যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

সকলো ডাক কৰ্মচাৰীলৈ ১০লাখৰ ক্ষতিপূৰণ

Posted On: 18 APR 2020 12:56PM by PIB Guwahati

গ্ৰামীণ ডাক সেৱককে ধৰি ভাৰতীয় ডাক সেৱাৰ কৰ্মচাৰীসকলে কৰোনা ভাইৰাছ আৰু লকডাউনৰ সময়ছোৱাত গ্ৰাহকৰ মাজত চিঠি বিতৰণ, ষ্ট অফিচ ছেভিংছ বেংক, ষ্টেল লাইফ ইনছুৰেন্স, গ্ৰাহকক দোৱাৰমুখত বেংকৰ পৰা ধন উলিওৱাৰ সুবিধা দিয়া আদিৰ দৰে বিভিন্ন কৰ্তব্য পালন কৰি আছে৷ তদুপৰি, ডাকঘৰসমূহে স্থানীয় ৰাজ্য প্ৰশাসন আৰু আৰক্ষী কৰ্তৃপক্ষৰ সৈতে কভিড-১৯ কিটছ, খাদ্যৰ পেকেট, ৰেচন আৰু অত্যাৱশ্যকীয় ঔষধ আদি দেশবাসীৰ মাজত বিতৰণ কৰি আছে৷ এইদৰে ডাকঘৰসমূহে বিভাগীয় কাম-কাজৰ সমান্তৰালকৈ কভিড-১০ৰ সংকটৰ সময়ত সমাজলৈও সেৱা আগবঢ়াই আছে৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰামীন ডাক সেৱককে ধৰি সকলো ডাক কৰ্মচাৰীৰ ক্ষতিপূৰণৰ পৰিমাণ ১০লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হব আৰু কভিড-১৯ৰ সংকট দূৰ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব৷

********

RJ/RP/MS



(Release ID: 1615686) Visitor Counter : 200