প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা খণ্ডৰ পিএছইউ, অ’এফবিসমূহে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰিছে তেওঁলোকৰ সম্পদসমূহ

Posted On: 18 APR 2020 10:20AM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ উঠি-পৰি লাগিছে প্ৰতিৰক্ষা খণ্ডৰ পিএছইউ, অস্ত্ৰ-শস্ত্ৰ কাৰখানা ব’ৰ্ডসমূহে (অ’এফবি)৷ এই পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা উৎপাদন বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেওঁলোকৰ সম্পদ আৰু উৎসসমূহ, প্ৰযুক্তিগত জ্ঞান তথা মানৱ সম্পদসমূহ এই মাৰাত্মক ভাইৰাছবিধৰ পৰা দেশক ৰক্ষা কৰিবলৈ আগবঢ়াই দিছে৷

বেংগালুৰুৰ হিন্দুস্তান এৰ’ন’টিকছ লিমিটেডে (এইচএএল) তিনিখন বিচনাযুক্ত আইচিইউ আৰু ৩০খন বিচনাযুক্ত ৱাৰ্ডৰ ব্যৱস্থা কৰিছে৷ এওঁলোকৰ তাত ৯৩জন লোকক ৰাখিব পৰা ব্যৱস্থা কৰা হৈছে৷ এইচএএলে ২২টা পিপিই নিৰ্মাণ কৰি বেংগালোৰৰ বিভিন্ন চিকিৎসালয়ৰ চিকিৎসকসকলৰ মাজত বিতৰণ কৰিছে৷ তাৰোপৰি বেংগালুৰু, মহীশূৰ, মুম্বাই, পুণে, উত্তৰ প্ৰদেশ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ চৰকাৰী চিকিৎসালয়সমূহত ১৬০টা এৰ’ছ’ল বক্স নিৰ্মাণ কৰি বিতৰণ কৰিছে৷

ভাৰত ইলেক্ট্ৰ’নিক লিমিটেডে (বিইএল) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুযায়ী দুমাহৰ ভিতৰতে আইচিইউসমূহৰ বাবে ৩০,০০০টা ভেণ্টিলেটৰ নিৰ্মাণ কৰি যোগান ধৰিছে৷ এইসমূহৰ ডিজাইন কৰিছে ডিআৰিডঅ’ই৷ বিইএলে এপ্ৰিলত ৫,০০০, মে’ত ১০,০০০ আৰু জুনত ১৫,০০০ ভেণ্টিলেটৰ নিৰ্মাণ কৰি যোগান ধৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷

ভাৰত ডাইনেমিকছ লিমিটেডে (বিডিএল) ভেণ্টিলেটৰৰ প্ৰট’টাইপ বিকশিত কৰিছে যাক মে’ৰ প্ৰথম সপ্তাহত পৰীক্ষা কৰা হ’ব৷

অস্ত্ৰ-শস্ত্ৰ কাৰখানা ব’ৰ্ডৰ অধীনত থকা দেশৰ ৪০টা অস্ত্ৰ-শস্ত্ৰৰ কাৰখানাই আইএছঅ’ মানদণ্ডৰ সামগ্ৰী প্ৰস্তুতিৰ দিশত অগ্ৰসৰ হৈছে৷

কানপুৰ, শ্বাহজাহানপুৰ, হজৰতপুৰ আৰু চেন্নাইস্থিত পাঁচটা অস্ত্ৰ-শস্ত্ৰ সঁজুলি গোটৰ কাৰখানাই ক’ভাৰঅল নিৰ্মাণ কিৰ আছে৷ প্ৰতিদিনে তেওঁলোকে ৮০০টাকৈ নিৰ্মাণ কৰিছে৷ এই প্ৰক্ৰিয়া দিনে ১,৫০০লৈ বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷

অস্ত্ৰ-শস্ত্ৰ কাৰখানা ব’ৰ্ডে এই পৰ্যন্ত ৫,৮৭০ পিপিই নিৰ্মাণ কৰিছে যাক কাৰখানাৰ নিজৰ চিকিৎসালয়ৰ বাহিৰেও এইচএলএল, চিএমঅ’, ফিৰোজাবাদত যোগান ধৰা হৈছে৷

তেওঁলোকে দুই মিটাৰ পৰিসৰৰ বিশেষ টেণ্টো নিৰ্মাণ কৰিছে যাক জৰুৰীকালীন চিকিৎসাৰ সময়ত, পৰীক্ষণ, কোৱাৰেণ্টাইন উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি৷ এইসমূহ জলপ্ৰতিৰোধী, ষ্টীল আৰু এলুমিনিয়ামৰ সংকৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে৷ এই টেণ্টসমূহৰ যোগান কাৰ্য ইতিমধ্যেই আৰম্ভ কৰা হৈছে৷

অস্ত্ৰ-শস্ত্ৰ কাৰখানাই বৰ্তমানে এইচএলএলৰ পৰা পোৱা ২৮,০০০ লিটাৰৰ ছেনিটাইজাৰ প্ৰস্তুতিৰ অৰ্ডাৰৰ বিপৰীতে এই পৰ্যন্ত ৭,৫০০ লিটাৰ ছেনিটাইজাৰ উৎপাদন কৰিছে৷ কাৰখানা বৰ্ডে এই পৰ্যন্ত ৫,১৪৮ লিটাৰ যোগান ধৰিছে আৰু ১৫,০০০ লিটাৰ লক্ষ্যস্থানত যোগান ধৰিবলৈ অপেক্ষাৰত হৈ আছে৷

অস্ত্ৰ-শস্ত্ৰ কাৰখানা ব’ৰ্ডে এই পৰ্যন্ত ১,১১,৪০৫ মাস্ক নিৰ্মাণ কৰিছে য’ত ৩৮,৫২০টা ৩-তৰপ যুক্ত মেডিকেল মাস্কো আছে৷ এইসমূহ তামিলনাডুৰ আৰক্ষী, ফিৰোজাবাদ আৰু আগ্ৰাৰ জিলা আৰক্ষী প্ৰাধিকৰণ, কেণ্ট’নমেণ্ট ব’ৰ্ড শ্বাহজাহানপুৰ, উত্তৰাখণ্ড চৰকাৰ, শ্বাহজাহানপুৰ জিলা স্বাস্থ্য বিষয়া, মিলিটেৰী ইন্টেলিজেন্স বিভাগক যোগান ধৰা হৈছে৷      

ABB/SS/Nampi/KA/DK/Savvy/ADA/MANN



(Release ID: 1615619) Visitor Counter : 209