ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

আমদানি-বিকল্পৰ অনুসন্ধান আৰু প্ৰতিযোগিতাত বৰ্তী থাকিবলৈকে উদ্ভাৱনমূলক প্ৰযুক্তিৰ সদব্যৱহাৰৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশৰ ঔদ্যোগিক ক্ষেত্ৰক আহ্বান জনাইছে

২০এপ্ৰিলৰ পৰা কেতবোৰ ক্ষেত্ৰত ‘লকডাউন’ শিথিল হোৱাৰ সম্ভাৱনীয়তাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক কৰ্মসূচী পুনৰাম্ভ কৰাৰ প্ৰসংগৰে ঔদ্যোগীক সংস্থাসমূহৰে আলোচনা মন্ত্ৰীৰ

Posted On: 17 APR 2020 6:20PM by PIB Guwahati

দেশীয় উত্পাদনৰে বিদেশী সামগ্ৰীৰ আমদানীক প্ৰতিস্থাপিত কৰি আমদানী-বিকল্পৰ অনুসন্ধান কৰাত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় ক্ষুদ্ৰ-লঘূ আৰু মজলীয়া উদ্যোগ তথা পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাঁইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে। মন্ত্ৰীগৰাকীয়ে দেশৰ ঔদ্যোগীক পৰিমণ্ডলটোক প্ৰতিযোগিতাত বৰ্তী থাকিবলৈকে উদ্ভাৱনমূলক প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গৱেষণা, উদ্ভাৱন আৰু মান-উত্তৰণৰ নিৰন্তৰ প্ৰয়াসেহে দেশৰ উদ্যোগীক বিকাশত প্ৰধান ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। মন্ত্ৰী গাড়কাৰীয়ে আজি নাগপুৰৰ পৰা  ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে য়ং প্ৰেচিডেণ্টছ অৰ্গেনাইজেশ্যন, ইণ্ডিয়া এছএমই ফৰাম আৰু উদ্যোগ-ক্ষেত্ৰৰ বিভিন্ন খণ্ডৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনাত মিলিত হৈছিল।

আলোচনাত দিনদিয়েকৰ ভিতৰতে কেতবোৰ ক্ষেত্ৰত লকডাউনৰ বিধি-নিৰ্দেশনা শিথিল কৰাৰ ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি অৰ্থনৈতিক কৰ্মসূচীত মনোনিৱেশ কৰাৰ লগতে সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ পুনৰুথ্থানৰ জৰিয়তে বৃহত্ সংখ্যক নিয়োগ সম্ভাৱনীয়তা সৃষ্টি আৰু নিৰৱিচ্ছিন্ন অৰ্থনৈতিক বিকাশৰ অপৰিহাৰ্যতা নিশ্চিত কৰিবলৈকে পথৰ সন্ধান কৰাত গুৰুত্ব আৰোপ কৰা হয়।

ক্ষুদ্ৰ-লঘূ আৰু মজলীয়া উদ্যোগ-ৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে ৰপ্তানী বৃদ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে শক্তিৰ ব্যয়, সা-সামগ্ৰীৰ যোগান আৰু পৰিবহণ-ব্যৱস্থাপনাৰ ব্যয় হ্ৰাস কৰাৰ লগতে সামগ্ৰীকভাবে উত্পাদন ব্যয় হ্ৰাস কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰি গোলকীয় বাণিজ্যিকক্ষেত্ৰৰ প্ৰতিযোগিতাত বৰ্তী থকাৰ সামৰ্থ্য অৰ্জন কৰিবলৈ উদ্যোগক্ষেত্ৰক আহ্বান জনায়।

চৰকাৰে কেতবোৰ উদ্যোগক কাম-কাজ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিলেও সংশ্লিষ্টসকলে সকলো সময়তে কভিড-১৯ সংক্ৰান্তত ইতিমধ্যে জাৰি কৰা বিধি-নিৰ্দেশনা কঠোৰ ভাবে মানি চলাতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰী গাড়কাৰীয়ে। তেওঁ কাম-কাজৰ সময়ত সকলো বিষয়া-কৰ্মচাৰীয়ে ব্যক্তিগত সুৰক্ষা উপকৰণ(মাস্ক, ছেনিটাইজাৰ, গ্লোভছ আদি)ৰ ব্যৱহাৰ কৰাৰ লগতে সকলো মুহূৰ্ততে সামাজিক ব্যৱধানবিধি মানি চলিবলৈও সকলোৰে প্ৰতি আহ্বান জনায়।

আলোচনাকালত উদ্যোগীক সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গই উথ্থাপন কৰা সমস্যাৱলী সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ লগতে অৰ্থনৈতিক প্ৰসংগসমূহৰ সমাধানাৰ্থে বিত্তমন্ত্ৰী আৰু ৰিজাৰ্ভ বেংকক সহযোগিতা বিচৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কভিড-১৯ৰ সংকট উকলি যোৱাৰ পিছত উদ্ভৱ হব পৰা সময়ৰ সুযোগ গ্ৰহণ কৰিব পৰাকৈ সাজু হোৱাৰ বাবে দেশৰ উদ্যোগখণ্ডক একত্ৰিত হৈ প্ৰয়াস অব্যাহত ৰাখিবলৈ গোঁহাৰি জনায়।

 

*****

RCJ/SKP/IA/KB



(Release ID: 1615690) Visitor Counter : 192