পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

লকডাউনৰ সময়ত সাধাৰণ জনতাক সহায় কৰিছে পথ পৰিবহণ খণ্ডই

Posted On: 17 APR 2020 5:30PM by PIB Guwahati

ক’ভিড-১৯ৰ দেশজোৰা লকডাউনৰ সময়ত পথত আৱদ্ধ হৈ থকা লোকসকলক সহায় কৰি সামাজিক দায়িত্ব নিদৰ্শন দাঙি ধৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে৷ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে লকডাউন ঘোষণা কৰাৰ পাছতে মন্ত্ৰালয়ৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলক সমগ্ৰ দেশৰ শ্ৰমিক-কৰ্মীৰ লগতে সাধাৰণ জনসাধাৰণক সহায় কৰাৰ আহ্বান জনায়৷ এনএইচএআই আৰু এনএইচআইডিচিএলৰ সহযোগিতাত মন্ত্ৰালয়ৰ সকলো ক্ষেত্ৰ পৰ্যায়ৰ তথা কাৰ্যালয়ৰ কৰ্মচাৰীয়ে জনসাধাৰণৰ জটিলতা দূৰ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে৷

 

মহাৰাষ্ট্ৰত কাম কৰি থকা লোকসকলে লকডাউনৰ ফলত কৰ্মহীন হৈ পৰাত ৰাজস্থান, উত্তৰপ্ৰদেশ তথা অন্যান্য ৰাজ্যলৈ পত্নী-সন্তানক লৈ প্ৰখৰ ৰ’দত যোৱাৰ সময়ত তেওঁলোকক বাটে-বাটে খাদ্যৰ যোগান ধৰিছে মন্ত্ৰালয়ৰ একাংশ কৰ্মচাৰীয়ে৷ একেদৰে প্ৰয়াগৰাজ আৰু ফটেহপুৰৰ ঘাইপথ আৱদ্ধ হৈ থকা বহু ট্ৰাক চালক আৰু সহযোগীক খাদ্যৰ যোগান ধৰা হৈছে৷ প্ৰতিটো অঞ্চলক প্ৰকল্প সঞ্চালকসকলে এই ক্ষেত্ৰত আগভাগ লৈছে৷

 

তামিলনাডুৰ ত্ৰিচী জিলা ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এনএইচএআইৰ তহলদাৰী লোকে কেইজনমান লোকক আহাৰ আৰু মাস্ক যোগান ধৰাৰ লগতে লকডাউন শেষ হোৱালৈকে আশ্ৰয়ৰ ব্যৱস্থা কৰি দিছে৷

 

একেদৰে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৫০জন লোকক আশ্ৰয় প্ৰদান কৰিছে এনএইচএআয়ে৷ এই লোকসকলক সামাজিক দুৰত্ব বজাই ৰাখি নিয়মীয়াকৈ খাদ্য সামগ্ৰী, গা-ধোঁৱাৰ সুবিধা আগবঢ়াই আহিছে৷

 

***

RCJ/MS/JK/DB



(Release ID: 1616062) Visitor Counter : 109