইল

প্ৰধানমন্ত্ৰী উজ্বলা যোজনাঃ ২.৬৬ কোটি বিনামূলীয়া উজ্বলা চিলিণ্ডাৰ বিতৰণ কৰা হৈছে

Posted On: 23 APR 2020 12:10PM by PIB Guwahati

২৬ মাৰ্চ ২০২০ তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা অনুসৰি কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ পৰিস্থিতি চম্ভালিবলৈ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ডিজিটেল পৰিশোধ আন্তঃগাঁথনি ব্যৱহাৰ কৰি ৩৩ কোটিতকৈও অধিক দৰিদ্ৰ লোকক প্ৰত্যক্ষভাৱে ৩১,২৩৫ কোটি টকা (২২ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত) প্ৰদান কৰা হৈছে৷

পিএমজিকেপিৰ অংশ হিচাপে চৰকাৰে বিনামূলীয়া খাদ্য-সামগ্ৰীৰ ঘোষণা কৰাৰ লগতে মহিলা, দৰিদ্ৰ জ্যেষ্ঠ নাগৰিক আৰু কৃষকসকলক নগদ ধন প্ৰদান কৰিছে৷

২২ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত নিম্নোল্লিখিত বিত্তীয় সাহায্যসমূহ (নগদ ধন) হিতাধিকাৰীলৈ মুকলি কৰি দিয়া হৈছে

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ

২২-০৪-২০২০ তাৰিখ পৰ্যন্ত মুঠ প্ৰত্যক্ষ লাভ স্থানান্তৰণ

আঁচনি

হিতাধিকাৰীৰ সংখ্যা

স্থানান্তৰ কৰা ধনৰ পৰিমাণ

পিএমজেডিৱাই মহিলা একাউণ্ট হিতাধিকাৰীলৈ সমৰ্থন

২০.০৫ কোটি (৯৮%)

১০,০২৫ কোটি

এনএছএপিলৈ সমৰ্থন (বয়সস্থ বিধৱা, দিব্যাংগ, জ্যেষ্ঠ নাগৰিক)

.৮২ কোটি (১০০%)

১৪০৫ কোটি

পিএম-কিষাণৰ অধীনত ধন পৰিশোধ

কোটি (৮ কোটিৰ ভিতৰত)

১৬,১৪৬ কোটি

ভৱন আৰু অন্যান্য নিৰ্মাণ কৰ্মীলৈ সমৰ্থন

.১৭ কোটি

৩৪৯৭ কোটি

ইপিএফঅলৈ ২৪% অৱদান

.১০ কোটি

১৬২ কোটি

মুঠ

৩৩.১৪ কোটি

৩১,২৩৫ কোটি

 

হিতাধিকাৰীসকললৈ দ্ৰুত গতিত আৰু কাৰ্যকৰী ধন স্থানান্তৰণৰ বাবে ফিনটেক আৰু ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷ পিমজিকেপিৰ অধীনত এই পৰ্যন্ত লাভ কৰা সফলতাসমূহ তলত উল্লেখ কৰা হৈছেঃ

 

. প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাঃ

এই পৰ্যন্ত ৩৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ ৪০.০৩ লাখ মেট্ৰিকটন খাদ্য-শস্য বিতৰণ কৰা হৈছে৷বিভিন্ন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ ১,০৯,২২৭ মেট্ৰিকটন দাইলো প্ৰেৰণ কৰা হৈছে৷

 

. প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীলৈ বিনামূলীয়া গেছ চিলিণ্ডাৰঃ

পিএমইউৱাইৰ অধীনত মুঠ এই পৰ্যন্ত ৩.০৫ কোটি চিলিণ্ডাৰ বুক কৰা হৈছে আৰু ইয়াৰে ২.৬৬ কোটি বিনামূলীয়া চিলিণ্ডাৰ হিতাধিকাৰীলৈ ইতিমধ্যে যোগান ধৰা হৈছে৷

 

. ইপিএফঅৰ সদস্যসকললৈ প্ৰদান কৰা হৈছে বকেয়া ধনৰ অফেৰৎযোগ্য অগ্ৰীমৰ ৭৫% অথবা ৩ মাহৰ দৰমহা, যিটোৱেই কম হয়ঃ

.০৬ লাখ ইপিএফঅৰ সদস্যই এই পৰ্যন্ত ১৯৫৪ কোটি টকা অনলাইন যোগে উলিয়াইছে৷

 

. ১০০ জন কৰ্মী থকা প্ৰতিষ্ঠান যাৰ মাহিলী দৰমহা ১৫,০০০ টকাতকৈ কম, তেওঁলোকৰ বাবে ৩ মাহৰ ইপিএফঅঅৱদান; ইপিএফঅঅৱদান হিচাপে দৰমহাৰ ২৪% প্ৰদানঃ

এই পৰ্যন্ত ৬৮,৭৭৫টা প্ৰতিষ্ঠানৰ মুঠ ১০.৬ লাখ কৰ্মচাৰীলৈ ১৬২.১১ কোটি টকা স্থানান্তৰ কৰা হৈছে৷

 

. এমএনৰেগাঃ

চলিত বিত্তীয় বৰ্ষত ১.২৭ কোটি ব্যক্তিৰ কৰ্মদিন সৃষ্টি হৈছে৷ তাৰোপৰি দিবলৈ বাকী থকা দৰমহা আৰু সামগ্ৰীৰ বাবে ৰাজ্যসমূহলৈ ৭৩০০ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

 

. চৰকাৰী চিকিৎসায় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰসমূহৰ স্বাস্থ্যকৰ্মীসকলৰ বাবে বীমা আঁচনিঃ

এই আঁচনি নিউ ইণ্ডিয়া এছ্যুৰেন্সৰ অধীনত ২২.১২ লাখ স্বাস্থ্যকৰ্মীক সামৰি প্ৰণয়ন কৰা হৈছে৷

 

. কৃষকলৈ সমৰ্থনঃ

পিএম-কিষাণৰ প্ৰথম কিস্তিত ১৬,১৪৬ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

 

. পিএমজেডিৱাই মহিলা একাউণ্ট হিতাধিকাৰীলৈ সমৰ্থনঃ

এই পেকেজৰ অধীনত ২০.০৫ কোটি মহিলা জন ধন একাউণ্টৰ গৰাকীয়ে ৫০০ টকাকৈ তেওঁলোকৰ একাউণ্টত লাভ কৰিছে৷ ২২ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত ১০,০২৫ কোটি টকা মুকলি কৰা হৈছে৷

 

. বয়সস্থ লোক, বিধৱা আৰু দিব্যাংগসকললৈ সমৰ্থনঃ

.৮২ কোটি বয়সস্থ লোক, বিধৱা আৰু দিব্যাংগ লোকলৈ ১,৪০৫ কোটি টকা মুকলি কৰি দিয়া হৈছে৷ প্ৰতিজন হিতাধিকাৰীয়ে প্ৰথম কিস্তি হিচাপে ৫০০ টকাৰ অনুগৃহীত ৰাশি লাভ কৰিব৷ অহা মাহত ৫০০ টকাৰ আনটো কিস্তি দিয়া হব৷

 

১০. ভৱন আৰু অন্যান্য নিৰ্মাণ কৰ্মীসকললৈ সমৰ্থনঃ

এই পৰ্যন্ত ২.১৭ কোটি ভৱন আৰু নিৰ্মাণ কৰ্মীক ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ভৱন আৰু নিৰ্মাণ কৰ্মীৰ পুঁজিৰ পৰা ৩,৪৯৭ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে৷

 

RM/KMN/MANN



(Release ID: 1617402) Visitor Counter : 241