বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সময়সীমা সম্প্ৰসাৰণ কৰাৰ সুযোগ কৰদাতাসকলে গ্ৰহণ কৰিব পৰাকৈ CBDT এ কৰ আদায়-প্ৰপত্ৰ সংশোধন কৰিছে

Posted On: 19 APR 2020 3:41PM by PIB Guwahati

’ভিড-১৯ৰ পৰপ্ৰেক্ষিতত ভাৰত চৰকাৰে সময়সীমা সম্প্ৰসাৰণ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পূৰ্ণ সুযোগ আয় কৰদাতাসকলে গ্ৰহণ কৰিব পৰাকৈ ২০১৯-২০ বিত্তীয় বৰ্ষ(সমীক্ষা-বৰ্ষ ২০২০-২১)ৰ কৰ আদায়-প্ৰপত্ৰ পুনৰীক্ষণ কৰিছে ‘চিবিডিটি’-য়ে। এই সংক্ৰান্তীয় অধিসূচনা এই মাহৰ শেহৰফালে জাৰি কৰা হ’ব।

এই সন্দৰ্ভত বাখ্যা দাঙি ধৰি ‘চিবিডিটি’-ৰ তৰফৰ পৰা আজি কোৱা হয় যে, কৰদাতাসকলক সুবিধা দিয়াৰ লক্ষ্যৰে ভাৰত চৰকাৰে অহা ৩০জুন, ২০২০ পৰ্যন্ত আয়কৰ আদায়ৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া, ২০১৯-২০বিত্তীয় বৰ্ষৰ আওতাতে ১এপ্ৰিল, ২০২০ৰ পৰা ৩০জুন, ২০২০ৰ মাজৰ সময়চোৱাৰ লেনদেনৰ তথ্যও সামৰি কৰ আদায় দিয়াৰ বাবে চৰকাৰে আগবঢ়োৱা সুবিধা কৰদাতাসকলে সম্পূৰ্ণ ৰূপে গ্ৰহণ কৰিব পৰাকৈ কৰ আদায়-প্ৰপত্ৰখন পুনৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

কৰ আদায়-প্ৰপত্ৰখনৰ সংশোধনীত কৰদাতাসকলে এপ্ৰিলৰ পৰা জুন, ২০২০ৰ সময়চোৱাত তেওঁলোকে কৰা বিনিয়োগ/লেনদেন আদিৰ তথ্যও সন্নিৱিষ্ট কৰিব পাৰিব। এই সংশোধনী প্ৰপত্ৰ অধিসূচীত কৰাৰ পৰৱৰ্তি পৰিস্থিতিত এই সম্পৰ্কীয় ছফ্টৱেৰ আৰু অন্যান্য কৰ আদায় সম্পৰ্কীয় কাৰ্য-প্ৰণালীতো সংশোধনীৰ প্ৰয়োজন হ’ব বুলি স্পষ্ট কৰি দিছে। সেয়েহে, সংশোধন সম্পৰ্কীয় সমুদায় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত বিভিন্ন কাৰ্য-প্ৰণালীৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰি ২০১৯-২০বিত্তীয় বৰ্ষৰ বাবে আগবঢ়োৱা এই বিশেষ সুযোগ গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থাৱলী অহা ৩১মে’, ২০২০ৰ ভিতৰতহে  উপলব্ধ হ’বগৈ বুলি তথ্য প্ৰকাশ কৰিছে চিবিডিটি-য়ে।

RM/KMN/KB



(Release ID: 1616132) Visitor Counter : 238