প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ যুঁজিব ভাৰত আৰু আফগানিস্তানেঃ প্ৰধানমন্ত্ৰী

Posted On: 20 APR 2020 7:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰত আৰু আফগানিস্তান, দুয়োখন দেশে ঐক্যৱদ্ধভাৱে যুঁজিব৷ আফগানিস্তানৰ ৰাষ্ট্ৰপতি ড আশ্ৰফ ঘানিয়ে ভাৰতে আফগানিস্তানলৈ প্ৰেৰণ কৰা হাইড্ৰ’ক্সিক্ল’ৰ’কুইন, পেৰাচিটামল তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে কৃতজ্ঞতা জনাই টুইটাৰত প্ৰকাশ কৰা এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে মন্তব্য দিয়ে৷

আফগানিস্তানৰ ৰাষ্ট্ৰপতিক উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এইদৰে লিখে, ‘‘ভাৰত আৰু আফগানিস্তানৰ বন্ধুত্বৰ সম্পৰ্ক অতিশয় গুৰুত্বপূৰ্ণ আৰু এই বন্ধুত্ব ইতিহাস, ভূগোল আৰু সংস্কৃতিৰ বান্ধোনৰ ওপৰত নিৰ্ভৰশীল৷ দীৰ্ঘদিন ধৰি আমি ঐক্যৱদ্ধভাৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আহিছো৷ ঠিক সেইদৰে আমি ক’ভিড-১৯ৰ বিৰুদ্ধেও সহযোগিতাৰে ঐক্যৱদ্ধভাৱে যুঁজি যাম৷’’

*****

VRRK/KP/MANN



(Release ID: 1616572) Visitor Counter : 172