সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

‘ধৰ্মনিৰপেক্ষতা আৰু সম্প্ৰীতি’ ৰাজনৈতিক ফেশ্বন নহয়, বৰং ই ভাৰত আৰু ভাৰতীয়ৰ বাবে ‘উত্তম ফেশ্বন’—মুখটাৰ আব্বাছ নকভী

তেওঁ কয় যে ভুৱা সংবাদ বিয়পাবলৈ এতিয়াও সক্ৰিয় হৈ আছে ‘পৰম্পৰাগত আৰু পেছাদাৰী ব’গাছ বাশ্বিং ব্ৰিগেড’ …আমি এই দুষ্ট চক্ৰৰ পৰা সতৰ্ক হৈ থাকিব লাগিব আৰু তেওঁলোকৰ দুষ্কাৰ্য প্ৰতিহত কৰিবলৈ আমি ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব

‘ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজক দূৰ্বল কৰিবলৈ এইধৰণৰ উৰাবাতৰি আৰু ষড়যন্ত্ৰৰ আশ্ৰয় লোৱা হৈছে’

‘সজাগতাৰ জৰিয়তে আমি কোৱাৰিণ্টেইন আৰু আইছ’লেচন কেন্দ্ৰৰ বিষয়ে উৰাবাতৰি আৰু ভুল তথ্য বিয়পোৱা কাৰ্য ৰোধ কৰিব লাগিব’

মুখটাৰ আব্বাছ নকভীয়ে জনসাধাৰণক আহ্বান জনায় যে সকলোৱে নিজৰ ঘৰৰ ভিতৰত থাকিয়ে ৰমজান মাহ পালন কৰা উচিত

Posted On: 21 APR 2020 1:44PM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ আব্বাছ নকভীয়ে আজি কয় যে ধৰ্মনিৰপেক্ষতা আৰু সম্প্ৰীতিৰাজনৈতিক ফেশ্বন নহয়, বৰং ভাৰত আৰু ভাৰতীয়ৰ বাবে উত্তম ফেশ্বন এই একক সংস্কৃতি আৰু সংকল্পই বৈচিত্ৰতাৰ মাজত ঐক্য ধাৰণাৰে দেশক একগোট কৰিছে৷

সংবাদ মাধ্যমৰ সৈতে মতবিনিময়ত শ্ৰী নকভীয়ে কয় যে সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ সাংবিধানিক, সামাজিক আৰু ধৰ্মীয় অধিকাৰ ভাৰতৰ সাংবিধানিক আৰু নৈতিক প্ৰতিশ্ৰুতি৷ আমি নিশ্চিত কৰা উচিত যে বৈচিত্ৰতাৰ মাজত ঐক্য শক্তিক আমি কোনো পৰিস্থিতিতে দূৰ্বল দিব নোৱাৰো৷

শ্ৰী নকভীয়ে কয় যে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা যিকোনো প্ৰকাৰৰ ভুৱা বাতৰি আৰু ষড়যন্ত্ৰৰ পৰা আমি সতৰ্ক হৈ থকা উচিত৷ এইধৰণৰ উৰা বাতৰি আৰু ষড়যন্ত্ৰই ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজক দূৰ্বল কৰিব পাৰে৷ আমি এই যুঁজত জয়ী বলৈ ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জাতি, ধৰ্ম নিৰ্বিশেষে সমগ্ৰ দেশবাসী এতিয়া ৰোনাৰ বিৰুদ্ধে যুঁজত ঐক্যবদ্ধ হৈ থিয় দিছে৷

নিজৰ ঘৰৰ ভিতৰত থাকি ৰমজান মাহ পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকে

শ্ৰী নকভীয়ে সকলো মুছলিম ধৰ্মীয় নেতা, ইমাম, ধৰ্মীয় আৰু সামাজিক সংগঠন আৰু মুছলিম সমূদায়ক কয় যে অহা ২৪ এপ্ৰিলৰ পৰা আৰম্ভ বলগীয়া পবিত্ৰ ৰমজান মাহত সকলোৱে এইবাৰ ঘৰৰ ভিতৰত থাকিয়ে প্ৰাৰ্থনা কৰিবলৈ যৌথ সিদ্ধান্ত লৈছে৷

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে যে ৩০ৰো অধিক ৰাজ্যিক ৱাকফ ৰ্ডে সকলো মুছলিম নেতা, ইমাম, ধৰ্মীয় আৰু সামাজিক সংগঠন, মুছলিম সমূদায় তথা স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয়েৰে পবিত্ৰ ৰমজান মাহৰ সময়ছোৱাত লকডাউন, কাৰ্ফিউ আৰু সামাজিক দূৰত্ব কঠোৰভাৱে আৰু সততাৰে পালন কৰিবলৈ ৰণকৌশলেৰে কাম কৰি আছে৷ সমগ্ৰ দেশে ৰোনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজি আছে৷

উল্লেখ্য যে, যোৱা সপ্তাহত শ্ৰী নকভীয়ে দেশৰ ৩০ৰো অধিক ৰাজ্যিক ৱাকফ ৰ্ডে মূৰব্বীসকলৰ সৈতে ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে এক বৈঠকত মিলিত হৈছিল৷ এই বৈঠকত তেওঁ মজান মাহৰ সময়ছোৱাত ধৰ্মীয় প্ৰাৰ্থনা কৰিবলগীয়া ব্যক্তিসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ৰাজ্যিক ৱাকফ ৰ্ডৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিছিল, যাতে সকলোৱে নিজৰ নিজৰ ঘৰৰ ভিতৰত থাকিয়ে প্ৰাৰ্থনা আগবঢ়ায়৷ দেশৰ প্ৰায় ৭লাখ পঞ্জীভুক্ত মছজিদ, ইদগাহ, ইমামবাড়ে, দৰগাহ আৰু অন্যান্য ধৰ্মীয়, সামাজিক প্ৰতিষ্ঠান ৰাজ্যিক ৱাকফ ৰ্ডৰ অন্তৰ্ভুক্ত৷ কেন্দ্ৰীয় ৱাকফ পৰিষদ ৰাজ্যিক ৱাকফ ৰ্ডৰ অভিভাৱক সংস্থা৷  

শ্ৰী নকভীয়ে লগতে কয় যে এই মহামাৰীক সন্মুখৰ পৰা মোকাবিলা কৰি থকা স্বাস্থ্য কৰ্মী, সুৰক্ষা কৰ্মী, প্ৰশাসনিক বিষয়া, চাফাই কৰ্মীসকলক সহযোগ কৰা উচিত৷ তেওঁলোকে এই মহামাৰীৰ সময়ত নিজৰ জীৱনক তুচ্ছ কৰি আমাৰ সুৰক্ষাৰ বাবে কাম কৰি আছে৷ সজাগতাৰ জৰিয়তে আমি কোৱাৰিণ্টেইন আৰু আইছলেচন কেন্দ্ৰৰ বিষয়ে উৰাবাতৰি আৰু ভুল তথ্য বিয়পোৱা কাৰ্য ৰোধ কৰিব লাগিব৷ এই কেন্দ্ৰসমূহ কেৱল ৰোনা ভাইৰাছৰ পৰা জনসাধাৰণক উদ্ধাৰৰ বাবে বা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে৷

শ্ৰী নকভীয়ে সকলো ৰাজ্যিক ৱাকফ ৰ্ড, ধৰ্মীয় আৰু সামাজিক সংগঠনক কয় যে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা যিকোনো উৰা-বাতৰি আৰু চক্ৰান্তৰ পৰা আমি সজাগ থকা উচিত৷ চৰকাৰে বৈষম্যহীনভাৱে সকলো নাগৰিকৰ সুৰক্ষা আৰু ভালৰ বাবে কাম কৰি আছে৷ যিকোনো প্ৰকাৰৰ উৰা-বাতৰি আৰু চক্ৰান্তই ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমাৰ যুঁজত দূৰ্বল কৰে৷ এইধৰণৰ উৰা-বাতৰি, বিভ্ৰান্তি আৰু ষড়যন্ত্ৰক পৰাভূত কৰি আমি ঐক্যবদ্ধভাৱে ৰোনাৰ বিৰু্দ্ধে যুঁজত জয়ী লাগিব৷

শ্ৰী নকভীয়ে সকলো ৰাজ্যক ৱাকফ ৰ্ডৰ বিষয়াসকলক সক্ৰিয় আৰু কাৰ্যকৰী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়, যাতে সকলো লোকে লকডাউন আৰু সামাজিক দূৰত্বৰ নিয়ম পালন কৰাটো নিশ্চিত হয়৷ পবিত্ৰ ৰমজান মাহত ঘৰৰ ভিতৰত থাকি ধৰ্মীয় দায়িত্ব পালন কৰিবলৈ তেওঁ সকলোকে অনুৰোধ জনায়৷ মন্ত্ৰীগৰাকীয়ে কয় যে ৰোনা মহামাৰীৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেশত সকলো ধৰ্মীয়-সামাজিক কাৰ্যসূচী আৰু মঠ-মন্দিৰ, গুৰুদ্বাৰ, গীৰ্জাঘৰ তথা অন্যান্য ধৰ্মীয় আৰু সামাজিক স্থানত জনসমাগম নিষিদ্ধ কৰা হৈছে৷ ঠিক একেদৰে, সকলো মছজিদ আৰু অন্যান্য মুছলিম ধৰ্মীয় স্থানতো জনসমাগম বন্ধ কৰা হৈছে৷

***

KGS/MS/MS



(Release ID: 1616922) Visitor Counter : 162