ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় সাৰ লিমিটেডে খাদ্য আৰু ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণত সক্ৰিয়ভাৱে অংশ লৈ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত চৰকাৰক সহযোগ কৰিছে

Posted On: 18 APR 2020 4:43PM by PIB Guwahati

কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগ তথা ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনষ্ঠ এক আগশাৰীৰ কোম্পানী ৰাষ্ট্ৰীয় সাৰ লিমিটেডে(এনএফএল)খাদ্য, ঔষধ আৰু মাস্কৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণত সক্ৰিয়ভাৱে অংশ লৈ ক’ভিড-১৯ প্ৰতিৰোধী যুঁজত চৰকাৰক সহযোগিতা আগবঢ়াইছে৷

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডিভি সদানন্দ গৌড়াই কোম্পানীটোৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে৷

দেশৰ বিভিন্ন প্ৰান্তত থকা ৰাষ্ট্ৰীয় সাৰ লিমিটিডেৰ গোটসমূহে ভিন্ন প্ৰকাৰে এই কাৰ্যসূচী আগুৱাই নিছে৷

এনএফএল বাটিণ্ডা গোটে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ স্থানীয় জিলা প্ৰশাসনক ৩,০০০ মাস্ক প্ৰদান কৰিছে৷ একেদৰে এনএফএল পানীপট গোটে স্থানীয় জিলা সাহায্য পুঁজিলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে৷ কোম্পানীটোৰ কৰ্মচাৰীয়ে ইতিমধ্যে এদিনৰ দৰমহাৰ ৰূপত ৮৮লাখ টকাৰ অনুদান আগবঢ়োৱাৰ পাছত এয়া হ’ল অতিৰিক্ত সাহায্য৷

নাংগলস্থিত লেডীজ ক্লাব অৱ এনএফএল গোটে লকডাউনত নাংগলত আৱদ্ধ হৈ থকা অভাৱগ্ৰস্ত লোকৰ মাজত ৫০,০০০টকা মূল্যৰ গেলামালৰ সামগ্ৰী বিতৰণ কৰে৷

কৰ্ণাটকৰ এনএফএল ৰাজ্যিক কাৰ্যালয়ে বাংগালুৰুত চৰকাৰী কাৰ্যালয়সমূহৰ বাবে এন৯৫মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷

RCJ/RKM/MS



(Release ID: 1616122) Visitor Counter : 132