বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

নোভেল ক’ৰোনা ভাইৰাছৰ বাবে অসক্ৰিয় ভাইৰাছ প্ৰতিষেধকৰ ওপৰত গুৰত্ব

प्रविष्टि तिथि: 16 APR 2020 6:45PM by PIB Guwahati

চেন্টাৰ ফৰ চেলুলাৰ এণ্ড মলিক্যূলাৰ বায়লজিৰ (চি চি এম বি)গৱেষকসকলে মৰত্মক নোবেল কৰোনা ভাইৰাছৰ বাবে অসক্ৰিয় ভাইৰাছ প্ৰতিষেধক আৱিষ্কাৰ কৰাৰ ওপৰত গুৰত্ব আৰোপ কৰিছে। অসক্ৰিয় প্ৰতিষেধকবোৰ সুৰক্ষিত আৰু উপাদন কৰিবলৈ সহজ বুলি জনা যায়। এই সময়ত প্ৰতিষেধকেই ভাইৰাছৰ সংক্ৰমণৰ বিস্তৃতি কমোৱাৰ আটাইতকৈ প্ৰভাৱশালী উপায় হব বুলি ভৱা হৈছে। বিশ্বৰ বিভিন্ন সংস্থাই এই প্ৰতিষেধক আৱিষ্কাৰৰ বাবে অহোৰাত্ৰি পৰিশ্ৰম কৰি আছে, তাৰে বিশ্ব স্বাস্থ্য সংস্থাই ৪২ টা সম্ভাৱনীয়তাপূৰ্ণ সংস্থাৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে।

সক্ৰিয় ভাইৰাছ বৃহৎ মাত্ৰাত উৎপাদন কৰা হয় আৰু তাৰ পিছত তাক তাপ বা ৰসায়নযোগে ধ্বংস কৰা হয়। যদিও বিজাণুটো ধ্বংস হয়, বা ইয়াৰ প্ৰজনন ক্ষমতা লুপ্ত হয়, তাৰ বিভিন্ন অংশ থাকি যায়। উদাহৰণস্বৰূপে ই যাৰ সৈতে দেহত সোমাই যায় সেই স্পাইক প্ৰটিনবোৰ বা প্ৰতিৰোধ ব্যৱস্থাই চিনাক্ত কৰা ৰসায়নিক গঠন, অৰ্থা সেই এন্টিজেনবোৰ থাকি যায়। যেতিয়া মৃত মাইক্ৰৱ দিয়া হয়, প্ৰতিৰোধ ব্যৱস্থাই বিজাণুটো ইতিমধ্য ধ্বংস হৈছে বুলি নজনাকৈ তেতিয়াও ৰৈ যোৱা বিশেষ এন্টিজেনৰ বিৰুদ্ধে প্ৰতিৰোধক গঢ়ি তোলে। অসক্ৰিয় পলিঅ প্ৰতিষেধক আৰু ৰেবিজৰ প্ৰতিষেধক এইদৰেই প্ৰস্তুত কৰা হৈছিল।

যেতিয়া বিজাণুটো ধ্বংস হয়, ইয়াৰ প্ৰজনন ক্ষমতা লুপ্ত হয় আৰু কোনো সাধাৰণ অসুখো কৰিব নোৱাৰে গতিকে বৃদ্ধ বা কম প্ৰতিৰোধ ক্ষমতাযুক্ত মানুহৰ দেহতো ইয়াক প্ৰয়োগ কৰা সম্ভৱ।

যদি আমি ভাইৰাছ বৃহৎ মাত্ৰাত পাদন কৰো আৰু তাৰ পিছত তাক ধ্বংস কৰিব পাৰো, তেন্তে তাক আমি মানুহৰ দেহতো প্ৰয়োগ কৰিব পাৰিম। যেতিয়া ভাইৰাছবিধ অসক্ৰিয় অৱস্থাত থাকে মানুহৰ শৰীৰে তাৰ প্ৰটিনক চিনাক্ত কৰি তাৰ বিপৰীতে প্ৰতিৰোধক গঢ়ি তুলিবলৈ আৰম্ভ কৰে। গতিকে সি অসক্ৰিয় ভাইৰাছ প্ৰতিষেধকৰ ৰূপত কাম কৰে”, চি চি এম বিৰ সঞ্চালক ড০ ৰাকেশ মিশ্ৰই ইণ্ডিয়া চায়েন্স ৱায়াৰৰ আগত প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া মনঃপুত হোৱাৰ লগে লগে ঔদ্যোগিক অংশীদাৰসকলৰ হাতত দিয়া হব, তেওঁ লগতে কয়।

এই ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বানমূলক কামটো হৈছে মানৱ শৰীৰৰ বাহিৰত ভাইৰাছ উপাদন কৰা। চি চি এম বিয়ে আফ্ৰিকাৰ সেউজীয়া বান্দৰৰ দেহত কৃত্ৰিমভাৱে এই ভাইৰাছ উপাদন কৰি পৰীক্ষা চলাই আছে। এই ভাইৰাছসমূহ জমা কৰি ধ্বংস কৰা হব আৰু তাৰ ভিত্তিত প্ৰতিষেধক প্ৰস্তুত কৰা হব।  

সঠিক কোষ উপাদন কৰিবপৰা প্ৰযুক্তি আৱিষ্কাৰে কৰোনাৰ ঔষধ প্ৰস্তুতকৰণতো সহায় কৰিব।

ভাইৰাছটোৰে যদি আমি নতুন কোষত সংক্ৰমণ কৰাই চাওঁ, দুদিন পিছত সেই কোষটোৰ ম়ৃত্যু হয় আৰু অসংখ্য নতুন ভাইৰাছ জন্ম হয়। যদি আমি সাম্ভাৱ্য ঔষধ প্ৰয়োগ কৰো, সেই কোষটোৰ ম়ৃত্যু নহয় আৰু যদি ঔষধটো প্ৰভাৱশালী হয়, তেতিয়া অসংখ্য নতুন ভাইৰাছ জন্ম নহয়। এইদৰে এটা ঔষধ এন্টি ভাইৰেল হিচাপে কিমান প্ৰভাৱশালী আমি জানিব পাৰো।

ইয়াৰ উপৰিও চি চি এম বিয়ে পৰীক্ষাৰ বাবে সাম্ভাৱ্য ভাইৰাছ আক্ৰান্তৰ নমুনা সংগ্ৰহ কৰিছে।

****

KGS/(DST-(India Science Wire))/PRK


(रिलीज़ आईडी: 1615284) आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Kannada