বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে CSIR-NAL এ প্ৰস্তুত কৰি উলিয়ালে পাৰ্ছনেল প্ৰ’টেক্টিভ কভাৰঅল

Posted On: 18 APR 2020 12:21PM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে বেঙ্গালুৰুস্থিত CSIR-নেশ্যনেল এৰ’স্পেচ লেবৰেট’ৰিজ (CSIR-NAL)CSIR কনষ্টিটুৱেণ্ট পৰীক্ষাগাৰে বেঙ্গালুৰুৰেই এমএএফ ক্ল’থিং প্ৰাইভেট লিমিটেডৰ সৈতে লগলাগি প’লিপ্ৰ’পেলিন লেপনৰ কেবাটাও তৰপ থকা তথা কোনো চিলাইবিহীন এবিধ সুৰক্ষা ছ্যুট বা সামগ্ৰিক প্ৰ’টেক্টিভ কভাৰঅল পোচাক প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ ব্যৱহাৰ ক’ভিড-১৯ প্ৰশমনৰ বাবে অহৰ্নিশে কাম কৰি থকা চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল চিকিৎসাকৰ্মী আৰু অন্যান্য চিকিৎসা কৰ্মীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে।

CSIR-NAL ৰ ডাঃ হৰিশ চি বৰছিলিয়া তথা ডাঃ এম এছ হেমন্ত কুমাৰ আৰু এমএএফৰ শ্ৰী এম জে বিজুৰ নেতৃত্বত এটা দলে উপযুক্ত থলুৱা সামগ্ৰী আৰু উদ্ভাৱনীয় প্ৰস্তুত পদ্ধতি চিনাক্তকৰণেৰে সমস্যা সমাধানৰ বাবে অতি ক্ষীপ্ৰতাৰে কাম কৰিছিল।

এই ছ্যুটখিনিক কইম্বাটোৰৰ দক্ষিণ ভাৰত বস্ত্ৰ অনুসন্ধান সংস্থা চমুকৈ SITRA ৰ পৰীক্ষাগৰত কঠোৰ পৰীক্ষাৰ পিছতহে ব্যৱহাৰৰ বাবে যোগ্য বুলি বিবেচনা কৰা হৈছে। CSIR-NAL তথা MAF এ এনে এক ছ্যুট প্ৰস্তুত কৰিবৰ বাবে চাৰি সপ্তাহৰ ভিতৰতে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি প্ৰতিদিনে ৩০,০০০ উৎপাদন কৰাৰ পৰিকল্পনা যুগুত কৰিছিল।

 

CSIR-NAL ৰ সঞ্চালক শ্ৰী জীতেন্দ্ৰ জে যাদৱে কয় যে এই ছ্যুচটোৰ মুখ্য লাভ হৈছে যে অইন উৎপাদনকাৰীয়ে প্ৰস্তুত কৰা ছ্যুটতকৈ ইয়াৰ মূল্য তুলনামূলকভাৱে যথেষ্ট কম। আৰু ইয়াত কোনোধৰণৰ আমদানিকৃত সামগ্ৰীও ব্যৱহাৰ কৰা হোৱা নাই। তেওঁ লগতে বিকাশ আৰু প্ৰক্ৰিয়াকৰণত ক্ষীপ্ৰতা আনি দেশৰ প্ৰয়োজনত চৌব্বিশ ঘণ্টাই কাম কৰাৰ বাবে NAL, MAF আৰু SITRA ৰ দলক ভূয়সী প্ৰসংশা কৰে।

Description: photo 7 Description: photo 2

****

KGS/( DST- CSIR)/RD



(Release ID: 1615751) Visitor Counter : 162