ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

SSC য়ে পৰীক্ষাৰ সূচী লকডাউনৰ পিছত ঘোষণা কৰিব

এছএছচিৰ সকলো বিষয়া-কৰ্মচাৰীয়ে পিএম কেয়াৰ্ছৰ পুঁজিলৈ আগবঢ়াব এদিনৰ দৰমহা

प्रविष्टि तिथि: 16 APR 2020 12:47PM by PIB Guwahati

ৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে কৰ্মচাৰী বাছনি আয়োগে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে৷

এই উপলক্ষে সামাজিক দুৰত্ব বজাই ৰখাকে ধৰি লকডাউনৰ নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় যে পৰীক্ষাৰ বাবে যিহেতু শিক্ষাৰ্থীসকল দেশৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া হ, সেয়েহে পৰীক্ষাৰ তাৰিখৰ সন্দৰ্ভত সময়ে সময়ে পৰ্যালোচনা কৰা হব৷ সেইহিচাপে পৰৱৰ্তী সময়ত অনুষ্ঠিত হবলগীয়া সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+) পৰ্যায়ৰ পৰীক্ষা(টিয়েৰ-), ২০১৯, কনিষ্ঠ অভিযন্তা (প্ৰশ্নকাকত-) পৰীক্ষা, ২০১৯, ষ্টেনগ্ৰাফাৰ গ্ৰেড চিআৰু ডিপৰীক্ষা, ২০১৯ আৰু সংযুক্ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা, ২০১৮ৰ দক্ষতা পৰীক্ষাৰ সুচী ৩মেলৈকে জাৰি কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পাছতহে ঘোষণা কৰা হব৷

এই পৰীক্ষাসমূহৰ সংশোধিত সুচী আয়োগ তথা আঞ্চলিক আৰু উপ-শাখা কাৰ্যালয়ৰ ৱেবছাইটত জাননী আকাৰে প্ৰকাশ কৰা হব৷ আয়োগে ঘোষণা কৰা পৰীক্ষাৰ বাৰ্ষিক দিনপঞ্জীৰো পৰ্যালোচনা কৰা হব৷

উল্লেখ্য যে কৰ্মচাৰী বাছনি আয়োগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন পুঁজি(পিএম-কেয়াৰ্ছ পুঁজি)লৈ এদিনৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

********

VG/SNC/DB


(रिलीज़ आईडी: 1614985) आगंतुक पटल : 277
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam