পৰ্যটন মন্ত্ৰালয়

‘দেখো অপনা দেশ’ ৱে’বিনাৰৰ জৰিয়তে ‘বিশ্ব ঐতিহ্য দিৱস’ উদযাপন কৰিলে পৰ্যটন মন্ত্ৰালয়ে

‘মানৱীয়তাৰ প্ৰমূল্য আৰু উষ্ম আতিথ্যৰ নিদৰ্শন হ’ল আমাৰ ঐতিহ্য, আমাৰ দেশৰ পৰিচিতি’ : শ্ৰী প্ৰহ্লাদ সিং পেটেল

Posted On: 18 APR 2020 5:34PM by PIB Guwahati

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে এক ৱেবিনাৰৰ জৰিয়তে আজি বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰে। আজি পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ (তত্বাৱধায়ক)মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে ৱেবিনাৰখনৰ জৰিয়তে দেশৰ অন্যতম পৌৰাণিক মন্দিৰ-নগৰী মামালাপুৰমৰ পৰা দেশক সম্বোধন কৰি এই কাৰ্যক্ৰম উদযাপনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে।

মন্দিৰ-নগৰীখনৰ সম্পৰ্কত যুগুতোৱা প্ৰথম ৱেটবিনাৰখনত আমন্ত্ৰিত বক্তাসকলে নগৰীখনৰ স্থাপত্য-কলা আৰু ধৰ্মীয় গুৰুত্ব সম্পৰ্কে বাখ্যা দাঙি ধৰে। ইফালে, দ্বিতীয় ৱেটবিনাৰখনৰ শীৰ্ষক আছিল বিশ্ব ঐতিহ্য আৰু হুমায়ুন মকৱাৰাৰ বহনক্ষম পৰ্যটন সম্ভাৱনীয়তা। স্বাভাৱিকতেই ৱেবিনাৰখনত সংশ্লিষ্ট পৰ্যটন ক্ষেত্ৰৰ বাখ্যা-বিৱৰণ দাঙি ধৰাৰ দিহা কৰা হৈছে।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শ্ৰী পেটেলে আমাৰ দেশৰ পৰম্পৰা আৰু সংস্কৃতি কেৱল পৌৰাণিকেই নহয় বৰঞ্চ এয়া তুলনাবিহীনোবুলি মন্তব্য কৰে। তেওঁ কয়, শেহতীয়াভাবে কভিড-১৯য়ে সৃষ্টি কৰা সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে পৃথিৱীৰ লগতে আমাৰ দেশেও অবিৰাম অভিযান চলাই থকাৰ মুহূৰ্তত মানৱীয়তাৰ প্ৰমূল্য আৰু উষ্ম আতিথ্যই হ’ল আমাৰ ঐতিহ্য, আমাৰ দেশৰ পৰিচিতি’। প্ৰসংগক্ৰমে তেওঁ মহা উপনিষদৰ উদ্ধৃতি দি শ্লোক আওঁৰাই ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাত সমগ্ৰ ‘পৃথিৱীখনেই আমাৰ পৰিয়াল’-ৰ অন্তৰ্নিহিত তাত্পৰ্যৰ বাখ্যা দাঙি ধৰে।

*******

NB/AKJ/OA/KB



(Release ID: 1615846) Visitor Counter : 139