নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতীয় জাহাজত উঠোতে-নামোতে আৰু বন্দৰসমূহত চলা-ফিৰা কৰাৰ সময়ত যাত্ৰীসকলে পালন কৰিবলগীয়া বিধি-নিৰ্দেশনা জাৰি
শ্ৰী মনসুখ মাণ্ডবিয়াৰ আদৰণি, সাগৰীয় বন্দৰত নাবিকৰ সাল-সলনিৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি অভিমত প্ৰকাশ
प्रविष्टि तिथि:
22 APR 2020 1:28PM by PIB Guwahati
ভাৰতীয় জাহাজত উঠোতে-নামোতে আৰু বন্দৰসমূহত চলা-ফিৰা কৰাৰ সময়ত যাত্ৰীসকলে পালন কৰিবলগীয়া বিধি-নিৰ্দেশনা জাৰি কৰা কথাত সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় জাহাজ পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী(তত্বাৱধায়ক)শ্ৰী মনসুখ মাণ্ডবিয়াই। এই সন্দৰ্ভত প্ৰকাশ কৰা এক টুইট-বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ এই পদক্ষেপে সাগৰীয় বন্দৰত নাবিকসকলৰ সাল-সলনি কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি অভিমত প্ৰকাশ। একে সময়তে এই পদক্ষেপে ভাৰতীয় জাহাজৰ বহু সহস্ৰ যাত্ৰীয়ে বিগত দিনদিয়েকত ভোগ কৰিবলগীয়া হোৱা দুৰ্ভোগৰো অন্ত পেলাব বুলি আশা প্ৰকাশ কৰে।
উল্লেখ্য যে বাণিজ্যিক কাম-কাজৰ বাবে পৰিচালিত জাহাজসমূহৰ নাবিকসকলৰ সাল-সলনি কৰাতো এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। যোৱা ২১এপ্ৰিল, ২০২০ত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই সংক্ৰান্তীয় বিধি-নিৰ্দেশনা জাৰি কৰিছিল।
জাহাজ পৰিবহণ বিভাগৰ সঞ্চালক-প্ৰধানে ‘ছাইন অন’ আৰু ‘ছাইন-অফ’ সংক্ৰান্তত মানি চলিবলগীয়া বিধি-ব্যৱস্থাৱলীৰ বিস্তৃত পৰামৰ্শ আগবঢ়াব।
***
YB/AP/KB
(रिलीज़ आईडी: 1617347)
आगंतुक पटल : 274
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada