স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’লা মেঘৰ আঁৰত সদায় ৰূপালী ৰেখা দেখা যায়ঃ ড০ হৰ্ষ বৰ্ধন

ভাৰতীয় উদ্যোগ মহাসংঘ(চিআইআই)ৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ

Posted On: 14 APR 2020 9:31PM by PIB Guwahati

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়ালৰৰ কল্যাণ মন্ত্রী ড০ হৰ্ষ বৰ্ধনে আজি ভিডিঅ কনফাৰেন্সযোগে ভাৰতীয় উদ্যোগ মহাসংঘ (চিআইআই)ৰ দ্বাৰা আয়োজিত অৰ্ধশতাধিক ভাৰতীয় উদ্যোগপতিৰ সৈতে বিভিন্ন বিষয়ত বৰ্তালাপ কৰে৷ বৈঠকত চিআইআইৰ অধ্যক্ষ, বিক্ৰম কিৰ্লোস্কাৰ; চিআইআইৰ কাৰ্যকৰী অধ্যক্ষ, উদয় কোটাক; চিআইআইৰ সঞ্চালক প্ৰধান, চন্দ্ৰজি বেনাৰ্জী; চিআইআইৰ ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদৰ অধ্যক্ষ তথা চিএমডি, ড০ নৰেশ ট্ৰেহান; হিৰএণ্টাৰপ্ৰাইজৰ অধ্যক্ষ, সুনীল কান্ত মুঞ্জল; গেইনৰ প্ৰাক্তন অধ্যক্ষা বিনীতা বালি, মহিন্দ্ৰা আৰু মহিন্দ্ৰা লিমিটেডৰ পৰিচালন সঞ্চালক ড০ পৱন গোৱেংকা, আৰচিবি অধ্যক্ষ তথা পৰামৰ্শদাতা আৰ. চি. ভাৰ্গৱ আৰু চিআইআইৰ জৈৱপ্ৰযুক্তিৰ ৰাষ্ট্ৰীয় কমিটীৰ সদস্য তথা প্ৰতিষ্ঠাপক ড০ কিৰণ মজুমদাৰ শ্বই ভাগ লয়৷

এই উপলক্ষে মন্ত্ৰী ড০ হর্ষ বর্ধনে কভিড-১৯ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত চৰকাৰে গ্ৰহণ কৰা সাহায্যমুলক পদক্ষেপৰ সম্পর্কত উদ্যোপতিসকলক অৱগত কৰে৷ অর্থনীতিৰ পুনৰুত্থানত উদ্যোগপতিসকলে প্ৰকাশ কৰা উদ্বেগৰ প্ৰতি সহমত প্ৰকাশ কৰি ড০ হর্ষ বর্ধনে কয়,লা মেঘৰ আঁৰত সদায় ৰূপালী ৰেখা দেখা যায়৷ সেয়েহে জটিল সময়ৰ পৰা বাহিৰ হৈ অহাটো সম্ভৱ৷ তেওঁ লগতে কয় যে বর্তমান পৰিস্থিতিত আধুনিক ইতিহাৰ অন্ধকাৰচ্ছন্ন আৰু মানৱজাতিৰ বাবে এয়া অতি জটিল সময়৷

ড০ হর্ষ বর্ধনে উদ্যোগপতিসকলক মনোবল অটুট ৰখাৰ আহ্বান জনাইমেক ইন ইণ্ডিয়াআঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কয়৷ প্ৰতিটো পৰ্যায়তে সুৰক্ষিত হৈ কিদৰে উদ্যোগ সংস্থাৰ কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব পৰা যায়, সেই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে আলাপ-আলোচনা আৰম্ভ কৰিছে৷

কঠিন সময়ত চৰকাৰৰ কাষত থকাৰ বাবে তথা উদাৰতাৰে পিএম-কেয়াৰ্ছ পুঁজিলৈ দান কৰাৰ বাবে ড০ হর্ষ বর্ধনে উদ্যোপতিসকলক ধন্যবাদ জনায়৷

*****

MV/MR/DB



(Release ID: 1615644) Visitor Counter : 92