কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ত পচনশীল কৃষিজাত সামগ্ৰীৰ আন্তঃৰাজ্যিক চলাচলৰ সুবিধা প্ৰদানৰ বাবে সর্বভাৰতীয় কৃষি পৰিবহণ কল চেণ্টাৰ নম্বৰ ১৮০০১৮০৪২০০ আৰু ১৪৪৮৮ মুকলি কৃষি মন্ত্রী নৰেন্দ্ৰ সিং টোমৰ

Posted On: 15 APR 2020 1:28PM by PIB Guwahati

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী নৰেন্দ্ৰ সিং টোমৰে আজি কৃষি ভৱনত আয়োজিত এক অনুষ্ঠানত সর্বভাৰতীয় কৃষি পৰিবহণ কল চেণ্টাৰৰ উদ্বোধন কৰে৷ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত দেশজোৰা লকডাউনৰ সময়ত পচনশীল কৃষিজাত সামগ্ৰীৰ আন্তঃৰাজ্যিক চলাচলত সুবিধা কৰাৰ লক্ষ্যৰে এই কল চেণ্টাৰৰ শুভাৰাম্ভ কৰা হয়৷ কল চেণ্টাৰৰ নম্বৰ দুটা ক্ৰমে-১৮০০১৮০৪২০০ আৰু ১৪৪৮৮৷ দিনটোৰ ২৪ ঘণ্টাই ম’বাইল বা লেণ্ডলাইন ফোনৰ পৰা এই নম্বৰ দুটাত ফোন কৰিব পাৰিব৷

কৃষি আৰু কৃষক কল্যান বিভাগে ফলমূল আৰু শাক-পাচলিকে ধৰি পচনশীল কৃষিজাত সামগ্ৰী আৰু বীজ, সাৰ তথা কীটনাশকৰ দৰে কৃষি-কাৰ্যত ব্যৱহৃত সামগ্রীৰ আন্তঃৰাজ্যিক চলাচলত ৰাজ্যসমূহৰ মাজত সমন্বয় গঢ়ি তোলাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

আন্তঃৰাজ্যিক সামগ্ৰী চলাচলত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত ট্ৰাকচালক তথা সহযোগীসকলক বাদ দিও ব্যৱসায়ী, খুচুৰা বিক্রেতা, পাদক সংগঠন আৰু ইয়াৰ সৈতে জড়িত অন্যান্যসকলে কল চেণ্টাৰৰ এই নম্বৰ দুটাত ফোন কৰিব পাৰিব৷ ফোন পোৱাৰ পাছতে কল চেণ্টাৰৰ কর্মীসকলে সংশ্লিষ্ট ট্ৰাক চালক আৰু যাতায়াতৰ বিৱৰণকে ধৰি সবিশেষ তথ্য সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ বিষয়ালৈ প্ৰেৰণ কৰিব৷

এই কল চেণ্টাৰৰ উদ্বোধনী অনুষ্ঠানত টোমৰৰ লগতে কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী পুৰোষোত্তম ৰূপালা আৰু কৈলাশ চৌধুৰীৰ লগতে কৃষি মন্ত্ৰালয়ৰ সচিব সঞ্জয় আগৰৱালো উপস্থিত থাকে৷লকডাউনৰ সময়ত কৃষি বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ভিতৰত এই কল চেণ্টাৰো অন্যতম হিচাপে বিবেচিত হৈছে৷

***

APS/PK/MS/BA/DB



(Release ID: 1614896) Visitor Counter : 167