গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় খাদ্য নিগম (FCI)-ৰ কাৰ্য-কলাপ

এফচিআইয়ে ২৫ দিনৰ লকডাউনৰ সময়ছোৱাত প্ৰায় ৪,৪২,০০০ মেট্ৰিক টন সামগ্ৰীৰ সৈতে ১৫৮খন ৰে’লত উত্তৰ পূৰ্বাঞ্চললৈ খাদ্য-সামগ্ৰী পৰিবহণ কৰিছে যি প্ৰতিমাহে পৰিবহণ কৰা গড়ে প্ৰায় ৮০খন ৰে’লৰ দুগুণ


উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলসমূহলৈ ৰে'লপথৰ লগতে স্থলপথেৰেও বৃহৎ পৰিমাণত সামগ্ৰীৰ পৰিবহণ কৰা হৈছে

Posted On: 19 APR 2020 8:56PM by PIB Guwahati

২৪.০৩.২০২০ তাৰিখৰ পৰা দেশজুৰি লকডাউন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় খাদ্য নিগম (এফচিআয়ে) বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলক৷ সীমিত সংখ্যক ৰেলৰ পৰিবহণ ব্যৱস্থাৰ বাবে সামগ্ৰী পৰিবহণত প্ৰত্যাহ্বানৰ সৃষ্টি হলেও এফচিআইৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ চাউল আৰু দাইলৰ যোগানত কোনো বাধাৰ সৃষ্টি হোৱা নাই৷

এফচিআইয়ে ২৫ দিনৰ লকডাউনৰ সময়ছোৱাত প্ৰায় ,৪২,০০০ মেট্ৰিকটন সামগ্ৰীৰ সৈতে ১৫৮খন ৰেলত উত্তৰ পূৰ্বাঞ্চললৈ খাদ্য-সামগ্ৰী পৰিবাহিত কৰিছে যি প্ৰতিমাহে পৰিবহণ হোৱা গড়ে প্ৰায় ৮০খন ৰেলৰ দুগুণ হিচাপে বিবেচিত হৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যৰ এফচিআইৰ ৮৬টা গুডামৰ ভিতৰত কেৱল ৩৮টাত হে ৰেল যোগাযোগৰ ব্যৱস্থা আছে৷ মেঘালয় সম্পূৰ্ণ পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীল আৰু অৰুণাচলৰ ১৩টা গুডামৰ ভিতৰত ২টাত হে ৰেল যোগাযোগৰ ব্যৱস্থা আছে৷ আনহাতে মণিপুৰলৈ নাগালেণ্ডৰ ডিমাপুৰলৈ ৰেলেৰে সামগ্ৰী পৰিবহণ হোৱাৰ পিছত পথ পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷

অসমৰ বাবে ট্ৰাকৰ পৰিবহণ সাধাৰণতে ব্যৱহাৰ কৰা হৈছে৷ ২৫ দিনীয়া লকডাউনৰ সময়ছোৱাত অসমৰ পৰা মেঘালয়লৈ ৩৩,০০০ মেট্ৰিকটন খাদ্য সামগ্ৰী পথেৰে পৰিবহণ কৰা হৈছে৷ ঠিক সেইদৰে অৰুণাচললৈ ১১,০০০ মেট্ৰিকটন, ডিমাপুৰৰ পৰা মণিপুৰলৈ ১৪,০০০ মেট্ৰিকটন সামগ্ৰী পৰিবহণ কৰা হৈছে৷

অসমৰ কেইটামান গুডামৰ বাহিৰে অন্য গুডামসমূহৰ আকাৰ সৰু হোৱাৰ পৰিপ্ৰেক্ষিতত পিডিএছ কাৰ্যাৱলীৰ বাবে নিয়মীয়া যোগান অত্যাৱশ্যকীয় হৈ পৰিছে৷ আনহাতে সীমা অঞ্চলত বলৱৎ হোৱা নিষেধাজ্ঞাসমূহৰ বাবেও এফচিআয়ে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে৷

কিন্তু ২৫ দিনীয়া লকডাউনৰ সময়ছোৱাত ৩,৫১,০০০ মেট্ৰিকটন খাদ্য সামগ্ৰী বিভিন্ন ৰাজ্যলৈ আৰু ১,৭৪,০০০ মেট্ৰিকটন খাদ্য সামগ্ৰী পিএমজিএৱাই আঁচনিৰ অধীনত নিম্নোক্ত ধৰণে যোগান ধৰা হৈছেঃ

অসমঃ ২,১৬,০০০ মেট্ৰিকটন

অৰুণাচল প্ৰদেশঃ ১৭,০০০ মেট্ৰিকটন

মেঘালয়ঃ ৩৮,০০০ মেট্ৰিকটন

মণিপুৰঃ ১৮,০০০ মেট্ৰিকটন

মিজোৰামঃ ১৪,০০০ মেট্ৰিকটন

নাগালেণ্ডঃ ১৪,০০০ মেট্ৰিকটন

ত্ৰিপুৰাঃ ৩৩,০০০ মেট্ৰিকটন

এনএফএছএ আৰু পিএমজিকেএৱাইৰ আৱণ্টনৰ উপৰিও ৰাজ্যসমূহক এফচিআইয়ে মুক্ত বজাৰ বিক্ৰী দৰত অতিৰিক্তভাৱে চাউল আৰু আটা যোগান ধৰিছে৷ ইতিমধ্যেই অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মণিপুৰে এই আঁচনিৰ অধীনত সামগ্ৰী গ্ৰহণ কৰিছে৷

 

*****

APS/PK/MS/BA/MANN



(Release ID: 1616293) Visitor Counter : 282