বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ আক্ৰান্তৰ অৱস্থা সাধাৰণৰ পৰা গুৰুতৰ হোৱাৰ পূৰ্বানুমান কৰিব পৰা ‘জৈৱিক-সংকেতক’ চিনাক্ত কৰাৰ বাবে অধ্যয়নে সহায় কৰিব চিকিত্সকক
‘জৈৱিক-সংকেতক’ৰ ভিত্তিত ক’ভিড-১৯ আক্ৰান্তৰ অৱস্থাৰ তাৰতম্যতা নিৰ্ণয় কৰাৰ এই প্ৰয়াস নিতান্তই গুৰুত্বপূৰ্ণ হ’ব....যদি এইক্ষেত্ৰত সফল হ’ব পৰা যায়, তেন্তে ই পৰৱৰ্তি পৰ্যায়ৰ ৰোগ-বিশ্লেষণ আৰু ৰোগ-উপশম এই দুয়ো ক্ষেত্ৰৰ কৌশল নিৰ্দ্ধাৰণত সহায়ক হ’ব : ‘ডিএছটি’-ৰ সচিব অধ্যাপক আশুতোষ শৰ্মা
प्रविष्टि तिथि:
15 APR 2020 7:33PM by PIB Guwahati
|
ক’ভিড-১৯ আক্ৰন্ত ৰোগীৰ ‘মেটাব’লমিক অল্টাৰেশ্যন’-ৰ অনুসন্ধানত মুম্বাইৰ কেইখনমান হাস্পটালৰ সহযোগত ব্ৰতী হোৱা ‘আইআইটি. বোম্বে’ৰ এটা অধ্যয়নকাৰী দলক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ৰ অধীনস্থ বিধিগত সংস্থা ‘বিজ্ঞান আৰু আভিযান্ত্ৰিক গৱেষণা পৰিষদ’(এছইআৰবি)।
এই অধ্যয়নে আক্ৰান্তসকলৰ অৱস্থা সাধাৰণৰ পৰা গুৰুতৰ হোৱাৰ পূৰ্বানুমান কৰিব পৰা সাম্ভাব্য ‘জৈৱিক-সংকেতক’ চিনাক্ত কৰাত সহায় কৰিব। এই অধ্যয়নৰ জৰিয়তে বিভিন্ন ধৰণৰ জটিলতাৰ সন্মুখীন হোৱা ৰোগীৰ গোটসমূহৰ ‘মেটাবলাইট প্ৰফাইলিং’-ৰ প্ৰয়াস কৰা হ’ব। ‘মেটাবলাইট’সমূহ হ’ল তেনেই ক্ষুদ্ৰ কিছুমান জীৱণু, যিয়ে সকলো ধৰণৰ জীৱৰ বিভিন্ন সজীৱতা নিয়ন্ত্ৰণ কৰে।
‘আইআইটি, বোম্বে’ৰ অধ্যাপক ড০ সঞ্জীৱ শ্ৰীবাস্তৱে অতিকে উন্নত কলাসুলভ ‘মাছ স্পে’ক্ট্ৰোমেট্ৰী’ ভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰি মুম্বাইৰ ‘যশলোক হাস্পটাল’ৰ সংক্ৰমিত ৰোগ বিভাগৰ সঞ্চালক ড০ ওঁম শ্ৰীবাস্তৱ, ‘টি এন মেডিকেল কলেজ এণ্ড নায়াৰ হাস্পটাল’ৰ ‘মাইক্ৰবায়লজী বিভাগ’ৰ অধ্যাপক ড০ জয়ন্তী এছ শাস্ত্ৰী আৰু ‘কস্তুৰৱা প্ৰতিষ্ঠান’ৰ সংক্ৰমিত ৰোগ বিভাগৰ বিশেষজ্ঞা ড০ মালা বিনোদ কানেৰীয়াৰে জোঁট বান্ধি এই সম্পৰ্কীয় গৱেষণা অব্যাহত ৰাখিছে।
এই সন্দৰ্ভত মন্তব্য কৰি ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, ‘জৈৱিক-সংকেতক’ৰ ভিত্তিত ক’ভিড-১৯ আক্ৰান্তৰ অৱস্থাৰ তাৰতম্যতা নিৰ্ণয় কৰাৰ এই প্ৰয়াস নিতান্তই গুৰুত্বপূৰ্ণ হ’ব....যদি এইক্ষেত্ৰত সফল হ’ব পৰা যায়, তেন্তে ই পৰৱৰ্তি পৰ্যায়ৰ ৰোগ-বিশ্লেষণ আৰু ৰোগ-উপশম এই দুয়ো ক্ষেত্ৰৰ কৌশল নিৰ্দ্ধাৰণত সহায়ক হ’ব।
****
KGS/(DST)/KB
|
(रिलीज़ आईडी: 1614897)
आगंतुक पटल : 176