পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ১০০০ এলপিজি বিতৰকৰ সৈতে বাৰ্তালাপ কৰিলে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে; দৰিদ্ৰসকলৰ সাহায্যাৰ্থে বিনামূলীয়া উজ্বলা ৰিফিলৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান

Posted On: 22 APR 2020 10:17AM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মঙলবাৰে সন্ধিয়া সমগ্ৰ দেশৰ প্ৰায় ১০০০ এলপিজি বিতৰকৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷

লকডাউনৰ সময়ছোৱাত ঘৰে ঘৰে এলপিচি চিলিণ্ডাৰ যোগানৰ নিশ্চিতি প্ৰদান কৰা বিতৰকসকলক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে তেওঁলোকক পিএমইউৱাইৰ হিতাধিকাৰীসকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া ৩টা এলপিজি চিলিণ্ডাৰ বিতৰণৰ যোগান বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷

মন্ত্ৰী প্ৰধানে তেওঁলোকক এলপিজি চিলিণ্ডাৰ বিতৰণৰ সময়ত ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৱশ্যকীয় সকলো সাৱধানতা অৱলম্বন কৰিবলৈও আহ্বান জনায়৷ তেওঁ কয় যে সন্মুখৰ শাৰীৰ যোদ্ধা অৰ্থাৎ ডেলিভাৰী কৰ্মীসকলে গ্ৰাহকসকলক ৰোগবিধ সন্দৰ্ভত প্ৰয়োজনীয় তথ্যও প্ৰদান কৰিব পাৰে৷ 

 

****

YB/MANN



(Release ID: 1616974) Visitor Counter : 212