তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দুৰসংযোগ বিভাগৰ দ্বাৰা কোনো বিনামুলীয়া ইণ্টাৰনেটৰ ব্যৱস্থা কৰা নাই

১৫ অক্টোবৰলৈকে হোটেল বন্ধ ৰখাৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই পৰ্যটন মন্ত্ৰালয়ে

Posted On: 22 APR 2020 9:10PM by PIB Guwahati

দূৰসংযোগ বিভাগে মেলৈকে বিনামুলীয়া ইণ্টাৰনেট যোগান নধৰে বুলি প্ৰেছ ইনফৰমেচন ব্যুৰ ফেক্ট চেক ইউনিট বিভাগে আজি স্পষ্ট কৰিছে৷ প্ৰচাৰিত ভুৱা বাতৰিত এটা লিংক প্ৰদান কৰি কোৱা হৈছে যে ঘৰৰ পৰা কাম কৰা সকলোকে বিভাগটোৱে বিনামুলীয়া ইণ্টাৰনেট সেৱা আগবঢ়াব৷ পিআইবি ফেক্ট চেক ইউনিট বিভাগে এই দাবী ভুল আৰু লিংকটো ভুৱা বুলি স্পষ্ট কৰে৷ https://twitter.com/PIBFactCheck/status/1252933594579824643?s=20

 

ইফালে, কোনো কোম্পানীৰ কৰ্মচাৰী যদি ভি-১৯ত আক্ৰান্ত হয়, তেতিয়া কোম্পনীৰ সঞ্চালক আৰু পৰিচালন বিভাগৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰচাৰি বাতৰিও ভুল বুলি স্পষ্টকৈ জনাইছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে৷ ইয়াৰ পৰিৱৰ্তে নিৰ্দেশনাটোত কোনো নিয়োক্তাৰ অনুমতি, জ্ঞাতসাৰে বাব অৱজ্ঞাৰ ফলত যদি কোনো ধৰণৰ অপৰাধ সংঘটিত হয় তেতিয়াহে শাস্তিমুলক ব্যৱস্থা লোৱা বুলি উল্লেখ কৰা হৈছে৷

এইবোৰ পাবলৈ পিআইবি ফেক্ট চেকে টুইটাৰত এই লিংক দিছে৷

https://twitter.com/PIB_India/status/1252861361777897472?s=20

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখাপাত্ৰৰ দ্বাৰা টুইটাৰযোগে দিয়া স্পষ্টীকৰণ এই লিংক ত পাব৷https://twitter.com/PIBHomeAffairs/status/1252897072526704640?s=20

 

আনএটা বিষয়ত পিআইবি ফেক্ট চেকে স্পষ্ট কৰিছে যে কৰোণাভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ বাবে পৰ্যটন মন্ত্ৰালয়ে ১৫ অক্টোবৰলৈকে হোটেল বন্ধ ৰাখিব লাগিব বুলি কোনো জাননী জাৰি কৰা নাই৷https://twitter.com/PIBFactCheck/status/1252888187363442689?s=20

পিআইবিৰ অসম আঞ্চলিক শাখাই উল্লেখ কৰিছে যে আইচিএমআৰে অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সন্দৰ্ভত কোনো ধৰণৰ অধ্যয়নত মনোনিৱেশ কৰা নাই৷ টুইটাৰৰ এক ফেক্ট চেকৰ প্ৰত্যুত্তৰত এইটো দাবী কৰা হৈছিল যে অসমীয়া লোকসকলক তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভিড-১৯এ আক্ৰমণ কৰিব নোৱাৰে আৰু আইচিএমআৰে এই ক্ষেত্ৰত জিনগত এক অধ্যয়ন কৰিছে৷https://twitter.com/PIB_Guwahati/status/1252932862971707392?s=20

 

পটভূমিঃ

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ছচিয়েল মিডিয়াত প্ৰচাৰি ভুৱা বাতৰি ৰোধ কৰাৰ বাবে পিআইবিয়ে এই উচৰ্গিত ইউনিট স্থাপন কৰিছে৷ PIBFactCheckএ এই পোষ্টবোৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি ভুৱা বাতৰিবোৰৰ বিপৰীতে শুদ্ধ তথ্য দিয়াৰ যত্ন কৰি আছে৷ পিআইবি ইণ্ডিয়াৰ উপৰি বিভিন্ন আঞ্চলিক শাখাসমূহেও টুইটাৰযোগে অপপ্ৰচাৰ ৰোধত গুৰুত্ব আৰোপ কৰিছে৷

যিকোনো লোকে PIBFactCheckত যিকোনো বাৰ্তা, টেক্স, অভিঅআৰু ভিডিঅআপলোড কৰি শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰিব পাৰে৷ তেওঁলোকো অনলাইন পৰ্টেল https://factcheck.pib.gov.in/ বা হোৱাটএপ নম্বৰত +918799711259 বাবে -মেইলযোগে: pibfactcheck[at]gmail[dot]com বাৰ্তা প্ৰেৰণ কৰিব পাৰে৷ ইয়াৰ সবিশেষ পিআইবিৰ ৱেবছাইট https://pib.gov.in উপলব্ধ৷

 

****

 

RCJ/SS



(Release ID: 1617389) Visitor Counter : 135