গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে দিয়া লকডাউনৰ ক্ষেত্ৰত ২০ এপ্ৰিলৰ পিছত আনিবলগীয়া শিথিলতাৰ বিষয়ে ৰাজ্যসমূহৰ লগত আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিছে

Posted On: 19 APR 2020 4:59PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে কালি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা দেশত ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয় আৰু তেওঁলোকক ক’ভিড-১৯ মহামাৰীৰ নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে দিয়া লকডাউনৰ ক্ষেত্ৰত ২০ এপ্ৰিলৰ পিছত আনিবলগীয়া শিথিলতাৰ বিষয়ে ৰাজ্যসমূহৰ লগত আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে।

গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়াও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে আৰু সেয়ে লকডাউনৰ ক্ষেত্ৰত থকা বাধ্যবাধকতাৰ বিষয়টো অতি সযতনে পৰ্যালোচনা কৰা উচিত।

পৰিস্থিতিৰ পৰ্যালোচনা কৰি গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনাৰ হটস্পট নোহোৱা বা বিপদজ্জনক হিচাপে চিহ্নিত নোহোৱা অঞ্চলৰ কেইবাটাও নিৰ্দিষ্ট খণ্ডৰ কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন সুনিশ্চিত কৰি অনুমতি প্ৰদান কৰা হৈছে।

গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে গ্ৰাম্যাঞ্চলত নিৰ্দিষ্ট কিছুমান অৰ্থনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰত শিথিলতা অনা হৈছে। জিলা দণ্ডাধীশ/জিলা উপায়ুক্তসকলে উদ্যোগৰ লগত সহযোগিতা কৰি শ্ৰমিকসকলক ৰাজ্যৰ ভিতৰতে অনা-নিয়াৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। মোদী চৰকাৰে বিশ্বাস কৰে যে এই পৰিস্থিতিয়ে অৰ্থনীতিক ত্বৰাণ্বিত কৰিব আৰু শ্ৰমিকক নিয়োগৰ সুবিধা প্ৰদান কৰিব।

একেদৰে ৰাজ্যসমূহে ডাঙৰ উদ্যোগ, ঔদ্যোগিক অঞ্চল, ঔদ্যোগিক কম্প্লেক্স আদি য’ত য’ত শ্ৰমিকসকলে থাকি লৈ কাম কৰিব পাৰে সেই ঠাইসমূহত কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। এনে কাৰ্যই অৰ্থনীতিক পুনৰোদ্ধাৰ কৰাৰ লগতে শ্ৰমিকসকলকো নিয়োগৰ সুবিধা প্ৰদান কৰিব। এই জটিল পৰিস্থিতিত মোদী চৰকাৰে সকলো নাগৰিকৰে অধিকাৰ সুৰক্ষিত ৰখাৰ প্ৰতি বদ্ধপৰিকৰ। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে জিলা দণ্ডাধীশ/জিলা উপায়ুক্তই কৃষি বা এম জি এনৰেগা আদিত শ্ৰমিকসকলক নিযুক্ত কৰাৰ সম্ভাৱনাক সদব্যৱহাৰ কৰা উচিত।

সাহাৰ্য কেম্পত বাস কৰি থকা শ্ৰমিকসকলক খাদ্য সামগ্ৰী আৰু উপযুক্ত পৰিশ্ৰমিক দিয়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত। পৰিস্থিতি প্ৰত্যাহ্বানমূলক হ’লেও সমস্যাসমূহ সামধানৰ বাবে চেষ্টা কৰা উচিত।

গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া চিকিসকৰ দলৰদ্বাৰা আৱাসিক অঞ্চল ভিত্তিত পৰীক্ষণ আৰম্ভ হৈছে। ৰাজ্যসমূহে প্ৰতিটো চিকিসকৰ দলৰ সুৰক্ষা সুনিশ্চিত কৰা উচিত। চিকিসকৰ দল কোনো এটা আৱাসিক অঞ্চলত পৰীক্ষণৰ বাবে উপস্থিত হোৱাৰ আগতেই স্থানীয় দায়িত্বশীল ব্যক্তিৰ নেতৃত্বত গঠিত এখন শান্তি সমিতিৰদ্বাৰা তৃণমূল পৰ্যায়ৰ কাম আগবঢ়াই জনসাধাৰণক পৰীক্ষণ, চিকিসক তথা ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আনুসঙ্গিক বিভন্ন কথাত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লোৱা উচিত।   

’ভিড-১৯ বিষয়ত ৰাষ্ট্ৰীয় নিৰ্দেশনা সফলতাৰে পালন কৰাৰ বাবে গ্ৰাম্যাঞ্চলত আৰক্ষীৰ তহলদাৰী বঢ়োৱা উচিত। এইক্ষেত্ৰত জিলা দণ্ডাধীশ/জিলা উপায়ুক্তই আৰক্ষী, পঞ্চায়তৰ বিষয়া, ৰাজহ বিষয়া আদিৰ সহায় ল’ব পাৰে।  

*****

VG/SNC/VM/PRK



(Release ID: 1616157) Visitor Counter : 231