শক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰোগীৰ চিকিৎসাত ব্যৱহৃত হৈছে পাৱাৰ চিপিএছইউ এনটিপিচিৰ ৪৫খন চিকিৎসালয়/স্বাস্থ্য কেন্দ্ৰ

১৬৮খন আচুতীয়া বিচনা সৃষ্টি কৰা হৈছে; ১২২খন অধিক বিচনা উপলব্ধ কৰোৱাৰ দিশত অগ্ৰসৰ

মহাৰত্ন পিএছইউয়ে ক’ভিড-১৯ৰ মহামাৰীৰ সময়ত পালন কৰিছে সাহায্য বিতৰণ কাৰ্যসূচী

দিল্লী আৰু উৰিষ্যাত পিএছইউটোৱে ৰাজ্য চৰকাৰক দুখন চিকিৎসালয় ক’ভিডক প্ৰতিৰোধ কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ দিছে

Posted On: 16 APR 2020 3:27PM by PIB Guwahati

কেন্দ্ৰীয় শক্তি আৰু নতুন তথা পুনৰ নৱীকৰণ শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙৰ আহ্বানত এনটিপিচি লিমিটেডে ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শক্তি যোগান আৰু ইয়াৰ চিএছআৰ পুঁজিসমূহৰ ব্যৱহাৰৰ জৰিয়তে যুদ্ধত নামি পৰিছে৷

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ এনটিপিচিয়ে ইতিমধ্যে তেওঁলোকৰ ৪৫খন চিকিৎসালয়/স্বাস্থ্য কেন্দ্ৰ আচুতীয়া ব্যৱস্থালৈ পৰিৱৰ্তিত কৰিছে আৰু যথাযোগ্য চিকিৎসক, স্বাস্থ্যকৰ্মী উপলব্ধ কৰোৱাইছে৷ ১৬৮খন আচুতীয়া বিচনা, অক্সিজেন যোগানেৰে সুসজ্বিত চিকিৎসালয়কেইখনত অতিৰিক্তভাৱেও প্ৰয়োজনভিত্তিত ১২২ খন বিচনা প্ৰস্তুত কৰি ৰখা হৈছে৷ তাৰোপৰি দিল্লী আৰু উৰিষ্যাৰ ৰাজ্য চৰকাৰক ক’ভিড পৰিঘটনাসমূহ চম্ভালিবলৈ দুখন চিকিৎসালয় ব্যৱহাৰৰ বাবেও পিএছইউটোৱে প্ৰদান কৰিছে৷

প্ৰয়োজনৰ সময়ত উপযুক্ত স্বাস্থ্যসেৱা সঁজুলিসমূহৰ উপলব্ধতাৰ বাবে প্ৰায় ৩ কোটি টকাৰ বাজেট আৱণ্টিত কৰা হৈছে৷ বৰ্তমানে এনটিপিচিৰ প্ৰকল্প চিকিৎসালয়সমূহত ৭টা ভেণ্টিলেটৰ আছে৷ বিভিন্ন চিকিৎসালয়ৰ বাবে ভেণ্টিলেটৰৰ সৈতে ১৮খন অত্যাধুনিক পৰ্যায়ৰ এম্বুলেন্স, আন ১৮টা ভেণ্টিলেটৰ আৰু ৫২০টা আইআৰ থাৰ্মমিটাৰ ক্ৰয়ৰ বাবে প্ৰস্তুতি চলোৱা হৈছে৷

১২০০টা পিপিই কিট, ১,২০,০০০টা ছাৰ্জিকেল মাস্ক আৰু ৩৩,০০০ত কৈও অধিক গ্ল’ভছ, ৫০০০ এপ্ৰ’ন, ৮০০০ জোতাৰ আৱৰণ আৰু ৫৩৫ লিটাৰ ছেনিটাইজাৰ সকলো প্ৰকল্পস্থান আৰু ষ্টেচনসমূহলৈ প্ৰেৰণ কৰা হৈছে৷

 

যিহেতু এই সময়ত প্ৰতিৰোধাত্মক পদক্ষেপ অতিশয় গুৰুত্বপূৰ্ণ গতিকে এনটিপিচিৰ বিভিন্ন গোটে প্ৰতিৰোধাত্মক আৰু সাহায্যমূলক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই উদ্দেশ্যে আজিৰ তাৰিখ পৰ্যন্ত ৩.৫০ কোটি টকা ব্যয় হৈছে৷

ভাৰত চৰকাৰে উদ্যোগসমূহক চিএছআৰ পুঁজি ব্যয় কৰিবলৈ সুযোগ দিয়াৰ পৰিপ্ৰেক্ষিতত এনটিপিচিয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ক হোৱাকৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ২৫০ কোটি টকা বৰঙণি আগবঢ়াইছে৷ তাৰোপৰি উদ্যোগটোৱে কৰ্মচাৰীৰ দৰমহাৰ পৰা ৭.৫০ কোটি টকাও পিএম কেয়াৰ্ছ পুঁজিলৈ আগবঢ়াইছে৷

 

RCJ/M/MANN



(Release ID: 1615068) Visitor Counter : 233