অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লকডাউনৰ সময়ত ২৪৭ খন লাইফলাইন উড়ান বিমানে সমগ্ৰ দেশতে যোগান ধৰিলে ৪১৮ টন চিকিৎসা সামগ্ৰী

प्रविष्टि तिथि: 16 APR 2020 7:26PM by PIB Guwahati

ক’ভিড-১৯ ক প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰাৰ উদ্দেশ্যেই আৰু ভাৰতৰ বিভিন্ন দুৰ্গম অঞ্চললৈ এই সংকটপূৰ্ণ সময়ত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে লাইফলাইন উড়ান ব্যৱস্থাৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ এক মুখ্য গোট গঠন কৰা হৈছিল। আৰু এই লাইফলাইন সেৱা আৰম্ভ কৰা হৈছিল চলিত বৰ্ষৰে ২৬ মাৰ্চত। আজি অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ মিডিয়া শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰাজীৱ জৈনে। আজিৰ এই সংবাদ মেলতে লকডাউনৰ সময়ছোৱাত এই লাইফলাইন উড়ান সেৱাই কেনেদৰে সেৱা আগবঢ়াইছে সেই সন্দৰ্ভত এক বিস্তৃত আলোকপাত কৰে। তেওঁ কয় যে এই লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু ব্যক্তিগত পৰিবহন সংস্থাসমূহে মুঠ ২৪৭ খন বিমান চলাই আছে। ইয়াৰে ১৫৪ খন বিমান চলাই আছে এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে। এই বিমানসমূহে এই পৰ্যন্ত পৰিবহন কৰোৱা সামগ্ৰীৰ পৰিমাণ ৪১৮ টন। আজিলৈ এই লাইফলাইন উড়ান বিমানসমূহে সামৰি লোৱা দূৰত্ব হৈছে ২.৪৫ লাখ কিলোমিটাৰ।

এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু ব্যক্তিগত পৰিবহন সংস্থাসমূহে চলাই থকা এই বিমানসমূহেৰে বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চল আৰু পাৰ্বত্য এলেকাবোৰত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী উপলব্ধ কৰাই আহিছে। এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰ-পূৱ আৰু অন্যান্য দ্বীপ অঞ্চলত সাহায্য সামগ্ৰী যোগান ধৰি আছে। পৱন হংসকে ধৰি অন্যান্য হেলিকপ্তাৰ সেৱাই জটিল চিকিৎসা কাৰ্গো যোগান ধৰা, ৰোগী অনা নিয়া কৰাৰ দৰে কাম সম্পাদন কৰিছে জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰ-পূৱত।

আন্তঃৰাষ্ট্ৰীয় খণ্ডত, ইতিমধ্যেই বিগত ৪ এপ্ৰিল ২০২০ তাৰিখৰ পৰা এক বায়ু-সেঁতু অৰ্থাৎ এয়াৰ ব্ৰীজ স্থাপন কৰা হৈছে চীনৰ সৈতে, যাতে বিভিন্ন ফাৰ্মাচিউটিকেল, চিকিৎসা সামগ্ৰী আৰু ক’ভিড-১৯ ৰ সাহায্য সামগ্ৰীৰ পৰিবহন সহজসাধ্য হয়। ইফালে দক্ষিণ এছিয়াৰ ভিতৰত এয়াৰ ইণ্ডিয়াই কলম্বোলৈও চিকিৎসা সাহায্য প্ৰেৰণ কৰিছে।

১৩ এপ্ৰিল ২০২০ তাৰিখে এয়াৰ ইণ্ডিয়াই কৃষি উড়ান আঁচনিৰ অধীনত ২৯ টন ফল-মূল আৰু শাক-পাচলি কঢ়িয়াই মুম্বাই আৰু লণ্ডনৰ মাজত চলাচল কৰিছে, লণ্ডনলৈ যাওঁতে ফল-মূল লৈ যোৱাৰ বিপৰীতে উভতি আহোতে ১৫.৬ টন জেনেৰেল কাৰ্গো সামগ্ৰী কঢ়িয়াই আনিছে। এয়াৰ ইণ্ডিয়াই ইয়াৰ দ্বিতীয়খন বিমান এই আঁচনিৰ অধীনত ১৫ এপ্ৰিল ২০২০ তাৰিখে মুম্বাই আৰু ফ্ৰেংকফুৰ্টৰ মাজত চলাচল কৰোৱায়, যাওঁতে ২৭ টন ফল-মূল লৈ যোৱাৰ বিপৰীতে উভতি আহোতে কঢ়িয়াই আনে ১০ টন জেনেৰেল কাৰ্গো।

****

RJ/NG/RD


(रिलीज़ आईडी: 1615317) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English , Urdu , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada