উপ-ৰাষ্ট্ৰপতি সচিবালয়

লকডাউনৰ সময়খিনিত কৃষক আৰু কৃষিক্ষেত্ৰক অগ্ৰাধিকাৰ দিয়কঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক উদ্দেশ্যি উপ-ৰাষ্ট্ৰপতিয়ে কয়

কৃষি সামগ্ৰীৰ উৎপাদক আৰু গ্ৰাহকৰ প্ৰয়োজন সুনিশ্চিত কৰক - উপ-ৰাষ্ট্ৰপতি


তেওঁ কৃষকৰপৰা পোনপটীয়াকৈ কৃষি সামগ্ৰী ক্ৰয় কৰাৰ বাবে এ পি এম চি আইন সাল-সলনি কৰাৰ বাবেও পৰামৰ্শ দিয়ে

তেওঁ ৰাজ্য চৰকাৰসমূহক কৃষি সামগ্ৰীৰ পৰিৱহণৰ ক্ষেত্ৰত যাতে ৰাজ্য বা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অসুবিধা নহয় সেই কথা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে


উপ-ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ লগত লকডাউনৰ সময়খিনিত কৃষকসকলে সন্মূখীন হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰে

উপ-ৰাষ্ট্ৰপতিক কৃষি মন্ত্ৰীয়ে কৃষকৰ সাহাৰ্যাৰ্থে চৰকাৰে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়ে জানিবলৈ দিয়ে

Posted On: 15 APR 2020 5:53PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক লকডাউনৰ সময়খিনিত কৃষক আৰু কৃষিক্ষেত্ৰক অগ্ৰাধিকাৰ দি কৃষি সামগ্ৰীৰ পৰিৱহণৰ ক্ষেত্ৰত যাতে ৰাজ্য বা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অসুবিধা নহয় সেই কথা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ লগত আজি উপ-ৰাষ্ট্ৰপতি ভৱনত মিলিত হয় আৰু লকডাউনৰ সময়খিনিত কৃষকসকলে সন্মূখীন হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰে। তেওঁ কৃষি সামগ্ৰীৰ উপাদক আৰু গ্ৰাহকৰ প্ৰয়োজন সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

“কৃষি সামগ্ৰীৰ উপাদকসকল সংগঠিত নহয় আৰু সেয়ে প্ৰায়ে তেওঁলোকৰ সমস্যাসমূহ গম নোপোৱাকৈ থাকি যায়। গতিকে তেওঁলোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ কৰ্তব্য”, শ্ৰী এম ভেংকয়া নাইডুৱে কয়। তেওঁ লগতে কয় যে, যদিও এইটো প্ৰধানতঃ ৰাজ্য চৰকাৰ দায়িত্ব, কেন্দ্ৰ চৰকাৰেও তাত দিহা-পৰামৰ্শ দিয়া উচিত।

ফল, শাক-পাচলি আদি সতেজ কৃষি সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই সামগ্ৰীসমূহ সংৰক্ষণ আৰু বিপণনৰ বাবে বিশেষ ব্যৱস্থা লোৱা উচিত। তেওঁ কৃষকৰপৰা পোনপটীয়াকৈ কৃষি সামগ্ৰী ক্ৰয় কৰাৰ বাবে এ পি এম চি আইন সাল-সলনি কৰাৰ বাবেও পৰামৰ্শ দিয়ে।

উপ-ৰাষ্ট্ৰপতিক কৃষি মন্ত্ৰীয়ে কৃষকৰ সাহাৰ্যাৰ্থে চৰকাৰে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়ে জানিবলৈ দিয়ে। শ্ৰী তোমাৰে কয় যে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ লগত সহযোগিতা বৰ্তাই ৰাখি কাম কৰি আছে।

****

VRRK/MS/MSY/RK/PRK



(Release ID: 1614892) Visitor Counter : 127