কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত ৮.৮৯কোটি কৃষক পৰিয়ালৰ বাবে ১৭,৭৯৩কোটি টকা মুকলি কৰি দিয়া হৈছে

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত ১৯.৫০কোটি পৰিয়ালৰ মাজত দাইল বিতৰণ কৰা হৈছে

Posted On: 20 APR 2020 7:57PM by PIB Guwahati

ভাৰত চৰকাৰৰ কৃষি, ক’ৰ্পোৰেচন আৰু কৃষক কল্যাণ বিভাগে লকডাউনৰ সময়ছোৱাত কৃষকৰ সুবিধা আগবঢ়োৱা আৰু কৃষিকাৰ্যৰ সৈতে জড়িত গতিবিধি অব্যাহত ৰাখিবলৈ তৃণমূল পৰ্যায়ত কেইবাটাও পদক্ষেপ হাতত লৈছে৷ শেহতীয়া স্থিতি তলত উল্লেখ কৰা ধৰণৰঃ

১. প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত লকডাউনৰ সময়ত অৰ্থাৎ যোৱা ২৪ মাৰ্চৰ পৰা আজিলৈ প্ৰায় ৮.৮৯ কোটি কৃষকৰ পৰিয়াল উপকৃত হৈছে আৰু ১৭,৭৯৩কোটি টকা এইপৰ্যন্ত মোকলাই দিয়া হৈছে৷

২. ক’ভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ সময়ছোৱাত চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত উপযুক্ত পৰিয়ালৰ মাজত দাইল বিতৰণ কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে প্ৰায় ১০৭,০৭৭.৮৫ মেট্ৰিক টন দাইল আগবঢ়োৱা হৈছে৷

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত দাইল বিতৰণে মুঠ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ১৯.৫০কোটি পৰিয়ালক উপকৃত কৰিছে৷

 

*****

APS/PK/MS/MS



(Release ID: 1616599) Visitor Counter : 262