বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ সময়ত ১৬.০১ কোটি হিতাধিকাৰীৰ বেংক একাউণ্টত পিএফএমএছৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ মাধ্যমত ৩৬,৬৫৯ কোটি টকা হস্তান্তৰ কৰা হৈছে

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত ঘোষণা কৰা ধন ডিবিটি ডিজিটেল লেনদেন ব্যৱস্থাৰ জৰিয়তে হস্তান্তৰ কৰা হৈছে

বিগত ৩বছৰত পিএফএমএছৰ জৰিয়তে ডিবিটি লেনদেন বৃদ্ধি পাইছে; ডিবিটিৰ জৰিয়তে হস্তান্তৰ কৰা ধনৰ পৰিমাণ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ২২%ৰ পৰা ২০১৯-২০২০ত ৪৫%লৈ বৃদ্ধি হৈছে

ডিবিটিৰ মাধ্যমত পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ ধন হস্তান্তৰ কৰাৰ ফলত মধ্যভোগীৰ সমস্যা নাইকিয়া হৈছে

Posted On: 19 APR 2020 3:06PM by PIB Guwahati

ক’ভিড-১৯ লকডাউনৰ সময়ত ২৪ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈ ১৬.০১ কোটি হিতাধিকাৰীৰ বেংক একাউণ্টত ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (পিএফএমএছ)ৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি)ৰ মাধ্যমত ৩৬,৬৫৯ কোটিতকৈ অধিক টকা হস্তান্তৰ কৰা হৈছে বুলি বিত্ত মন্ত্ৰালয়ৰ, ব্যয় বিভাগ, মহাগাণনিক আৰু মহানিয়ন্ত্ৰক (কেগ) কাৰ্যালয়ে সদৰি কৰিছে৷ ডিবিটিৰ মাধ্যমত পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ ধন হস্তান্তৰ কৰাৰ ফলত মধ্যভোগীৰ সমস্যা নাইকিয়া হৈছে৷

 

ওপৰত উল্লেখ কৰা ধৰণে কেন্দ্ৰীয় আঁচনি(চিএছ), কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষক আঁচনি(চিচিএছ) আৰু চিএএছপি আঁচনিৰ অধীনৰ সুবিধাসমূহ ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (পিএফএমএছ)ৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি)ৰ মাধ্যমত হিতাধিকাৰীৰ একাউণ্টলৈ পোনপটীয়া হস্তান্তৰ কৰা হৈছে৷

 

লকডাউন সময়ত ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (পিএফএমএছ)ৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি)ৰ মাধ্যমত ৩৬,৬৫৯ কোটি টকা হস্তান্ত কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৭,৪৪২ কোটি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৯,৭১৭ কোটি টকা ৰাজ্য চৰকাৰ সমূহৰ আঁচনিৰ অন্তৰ্গত৷ ইয়াৰ জৰিয়তে ২৪ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈকে ১৬.০১ কোটি (১১.৪২ কোটি চিচি/চিচিএছ আৰু ৪.৫৯ কোটি ৰাজ্য চৰকাৰ) হিতাধিকাৰী উপকৃত হৈছে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত ঘোষণা কৰা ৫০০টকাৰ সাহায্যও ডিবিটিৰ মাধ্যমত মহিলাসকলৰ  জন  ধন একাউণ্টত প্ৰদান কৰা হৈছে৷ ১৩ এপ্ৰিললৈকে ১৯.৮৬কোটি মহিলা হিতাধিকাৰীৰ একাউণ্টত ৯,৯৩০ কোটি টকা প্ৰদান কৰা হৈছে৷

 

বিগত ৩বছৰত পিএফএমএছৰ জৰিয়তে ডিবিটিৰ মাধ্যমত হোৱা লেনদেনৰ পৰিমাণ বৃদ্ধি পাইছে৷ ডিবিটিৰ জৰিয়তে হস্তান্তৰ কৰাৰ ধনৰ পৰিমাণ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ২২%ৰ পৰা ২০১৯-২০২০ত ৪৫%লৈ বৃদ্ধি হৈছে৷

 

উল্লেখ্য যে ক’ভিড-১৯ লকডাউনৰ সময়ত ২৪ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈ পিএম কিষাণ, মহাত্মা গান্ধী নিয়োগ নিশ্চিতকৰণ আঁচনি, ৰাষ্ট্ৰীয় সামাজিক সহায় আঁচনি(এনএছএপি), প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা(পিএমএমভিৱাই), ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান(এনআৰএলএম), ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন(এনএইচএম) আৰু বিভিন্ন মন্ত্ৰালয়ৰ বৃত্তিমুলক আঁচনি ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল(এনএছপি) ইত্যাদি কেন্দ্ৰীয় আঁচনিৰ ১১,৪২,০২,৫৯২গৰাকী হিতাধিকাৰীৰ একাউণ্টত পিএফএমছৰ জৰিয়তে ২৭,৪৪২.০৮ কোটি টকা ডিবিটি কৰা হৈছে৷

 

ক’ভিড-১৯ৰ লকডাউনৰ সময়ত উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ, জম্মু আৰু কাশ্মীৰ, অসম, অন্ধ্ৰপ্ৰদেশৰ লগতে অন্য একাংশ ৰাজ্যই ডিবিটিৰ জৰিয়তে বেংক একাউণ্টত ধন হস্তান্তৰ কৰিছে৷ ১৮০খন কল্যানমুলক আঁচনিৰ অধীনত এই ৰাজ্য চৰকাৰসমূহে পিএফএমএছৰ জৰিয়তে ৪,৫৯,০৩,৯০৮গৰাকী হিতাধিকাৰীক ২৪ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈকে ৯,২১৭.২২ কোটি টকা হস্তান্তৰ কৰিছে৷

 

ডিবিটিৰ মাধ্যমেৰে ধন হস্তান্তৰ কৰা কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ ১০খন আঁচনিৰ সাৰাংশঃ

আঁচনি

সময় : [২৪ মাৰ্চৰ পৰা ১৭ এপ্ৰিল,২০২০লৈ]

প্ৰদান কৰা হিতাধিকাৰীৰ সংখ্যা

ধনৰ পৰিমাণ
(কোটিৰ হিচাপত)

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি [৩৬২৪]

,৪৩,৭৯,৩২৬

১৭,৭৩৩.৫৩

মহাত্মা গান্ধী নিয়োগ নিশ্চিতকৰণ আঁচনি-[৯২১৯]

,৫৫,৬৮,৮৮৬

,৪০৬.০৯

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেন্সন আঁচনি (আইজিঅ’এপিএছ)-[৩১৬৩]

৯৩,১৬,৭১২

৯৯৯.৪৯

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধবা পেন্সন আঁচনি (আইজিএনডব্লিউপিএছ)-[৩১৬৭]

১২,৩৭,৯২৫

১৫৮.৫৯

ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান -[৯১৫৬]

১০,৯৮,১২৮

২৮০.৮০

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা [৩৫৩৪]

,৫৮,১৫৩

২০৯.৪৭

সংখ্যালঘুৰ বাবে প্ৰাক-মেট্ৰিক বৃত্তি -[৯২৫৩]

,৭২,৯০২

১৫৯.৮৬

এনএফএছএৰ অধীনৰ খাদ্য সামগ্ৰী ৰাজসাহায্য -[৯৫৩৩]

,৯১,২৫০

১৯.১৮

ইন্ধিৰা গান্ধী ৰাষ্ট্ৰীয় দিব্যাংগ পেন্সন আঁচনি (আইডিএনডিপিএছ)-[৩১৬৯]

,৩৯,৭০৭

২৬.৯৫

ৰাষ্ট্ৰীয় সামাজিক সহায় আঁচনি (এনএছএপি)[৯১৮২]

,২৩,৯৮৭

৩০.৫৫

*মুঠ ১১,৪২,০২,৫৯২ গৰাকী হিতাধিকাৰীক ২৭,৪৪২.০৮ কোটি টকা প্ৰদান কৰা হৈছে৷

 

ডিবিটিৰ জৰিয়তে ধন হস্তান্তৰ কৰা ৰাজ্য চৰকাৰৰ শীৰ্ষ ১০ খন আঁচনিৰ সাৰাংশ:

ৰাজ্য

আঁচনি

সময় : [২৪মাৰ্চৰ পৰা

১৭ এপ্ৰিল,২০২০লৈকে]

প্ৰদান কৰা হিতাধিকাৰীৰ সংখ্যা

ধনৰ পৰিমাণ
(কোটিৰ হিচাপত)

 

বিহাৰ

ডিবিটি- শিক্ষা বিভাগ-[বিআৰ১৪৭]

,৫২,৭০,৫৪১

,৮৮৪.৬৬

 

বিহাৰ

ক’ৰোনা সহায়তা-[বিআৰ১৪২]

৮৬,৯৫,৯৭৪

৮৬৯.৬০

 

উত্তৰপ্ৰদেশ

বৃদ্ধাৱস্থা/কৃষক পেন্সন যোজনা-[৯৫২৯]

৫৩,২৪,৮৫৫

৭০৭.৯১

 

উত্তৰপ্ৰদেশ

উত্তৰপ্ৰদেশ-ৰাষ্ট্ৰীয় বিধবা পেন্সন যোজনা (৩১৬৭)-[ইউপি১০]

২৬,৭৬,২১২

২৭২.১৪

 

বিহাৰ

মুখ্যমন্ত্ৰী বৃদ্ধ পেন্সন যোজনা -[বিআৰ১৩৪]

১৮,১৭,১০০

১৯৯.৭৩

 

উত্তৰপ্ৰদেশ

কুষ্ঠাৱস্থা বিকলাংগ ভৰণ-পোষণ অনুদান -[৯৭৬৩]

১০,৭৮,৫১৪

১১২.১৪

 

বিহাৰ

বিহাৰ ৰাজ্য দিব্যাংগ পেন্সম আঁচনি -[বিআৰ৯৯]

১০,৩৭,৫৭৭

৯৮.৩৯

 

অসম

এএছবৃদ্ধ পেন্সনৰ ৰাজ্যিক বৰঙণি (অ’এপিএফএছচি) -[এএছ১০৩]

,৮৬,৪৯১

২৮.৮৮

 

বিহাৰ

মুখ্যমন্ত্ৰী বিশেষ সাহায্য [বিআৰ১৬৬]

,৮১,৮৭৯

৯৮.১৯

 

দিল্লী

দিল্লীৰ জ্যেষ্ঠ নাগৰিকলৈ বিত্তীয় সাহায্য -[২২৩৯]

,২৭,১০১

৪৩৩.৬১

 

*মুঠ হিতাধিকাৰীৰ সংখ্যা ,৫৯,০৩,৯০৮ আৰু প্ৰদান কৰা ধনৰ পৰিমাণ ৯২১৭.২২ কোটি টকা

 

বিগত ৩ বছৰত পিএফএমএছৰ জৰিয়তে ডিবিটি লেনদেন বৃদ্ধি:

পিএফএমএছৰ জৰিয়তে ডিবিটি লেনদেনৰ পৰিমাণ বিগত তিনি বছৰৰ ভিতৰত ২০১৭-১৮ৰ তুলনাত ২০৮-১৯ৰ ১১%ৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষত ৪৮% বৃদ্ধি হৈছে৷ ২০৮-১৯ৰ কৰা ডিবিটি মুঠ লেনদেনৰ পৰিমাণ ২২%ৰ পৰা ২০১৯-২০২০ বিত্তীয় বৰ্ষত ৪৫%লৈ বৃদ্ধি হৈছে

***

RM/KMN/DB



(Release ID: 1616066) Visitor Counter : 308