প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিহত কৰিবলৈ সশস্ত্ৰ বাহিনী মেডিকেল সেৱাৰ কাৰ্যাৱলীৰ পৰ্যালোচনা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

Posted On: 17 APR 2020 3:04PM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে সশস্ত্ৰ বাহিনী মেডিকেল সেৱাৰ বিভিন্ন কাৰ্যাৱলী তথা তেওঁলোকে সাধাৰণ ৰাইজক কেনেদৰে সহায় কৰিছে এই আটাইবোৰ দিশ পৰ্যালোচনাৰ বাবে আজি আয়োজিত এক বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

আজিৰ এই বৈঠকত মন্ত্ৰী সিংৰ উপৰিও অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা সচিব ড. অজয় কুমাৰ, AFMSৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল অনুপ বেনাৰ্জী, AFMSৰ সাংগঠনিক আৰু কৰ্মচাৰী বিভাগৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল এ কে হুদা, নৌ বিভাগৰ চিকিৎসা সেৱা সঞ্চালক প্ৰধান ছাৰ্জন ভাইছ এডমিৰেল এম ভি সিঙ আৰু বায়ু সেনাৰ চিকিৎসা সেৱা সঞ্চালক এয়াৰ মাৰ্শ্বাল এম এছ বুটোলাই।

উপস্থিত কেউগৰাকীয়েই  সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা সাৱধানতাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। নাগৰিকক কোৰেণ্টাইনৰ সুবিধা প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি চিকিৎসাজনিত সহায়ৰ বিষয়েও উল্লেখ কৰে বিষয়াসকলে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা লাভ কৰা অনুৰোধ সাপেক্ষে ইটালী, ইৰাণ, চীন, মালয়েছিয়া আৰু জাপানৰ পৰা অহা নাগৰিকসকলক কোৰেণ্টাইনৰ সুবিধা প্ৰদান কৰিবৰ বাবে ছটাকৈ কেন্দ্ৰ সম্প্ৰতি সক্ৰিয় কৰি ৰখা হৈছে। ইফালে ষ্টেণ্ডবাই হিচাপেও কোৰেণ্টাইনৰ সুবিধা সম্পন্ন কেন্দ্ৰ সাজু কৰি ৰখা হৈছে। বিগত ১ ফেব্ৰুৱাৰী, ২০২০ তাৰিখৰ পৰা এই পৰ্যন্ত ১৭৩৮ গৰাকী লোকক এই সুবিধা প্ৰদান কৰা হৈছে।

আইচিএমআৰৰ সহযোগত ছটাকৈ ভাইৰেল পৰীক্ষাগাৰ ইতিমধ্যেই স্থাপন কৰা হৈছে আৰু বিভিন্ন এএফএমএছ চিকিৎসালয়ত এইসমূহ সক্ৰিয় কৰি ৰখা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ সঞ্চালক প্ৰধানসকললৈ প্ৰদান কৰা বিশেষ বিত্তীয় ক্ষমতাৰ জৰিয়তে ফে’চমাস্ক, ছেনিটাইজাৰ, পিপিই, ভেণ্টিলেটৰ আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত অতি মসৃণভাৱে সমগ্ৰ দিশ আগবাঢ়িছে বুলি উল্লেখ কৰে লেফটেনেণ্ট জেনেৰেল অনুপ বেনাৰ্জীয়ে।

নতুন দিল্লীৰ নাৰেলাত আৰ্মী মেডিকেল ক’ৰ্পছে সম্প্ৰতি চিকিৎ সুৰক্ষা প্ৰদান কৰি আছে আৰু ইয়াতেই ছগৰাকীকৈ চিকিৎসা বিষয়া আৰু ১৮ গৰাকী পেৰামেডিকেল কৰ্মচাৰীক নিয়োগ কৰা হৈছে।

ইতিমধ্যেই ৫০ খন AFMS চিকিৎসালয়ক ক’ভিড হস্পিতাললৈ পৰিবৰ্তন কৰা হৈছে। এই চিকিৎসালয়সমূহত সৰ্বমুঠ ৯০৩৮ গৰাকী ৰোগী ৰাখিব পৰা ব্যৱস্থা আছে।

লক্ষ্ণৌৰ এএমচি কেন্দ্ৰ আৰু মহাবিদ্যালয়ৰ লগতে পুনেৰ আৰ্মড ফ’ৰ্চেছ মেডিকেল কলেজৰ প্ৰশিক্ষণ কাৰ্যাৱলী বন্ধ কৰি ৰখা হৈছে। ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ৬৫০ গৰাকী চিকিৎসা বিষয়াই পৰিস্থিতি সাপেক্ষে সেৱা আগবঢ়াবলৈ সাজু হৈ আছে বুলিও মন্ত্ৰী সিংক অৱগত কৰা হয়।

ইফালে ভালেসংখ্যক অৱসৰপ্ৰাপ্ত এএমচি বিষয়া আৰু পেৰামেডিকেল কৰ্মচাৰীকো সাজু কৰি ৰখা হৈছে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোককো এএফএমএছ চিকিৎসালয়সমূহত পৰিস্থিতি অনুসৰি মোতায়েন কৰা হ’ব। এই পৰ্যন্ত ৪৩ গৰাকী বিষয়া আৰু ৯৯০ গৰাকী পেৰামেড়িকেল কৰ্মচাৰীয়ে স্বেচ্ছাই সেৱা আগবঢ়াইছে।

কেৱল সেয়াই নহয়, কুৱেইট চৰকাৰক ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ সহায় কৰাৰ উদ্দেশ্যে এটা ১৫ জনীয়া চিকিৎসাকৰ্মীৰ দল এটা পিচিআৰ মেচিন আৰু ডায়েগ্ন’ষ্টিক কিটসহ কুৱেইটলৈ প্ৰেৰণ কৰা হৈছে।

আৰ্মড ফ’ৰ্চেছ মেডিকেল ছাৰ্ভিছে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ শলাগ গৈ উপস্থিত সকলোকে সৰ্বসাধাৰণ ৰাইজক সহায়ৰ বাবে যথাসাধ্য সকলোধৰণৰ পদক্ষেপেই গ্ৰহণ কৰাৰ বাবে তৎপৰ হৈ থকাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰাজনাথ সিঙে।

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/RD



(Release ID: 1615456) Visitor Counter : 232