কৃষি মন্ত্ৰালয়

ন্যূনতম সাহায্য মূল্যত কৃষকৰপৰা পোনপটীয়াভাৱে মাহজাতীয় শস্য আৰু তৈলবীজ আহৰণৰ প্ৰক্ৰিয়া

Posted On: 18 APR 2020 6:03PM by PIB Guwahati

ভাৰত চৰকাৰে এন এ এফ ই ডি আৰু ভাৰতীয় খাদ্য নিগম আদি সংযোগকাৰী সংস্থাৰ জৰিয়তে কৃষকক অধিক লাভ প্ৰদান সুনিশ্চিত কৰিবলৈ ২০২০-২১ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ আৰম্ভণিৰে পৰাই ন্যূনতম সাহায্য মূল্যত কৃষকৰপৰা পোনপটীয়াভাৱে সামগ্ৰী আহৰণৰ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। লকডাউনৰ সময়ত কৃষকসকলক সময়মতে বিপণনৰ সুবিধা দিয়া হৈছে। গৰিষ্ঠসংখ্যক কৃষককে ক’ভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনা সম্পৰ্কে জাৰি কৰা চৰকাৰী নিৰ্দেশনাসমূহৰ প্ৰতি সজাগ কৰা হৈছে।

কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ , তেলেঙ্গানা, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত ২০২০-২১ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ আৰম্ভণিৰে পৰাই মূল্য সাহায্য আঁচনিৰ অধীনত ন্যূনতম সাহাৰ্য মূল্যত কৃষকৰপৰা পোনপটীয়াভাৱে মাহজাতীয় শস্য আৰু তৈলবীজ আহৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৬ এপ্ৰিল ২০২০ তাৰিখলৈকে এন এ এফ ই ডি আৰু ভাৰতীয় খাদ্য নিগমে ১,৩৩,৯৮৭.৬৫ মেট্ৰিকটন মাহজাতীয় শস্য আৰু ২৯,২৬৪.১৭ মেট্ৰিকটন তৈলবীজ ৭৮৪.৭৭ কোটি টকাৰে ক্ৰয় কৰিছে আৰু ফলত ১,১৪,৩৩৮ জন কৃষক লাভান্বিত হৈছে। লকডাউনৰ সময়ছোৱাতে ৯৭,৩৩৭.৩৫ মেট্ৰিকটন ৰবি শস্য আৰু তৈলবীজ মূল্য সাহাৰ্য আঁচনিৰ অধীনত ক্ৰয় কৰা হৈছে।

মূল্য সুস্থিৰতা পুঁজিৰ অধীনত এন এ এফ ই ডিয়ে অতিৰিক্ত জমাৰ বাবে মাটিদাইল ক্ৰয় কৰিছে। মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেঙ্গানাত মূল্য সাহাৰ্য আঁচনি আৰু মূল্য সুস্থিৰতা পুঁজিৰ অধীনত ২০১৯-২০ বৰ্ষৰ খাৰিফ শস্যৰ বতৰৰ মাটিদাইল ক্ৰয়ৰ প্ৰক্ৰিয়া চলি আছে। ২০১৯-২০ বৰ্ষৰ খাৰিফ শস্যৰ বিপণনৰ বতৰত ক্ৰয় কৰা মাটিদাইলৰ মুঠ পৰিমাণ ৫,৩২,৮৪৯ মেট্ৰিকটন আৰু তাৰে ২৯,৩২৮.৬২ মেট্ৰিকটন লকডাউন আৰম্ভ হোৱাৰ পিছত ক্ৰয় কৰা হৈছে।

ৰাজস্থানৰ কোটা জিলাত লকডাউন ঘোষণাৰ পিছত মাহজাতীয় শস্য ক্ৰয় কৰা বন্ধ কৰি দিয়া হৈছিল। যোৱা ১৫.০৪.২০২০ তাৰিখৰপৰা  কোটা জিলাৰ ৫৪ টা কেন্দ্ৰত কাম আৰম্ভ হৈছে আৰু অধিক ক্ৰয় কেন্দ্ৰ কেইদিনমানতে কাৰ্যকৰী হ’ব। ৰাজস্থানৰ বাকী খণ্ডসমূহতো মে’ মাহৰ প্ৰথম সপ্তাহৰপৰা মাহজাতীয় শস্য ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব। এটা সময়ত খুউৱ বেছি দহজনকৈ কৃষকক ক্ৰয় কেন্দ্ৰলৈ আহিবলৈ দিয়া হৈছে আৰু সকলোলৈকে খবৰ দিয়া হৈছে।

১৫.০৪.২০২০ তাৰিখৰপৰা হাৰিয়ানাৰ ১৬৩ টা কেন্দ্ৰত সৰিয়হ আৰু বুটৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হৈছে। সামাজিক দূৰত্ব ৰক্ষা কৰিব পৰাকৈ প্ৰতিদিনে সীমিত সংখ্যাত কৃষকক ক্ৰয় কেন্দ্ৰলৈ আমন্ত্ৰণ কৰা হৈছে। দুদিনত ১০,১১১ জন কৃষকৰপৰা ২৭,২৭৬.৭৭ মেট্ৰিকটন সৰিয়হ ক্ৰয় কৰা হৈছে। 

মধ্য প্ৰদেশত বুট, মচুৰ আৰু সৰিয়হৰ ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে কৃষকসকলক নিজৰ নিজৰ কৃষিজাত সামগ্ৰী লৈ ক্ৰয় কেন্দ্ৰলৈ আহিবলৈ খবৰ দিয়া হৈছে। 

*****

APS/PK/MS/PRK



(Release ID: 1615838) Visitor Counter : 243