প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                
                    
                    
                         প্ৰধানমন্ত্ৰী আৰু ভূটানৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ
                    
                    
                        
                    
                
                
                    Posted On:
                16 APR 2020 7:53PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুটানৰ প্ৰধানমন্ত্ৰী ড. লোটে’ ছিৰিংৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। 
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰতিক ক’ভিড-১৯ সংক্ৰান্তীয় আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু এই ৰোগৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবৰ বাবে দুয়োখন চৰকাৰে নিজ নিজ দেশত গ্ৰহণ কৰা পদক্ষেপ সমূহ সন্দৰ্ভত পৰস্পৰে অৱগত কৰে।
ভুটানত এই ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ভুটানৰ ৰজা আৰু প্ৰধানমন্ত্ৰী ড. ছিৰিঙে যিদৰে সমূখৰ পৰা নেতৃত্ব দিছে, সেই অনবদ্য প্ৰয়াসক প্ৰসংশা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী ড. ছিৰিঙেও আঞ্চলিক পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক’ভিড প্ৰতিৰোধী সহযোগিতাত যিদৰে নেতৃত্ব গ্ৰহণ কৰিছে, তাক ভূয়সী প্ৰসংশা কৰে, আনকি ভাৰতৰ দৰে এক বিশাল ৰাষ্ট্ৰত এই মহামাৰীৰ বিৰুদ্ধে সফলতাৰে যুঁজ কৰি থকাৰ বাবেও প্ৰসংশা কৰে প্ৰধানমন্ত্ৰী মোদীক। 
ছাৰ্ক দেশসমূহৰ নেতাসকলৰ মাজত ১৫ মাৰ্চত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা বিশেষ ব্যৱস্থাসমূহৰ ৰূপায়নৰ ক্ষীপ্ৰতাক লৈ দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ভুটানৰ মাজৰ বিশেষ বন্ধুত্বৰ বিষয়ে দোহাৰি ভুটানৰ প্ৰধানমন্ত্ৰীক আশ্বাস দিয়ে যে মহামাৰীৰ প্ৰভাৱত চুবুৰীয়া দেশখনত হ’ব পৰা স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতে সাম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়াব।
ভুটান সম্ৰাট আৰু ড. ছিৰিংৰ লগতে ভুটানত থকা সকলো বন্ধুৰেই সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
*****
VRRK/KP/RD
                
                
                
                
                
                (Release ID: 1615208)
                Visitor Counter : 292
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam