কেবিনেট

কেবিনেটে ‘ভাৰত ক’ভিড-১৯ জৰুৰী সাহায্য আৰু স্বাস্থ্য ব্যৱস্থা প্ৰস্তুতকৰণ পেকেজ’ৰ বাবে ১৫,০০০কোটি টকাৰ অনুমোদন জনাইছে

Posted On: 22 APR 2020 3:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত কভিড-১৯ জৰুৰী সাহায্য আৰু স্বাস্থ্য ব্যৱস্থা প্ৰস্তুতকৰণ পেকেজৰ বাবে ১৫,০০০কোটি টকাৰ উল্লেখনীয় বিনিয়োগত অনুমোদন জনাইছে৷ অনুমোদিত পুঁজি তিনিটা পৰ্যায়ত ব্যৱহাৰ কৰা হব৷ তাৎক্ষণিক কভিড-১৯ জৰুৰী সাহায্যৰ বাবে ৭,৭৭৪কোটিৰ ব্যৱস্থা কৰা হৈছে আৰু অৱশিষ্টখিনি মিছন মড দৃষ্টিভংগীৰ অধীনত মধ্যমকালীন(-৪বছৰ) সহযোগিতাৰ বাবে  প্ৰদান কৰা হব৷

ভাৰতত কভিড-১৯ৰ সংক্ৰমণ ৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ ক্ৰমাৎ বৃদ্ধি পোৱা জৰুৰী সাহায্যক এই পেকেজৰ মুখ্য উদ্দেশ্যই সাঙুৰি লয়৷ ডায়গনষ্টিকছ আৰু কভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসা সুবিধা, অত্যাৱশ্যকীয় চিকিৎসা সা-সজুলি আৰু সংক্ৰমিত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধৰ কেন্দ্ৰীভূত মজুতকৰণ সুবিধা বৃদ্ধি, ভৱিষ্যতৰ মহামাৰীৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য প্ৰণালীক শক্তিশালী আৰু সুদৃঢ় কৰা, লেবৰেটৰী স্থাপন, বায়’-ছিকিউৰিটী প্ৰস্তুতকৰণ, মহামাৰী গৱেষণা আদিত পেকেজৰ ধন ব্যয় হব৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সামগ্ৰিক তত্ত্বাৱধানত এই কাৰ্যসূচীসমূহ ৰূপায়ন কৰা হব৷

প্ৰথম পৰ্যায়ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আন সকলো সংশ্লিষ্ট মন্ত্ৰালয়ৰ সহায়ত ইতিমধ্যে নিম্নোক্ত কাৰ্যক্ৰমণিকাসমূহ গ্ৰহণ কৰিছেঃ

 

. পেকেজৰ অধীনত ৩,০০০কোটিৰ অতিৰিক্ত পুঁজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মুকলি কৰি দিয়া হ, যাতে বৰ্তমানৰ স্বাস্থ্য সুবিধাসমূহক কভিড-১৯ৰ বাবে সমৰ্পিত চিকিৎসালয়, সমৰ্পিত কভিড স্বাস্থ্য কেন্দ্ৰ আৰু সমৰ্পিত কভিড কেয়াৰ চেণ্টাৰ হিচাপে উন্নীত কৰিব পৰা যায়৷ কোৱাৰিণ্টেইন, আইছলেচন, টেষ্টিং, চিকিৎসা, ৰোগৰ সংক্ৰমণ, স্বচ্ছতা, সামাজিক দূৰত্ব আৰু নিৰীক্ষণৰ বিস্তৃত নীতি-নিয়ম৷ হটস্পট চিনাক্ত কৰা হৈছে আৰু যথোপযুক্ত প্ৰতিৰোধী ৰণকৌশল ৰূপায়ন কৰা হৈছে৷

 

. ডায়গনষ্টিকছ লেবৰেটৰী নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে আৰু আমাৰ টেষ্টিং সক্ষমতা প্ৰতিদিনে বৃদ্ধি কৰা হৈছে৷ প্ৰকৃতাৰ্থত কভিড-১৯ৰ মোকাবিলা কৰিবলৈ নেচনেল টিবি এলিমিনেচন প্ৰগ্ৰেমৰ অধীনত পূৰ্বৰে পৰা থকা বহু-ৰোগ পৰীক্ষণ প্লেটফৰ্মৰ সুবিধাৰ ওপৰত ভিত্তি কৰি ১৩লাখ ডায়গনষ্টিকছ কিট আহৰণৰ বাবে অৰ্ডাৰ দিয়া হৈছে৷

 

. আশা কৰ্মীকে ধৰি সকলো স্বাস্থ্য কৰ্মীক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজঃ স্বাস্থ্য কৰ্মীৰ বাবে বীমা আঁচনিৰ অধীনত বীমাৰ আওতালৈ অনা হৈছে৷ ব্যক্তিগত সুৰক্ষা সা-সজুলি(পিপিই), এন৯৫ মাস্ক আৰু ভেণ্টিলেটৰ্ছ, টেষ্টিং কীটছ আৰু চিকিৎসাৰ বাবে ঔষধ কেন্দ্ৰীয়ভাৱে আহৰণ কৰা হৈছে৷

******

VRRK/SH/MS



(Release ID: 1617213) Visitor Counter : 288